মৰিগাঁৱত আৰ জি ভি এনৰ উদ্যোগত ৬০০ গৰাকী সুখী বাইদেউক প্ৰমাণ পত্ৰ বিতৰণ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও ,২৮ জানুৱাৰী : মৰিগাওঁ গান্ধী ভৱনত আজি আৰ জি ভি এনৰ উদ্যোগত অসমৰ চাৰিখন জিলাৰ ৬০০ গৰাকীকৈ সুখী বাইদেউক প্ৰমাণ পত্ৰ বিতৰণ কৰে।উল্লেখ্য যে,২০১২ চনৰ পৰা আৰম্ভ হোৱা “মই প্ৰগতি আচঁনি* অধীনত মৰিগাওঁ জিলাত এশ গৰাকী সুখী বাইদেউ নামৰ বিত্তীয় পৰামৰ্খদাতা হিচাপে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । গাম্য অঞ্চলৰ মহিলা সকলক বিভিন্ন আচঁনি তথা দৈনন্দিন জীৱনত বিত্তীয় লেন দেন নিয়াৰিকৈ কৰিব পৰাকৈ তেওঁলোকক পৰামৰ্খ দিবৰ বাবে আৰ জি ভি এনে এক প্ৰচেষ্টা হাতত লৈছে । বৰ্তমান ডিজিটেল যুগত নিজৰ মবাইলৰ যোগেদি বিত্তীয় লেন দেন তথা বিভিন্ন আচঁনিৰ সুবিধা যাতে ঘৰতে কৰিব পাৰে , সেই উদ্দেশ্যে এই সকল সুখী বাইদেউক নিযুক্তি দিয়া হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে । এই অনুষ্ঠানত উপস্থিত থাকে আৰ জি ভি এনৰ কাৰ্যকৰী সঞ্চালক ডঃ অমিয় কুমাৰ শৰ্মা আচঁনি পৰিচালক সংযুক্তা কাশ্যপ সভাপতি পনৱ দাসৰ লগতে বহু কেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
মৰিগাঁৱত আৰ জি ভি এনৰ উদ্যোগত ৬০০ গৰাকী সুখী বাইদেউক প্ৰমাণ পত্ৰ বিতৰণ
Total Page Visits: 15 - Today Page Visits: 1