মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি

71
মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি
ভাৰতবৰ্ষৰ ধৰ্ম , সভ্যতা , সংস্কৃতি , আধ্যাত্মিকতা , পুণ্যভূমিৰে ভৰি থকা ভাৰতবৰ্ষক লৈ আমি গৌৰৱ কৰোঃ অৱসৰপ্ৰাপ্ত অধ্যাপক নাৰায়ণ শইকীয়া

অৰ্জুনৰ দৰে লক্ষ্য স্থিৰ কৰি ছাত্ৰ-ছাত্ৰী সকলে পঢ়া শুনা কৰি নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাঃ বিশিষ্ট শিক্ষাবিদ পুনাৰাম নাথ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১০ ফেব্ৰুৱাৰী : ভাৰতবৰ্ষত ঋষিমুনি সকলে ৰচনা কৰি থৈ যোৱা বেদ, উপনিষদকে ধৰি বিভিন্ন শাস্ত্ৰসমূহত সমগ্ৰ ভাৰতবৰ্ষ সোমাই আছিল । ভাৰতবৰ্ষৰ ধৰ্ম , সভ্যতা , সংস্কৃতি , আধ্যাত্মিকতা , পুণ্যভূমিৰে ভৰি থকা ভাৰতবৰ্ষক লৈ আমি গৌৰৱ কৰো । তেনে এখন দেশৰ সভ্যতা আৰু সংস্কৃতি কিমান পুৰণি সেইসমূহৰ অনুসন্ধান আমাক ব্ৰিটিছে শিকাই থৈ গৈছে—- আজি মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠা দিৱসৰ সভাত এই মন্তব্য আগবঢ়ায় মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নাৰায়ণ শইকীয়াই । মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক নাৰায়ণ শইকীয়াই কয় যে- ব্ৰিটিছৰ নতুন শাসন ব্যৱস্থা , শিক্ষা নীতিয়ে ভাৰতবৰ্ষ খনত এটা নতুন কথা শিকালে । সেয়া হ’ল সমগ্ৰ ভাৰতবৰ্ষৰ মানুহ এক হ’ব লাগে।জাতীয়তাবাদ সকলোৱে মনত গঢ়ি উঠিব লাগে বুলি অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে মন্তব্য প্ৰকাশ কৰাৰ উপৰিও তেখেতে পুনৰ কয় যে- সনাতন সংস্কৃতিৰে হ’ল ভাৰতীয় সংস্কৃতি । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে পণ্ডিত অসমত জন্ম গ্ৰহণ কৰাত অসমীয়া আজিও চহকী হৈ আছে বুলি অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে মন্তব্য আগবঢ়ায় । শিক্ষা উপ-সমিতিৰ আহ্বায়ক জিতু কুমাৰ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত প্ৰাক্তন প্ৰধান আচাৰ্য তথা বিশিষ্ট শিক্ষাবিদ পুনাৰাম নাথক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।নিকেতন পৰিচালনা সমিতিৰ সম্পাদক অতনু শৰ্মাই উদ্বোধনী ভাষণ প্ৰদান কৰা মুকলি সভাত বিশেষ সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ পুনাৰাম নাথে ছাত্ৰ- ছাত্ৰী সকলক উদ্দেশ্যি তেওঁ ভাষণত কয় যে- তোমালোকে অৰ্জুন হ’বলৈ শিকা । কিয়নো , অৰ্জুনৰ লক্ষ্য স্থিৰ আছিল । জীৱনত লক্ষ্য স্থিৰ কৰি পঢ়া শুনা কৰি যোৱা । তেতিয়া তোমালোকে জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ’বা । জন্মদাত্ৰী মাতৃ‌ আৰু দেশমাতৃক সদায় সন্মান কৰিলেহে ছাত্ৰ- ছাত্ৰী হিচাপে তোমালোকৰ ভবিষ্যত সাৰ্থক হ’ব । ছাত্ৰ- ছাত্ৰী সকলে পঢ়া শুনাৰ লগতে সামাজিক , সংস্কৃতিৰ দিশত আগবাঢ়ি একোজনকৈ দেশৰ সম্পদ হিচাপে প্ৰতিষ্ঠা হ’বলৈ চেষ্টা কৰি যোৱা বুলি বিশিষ্ট শিক্ষাবিদ তথা পণ্ডিত পুনাৰাম নাথে মন্তব্য প্ৰকাশ কৰে । নিকেতনৰ আচাৰ্য লক্ষী প্ৰসাদ শৰ্মাই আঁতধৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত জ্যেষ্ঠ আচাৰ্য ৰাজীৱ বৰা , নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক নিতেন তামুলী , কোষাধ্যক্ষ বলেন দাস , সদস্য ক্ৰমে ৰূপা বৰা , জিতেন বিশ্বাস উপস্থিত থাকে । ইফালে , আজি পুৱা ভাগৰ পৰা অনুষ্ঠিত হোৱা মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত পুৱা ৯:৩০ বজাত নিকেতন পৰিচালনা সমিতিৰ উপ-সভাপতি লক্ষেশ্বৰ বৰদলৈয়ে পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভণি কৰে । ৯:৪৫ বজাত স্মৃতি তৰ্পণ কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক অতনু শৰ্মাই । তাৰ পিছতেই বন্তি প্ৰজ্বলন কৰে শংকৰদেৱ বিদ্যা নিকেতন প্ৰধান আচাৰ্য্যা দীপশিখা বৰাই । ইপিনে , সন্ধিয়া ভাগত নিকেতনৰ উপ-প্ৰধান আচাৰ্য বলেন হাজৰিকা আৰু আচাৰ্য প্ৰতিনিধি মিন্টু বৰাই বন্তি প্ৰজ্বলনৰে এদিনীয়া কৈ অনুষ্ঠিত হোৱা ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটিৰ সফল সামৰণি ঘটায় ।
Total Page Visits: 14 - Today Page Visits: 3