মৰিগাঁৱত মানৱ দৰদী সু-লেখিকা শিখা শইকীয়াৰ স্মাৰক গ্ৰন্থ উন্মোচন , এগৰাকী প্ৰগতিশীল চিন্তা চেতনাৰে সমৃদ্ধ নাৰী শিখা শইকীয়া সমাজৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিবঃ ড০ নন্দ সিং বৰকলা

37

মৰিগাঁৱত মানৱ দৰদী সু-লেখিকা শিখা শইকীয়াৰ স্মাৰক গ্ৰন্থ উন্মোচন , এগৰাকী প্ৰগতিশীল চিন্তা চেতনাৰে সমৃদ্ধ নাৰী শিখা শইকীয়া সমাজৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিবঃ ড০ নন্দ সিং বৰকলা
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও,৬ ফেব্ৰুৱাৰী: মানৱ দৰদী বহুমুখী প্ৰতিভা সম্পন্ন মহিলা আছিল প্ৰয়াত শিখা শইকীয়া হাজৰিকা।বাঁওপন্থী আদৰ্শৰে অনুপ্ৰাণিত শিখা শইকীয়া হাজৰিকাই সমাজ খনৰ বাবে নিজক জড়িত কৰি আহিছিল । এগৰাকী প্ৰগতিশীল চিন্তা চেতনাৰে সমৃদ্ধ নাৰী সমাজৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব-এই মন্তব্য প্ৰকাশ কৰে মৰিগাঁও আৰক্ষী অধীক্ষক তথা সু-লেখক,কবি ড০ নন্দ সিং বৰকলাই । মানৱ দৰদী,সু-লেখিকা তথা মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শিখা শইকীয়া হাজৰিকাৰ স্মৃতিত “জ্যোতিশিখা” নামৰ এখন সোঁৱৰণী গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কালি বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাই ভাষণত পুনৰ কয় যে- অতি সৰল আৰু সমাজপ্ৰিয় গৰিমাৰে চহকী এগৰাকী সৰস সাহিত্যপ্ৰেমী আছিল শিখা শইকীয়া হাজৰিকা। তেখেতৰ আদৰ্শ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হ’ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে আশা প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গই লোৱা প্ৰচেষ্টাক আদৰণি জনায়। গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা,মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুুল কুমাৰ নাথ আৰু বৰদোৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা,মৰিগাঁও বালিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মনিকা শইকীয়াই প্ৰয়াত শিখা শইকীয়া হাজৰিকাৰ কৰ্মজীৱনৰ ওপৰত বিস্তৃত ভাৱে ভাষণ প্ৰদান কৰে । উল্লেখ্য যে- এমাহ পূৰ্বে অকাল মৃত্যুক সাৱতি লোৱা মৰিগাঁৱৰ সৰবৰহী মানৱ দৰদী লেখিকা প্ৰয়াত শিখা শইকীয়াৰ এমহীয়া মৃত্যু তিথিৰ লগত সংগতি ৰাখি প্ৰয়াত শিখা শইকীয়াৰ পৰিয়াল বৰ্গৰ সহযোগত শিখা শইকীয়া সোঁৱৰণী গ্ৰন্থ সম্পাদনা সমিতিয়ে কালি আয়োজন কৰে প্ৰয়াত শিখা শইকীয়াৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন আৰু স্মৃতি চাৰণ অনুষ্ঠান । উক্ত অনুষ্ঠানত প্ৰথমেই প্ৰয়াত শিখা শইকীয়া হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পুত্ৰ সৌৰভ হাজৰিকা আৰু পৰিয়াল বৰ্গই । শিশুশিল্পী ৰাজ ডেকাৰ বৰগীত পৰিৱেশ আৰু প্ৰদীপ পৰাশৰৰ মঙ্গলা চৰণেৰে শুভাৰম্ভ হোৱা স্মৃতিচাৰণ সভাখনত জেষ্ঠ সাংবাদিক অজিত শৰ্মা আৰু জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই সম্পাদনা কৰা প্ৰয়াত শিখা শইকীয়া সোঁৱৰণী গ্ৰন্থ “জ্যোতিশিখা” উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমনি গোস্বামীয়ে । গ্ৰন্থ উন্মোচন কৰি গোস্বামীয়ে প্ৰয়াত শিখা শইকীয়া হাজৰিকাৰ কৰ্মময় জীৱন সন্দৰ্ভত বহল ভাবে আলোকপাত কৰে । গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই আঁত ধৰা সভাখনত পৰিয়াল বৰ্গৰ হৈ প্ৰয়াত শিখা শইকীয়া হাজৰিকাৰ স্বামী তথা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই বক্তব্যত কয় যে-প্ৰয়াত শিখা শইকীয়া হাজৰিকাৰ দৰে নাৰীক সহযোগী বা সহযাত্ৰী হিচাপে জীৱনত পোৱা সকলো পুৰুষৰ ভাগ্যত নাথাকে । দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ পৰা মৃত্যুৰ আগমূহুৰ্তলৈকে সুদীৰ্ঘ ৩২ টাকৈ বছৰ তেওঁ মোক সহযোগীতা আগবঢ়ায় আহিছে । গোটেই জীৱনটো তেওঁ মোক কেতিয়াও একো অভিযোগ নকৰিলে বুলি প্ৰয়াত শিখা শইকীয়া হাজৰিকা স্বামী তথা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই বক্তব্যত উল্লেখ কৰে । ইফালে,প্ৰয়াত শিখা শইকীয়া হাজৰিকাৰ প্ৰথম মাহেকীয়া মৃত্যুতিথিত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচন আৰু স্মৃতিচাৰণ সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ শইকীয়া , সমাজকৰ্মী চেনিৰাম ডেকা,মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱেশ্বৰ গোস্বামীকে ধৰি বহু কেইজন বিশিষ্ট কবি,লেখক, সমাজকৰ্মীৰ লগতে বহুকেইটা দল সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে ।

Total Page Visits: 12 - Today Page Visits: 3