মৰিগাঁৱত বিজেপি চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল গণ সমাৱেশ ভাৰতীয় জনতা পাৰ্টী নামৰ দলটোৰ এতিয়া নাম হৈছে ভাৰতীয় চিণ্ডিকেট পাৰ্টিঃ জিতেন্দ্ৰ সিং

53

মৰিগাঁৱত বিজেপি চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল গণ সমাৱেশ
ভাৰতীয় জনতা পাৰ্টী নামৰ দলটোৰ এতিয়া নাম হৈছে ভাৰতীয় চিণ্ডিকেট পাৰ্টিঃ জিতেন্দ্ৰ সিং
কংগ্ৰেছ চৰকাৰ আহিলে অসমত আকৌ শংকৰ আজানৰ আদৰ্শে এখন সোণৰ অসম গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি সভাপতি ৰিপুন বৰাৰ
কংগ্ৰেছৰ কালিমা সনা নেতাক বিজেপিয়ে বুকুৰ মাজত সোমোৱাই লৈছেঃ প্ৰদ্যুত বৰদলৈ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও,৩০ জানুৱাৰী : বিজেপি চৰকাৰে জাতি ধৰ্মৰ নামত ৰাজনীতি কৰিছে।অসমত এতিয়া বিজেপিয়ে ভোট কিনিবলৈ আৰম্ভ কৰিছে । কিন্তু অসমৰ জনসাধাৰণে ভোট বিক্ৰী নকৰে । ভাৰতীয় জনতা পাৰ্টী নামৰ দলটোৰ এতিয়া নাম হৈছে ভাৰতীয় চিণ্ডিকেট পাৰ্টি— মৰিগাঁৱত আজি এই মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে । মৰিগাঁও নগৰৰ বিহুতলিত জিলা কংগ্ৰেছে আয়োজন কৰা “বিজেপি চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ”ত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে অংশ গ্ৰহণ কৰি কয় যে-বিজেপিয়ে অসমৰ উন্নয়নত কৈ এতিয়া সকলোতে চিণ্ডিকেট ৰাজ চলাই আহিছে । কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ সকলো শ্ৰেণীলৈকে সমানে উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰিছিল । সকলোকে সমানে সম অধিকাৰ প্ৰদান কৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত । কিন্তু বিজেপি চৰকাৰে চিণ্ডিকেটৰ জৰিয়তে দুৰ্নীতিক হে অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি আজি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে মন্তব্য প্ৰকাশ কৰাৰ উপৰিও তেখেতে পুনৰ কয় যে-অসমৰ ৰাইজে বিজেপিৰ প্ৰতাৰণাৰ বিষয়ে এতিয়া জানিব পাৰিছে । কংগ্ৰেছ চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰে সেইটো ৰাইজে বুজি উঠিছে । কংগ্ৰেছ চৰকাৰৰ দিনত উন্নয়ন চুকে কুণে থকা দুখীয়া মানুহৰ মাজলৈ যাব পাৰিছিল । বিজেপি অকল চিণ্ডিকেট পাৰ্টি বুলি আজি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে গণসমাৱেশত অংশ গ্ৰহণ এই মন্তব্য প্ৰকাশ কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই গণ সমাবেশত অংশ গ্ৰহণ কৰি তেখেতৰ ভাষণত কয় যে-২০২১ ত কংগ্ৰেছ দলৰ চৰকাৰ হ’লে অসমৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম । অসমৰ মহিলা সকলে মাইক্ৰ’ফাইনেন্সৰ লোন লৈ খেতি কৰি কৰিছিল যদিও বানপানীত খেতি নষ্ট হোৱাত বা দেশত হোৱা লক’ডাউনৰ ফলত ঘৰৰ গৰু,ছাগলী বিক্ৰী কৰি কিছুসংখ্যক ৰাইজে লোন পৰিশোধ কৰিছে যদিও বহুতেই লোন পৰিশোধ কৰিব পৰা নাই,সেইসকল কৃষকক কংগ্ৰেছ চৰকাৰ আহিলে লোন মাফ কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে । লগতে সভাপতি বৰাই কয় যে-বিজেপি চৰকাৰে অৰুণোদয় আঁচনিৰ নামত বিজেপিৰ নেতা পালিনেতাৰ পৰিয়ালৰ লোকে হে লাভ কৰিবলৈ সক্ষম হৈছে । সৰ্বসাধাৰণ ৰাইজৰ বাবে এই আচঁনি দিয়া নাই । কংগ্ৰেছ চৰকাৰ অসমত আহিলে দৰিদ্ৰ লোকসকলক ১২০ ইউনিটলৈ বিজুলী বিল মাফ কৰি দিয়াৰ কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰে কৰিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মন্তব্য আগবঢ়োৱাৰ উপৰিও তেওঁ পুনৰ কয় যে-বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰি শংকৰ আজানৰ সম্প্ৰিতিৰ এনাজৰীত বিভেদ আনিছে । কংগ্ৰেছ চৰকাৰ আহিলে অসমত আকৌ শংকৰ আজানৰ আদৰ্শে এখন সোণৰ অসম গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সভাপতি ৰিপুন বৰাই । উক্ত গণ সমাবেশত নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অংশ গ্ৰহণ কৰি ভাষণত কয় যে-কংগ্ৰেছে ৭০ বছৰৰ ধৰি দেশৰ সম্প্ৰতি সংৰক্ষণ কৰিলে , কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা এটাকৈ জুৱা খেলাৰ দৰে বিক্ৰী কৰি আহিছে । কংগ্ৰেছে ৭০ বছৰ ধৰি গঢ়া সম্পদ বিজেপিয়ে বিক্ৰী কৰি কংগ্ৰেছক বিজেপিয়ে প্ৰশ্ন কৰে যে-কংগ্ৰেছে ৭০ বছৰত কি কৰিলে । বিজেপি দলৰ চৰকাৰ হলে কংগ্ৰেছৰ দূৰ্নীতিগ্ৰস্থ নেতাৰ বিৰুদ্ধে কঠোৰ হ’ব বুলি কৈ চৰকাৰ গঠন কৰাৰ পিছত কংগ্ৰেছৰ কালিমা সনা নেতাক বিজেপিয়ে বুকুৰ মাজত সোমোৱাই লৈছে । দুৰ্ণীতিৰ সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে এনেকুৱা পৰ্যায় পাইছে গৈ যে চাৰিওফালে দুৰ্ণীতিৰ প্ৰয়োভৰে জনসাধাৰণক কেকুঁৰা চেপা দি চেপিছে । বিটিএডি আৰু তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে চিণ্ডিকেটৰ ধনেৰে কংগ্ৰেছ দলৰ ওপৰত অত্যাচাৰ চলাইছিল । অসমত হোৱা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰ খনেই দায়ী বুলি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য আগবঢ়োৱাৰ লগতে তেওঁ পুনৰ কয় যে-বিজেপি চৰকাৰে মধ্য অসমৰ বানপানী,গড়াখহনীয়া সমস্যাৰ ওপৰত কোনো কান মন নাই বুলি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য আগবঢ়ায় । জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোৱঁৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গণ সমাৱেশত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন,প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা: নজৰুল ইছলাম,মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা,অসম প্ৰদেশ কংগ্ৰেছৰ জনজাতি কোষৰ অধ্যক্ষ ৰমেশ বৰদলৈয়ে ভাষণ প্ৰদান কৰে।জনপ্ৰিয় গায়ক তথা কংগ্ৰেছ নেতা বাবু বৰুৱাই’এজিপি বিজেপি তা তা বাই বাই’ নিৰ্বাচনী গীতেৰে কংগ্ৰেছ কৰ্মী সকলক উৎসাহ যোগায় । জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ শশীমোহন বিশ্বাসে আতঁ ধৰা উক্ত গণসমাৱেশত ৰাজ্যিক তথা জিলা কংগ্ৰেছৰ নেতা-কৰ্মীৰ উপৰিও কেইবা সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে ।

জিতেন্দ্ৰ সিঙৰ উপস্থিততে দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত খন্দযুদ্ধ
অসমত কংগ্ৰেছ দলৰ অন্তঃকন্দল যেন শেষ নহ’বই তাৰ পুনৰ প্ৰমাণ পোৱা গ’ল আজি মৰিগাঁৱত জিলা কংগ্ৰেছৰ উদ্যোগত বিজেপিৰ মিঠ্যাচাৰ উন্মোচন কৰাৰ বাবে সদৰ বিহুতলীত আয়োজন কৰা গণ সমাবেশত লাহৰীঘাট সমষ্টিৰ দুই প্ৰাৰ্থিত্ব প্ৰত্যাশী বৰ্তমানৰ বিধায়ক ডাঃনজৰুল ইছলাম আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনৰ মাজত সৃষ্টি হোৱা খণ্ডযুদ্ধৰ পৰাই। উল্লেখ্য যে , এই গণ সমাবেশত অংশগ্ৰহণ কৰিবলৈ মৰিগাঁৱত আহি উপস্থিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ,নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰমুখ্যে কংগ্ৰেছ নেতা সকল। সভা খনৰ পূৰ্বে এই নেতা সকল আহি উপস্থিত হৈছিল মৰিগাঁও আবৰ্ত ভৱনত। ইয়াৰ মাজতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ নজৰুল ইছলাম আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ইমদাদ হুছেইনৰ মাজত সৃষ্টি হয় প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বহিঃপ্ৰকাশ ।ডাঃ নজৰুল ইছলামৰ একাংশ সমৰ্থকে অভিযোগ কৰা অনুসৰি ইমদাদ হুছেইনে ইচ্ছাকৃত ভাৱে বিধায়ক ডাঃ নজৰুল ইছলামক ঠেলা মাৰি পেলাই দিয়ে। যাৰ ফলত বিধায়ক গৰাকীৰ সমৰ্থক সকলে ইমদাদ হুছেইনক আগছি ধৰি ঠেলা-গতা কৰে। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰে যদিও উক্ত স্থানত উপস্থিত থকা জিলা কংগ্ৰেছৰ মুখপাত্ৰ ৰাজীৱ নাথে হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য,ইমদাদ হুছেইনে লাহৰীঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ বাবে কুছ কাৱাজ আৰম্ভ কৰাৰ পিছৰে পৰা দুই নেতাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত তলে তলে শীতল যুদ্ধ চলি আছিল যদিও আজি এই কথা ৰাজহুৱা হৈ পৰে। কংগ্ৰেছৰ দুই নেতাৰ মাজত সৃষ্টি হোৱা খণ্ডযুদ্ধৰ ফলত স্থানীয় কংগ্ৰেছ নেতা সকল তীব্ৰ অস্বস্তিত পৰা দেখা যায়। অৱশ্যে ইমদাদ হুছেইনে তেওঁ বিধায়ক ইছলামক কোনো ধৰণে অপমান কৰা নাই বুলি দাবী কৰিছে ।

Total Page Visits: 16 - Today Page Visits: 1