মৰিগাঁৱত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন

55
মৰিগাঁৱত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২০ জানুৱাৰী:মৰিগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত আজি ৰাতিপুৱা ৯ বজাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন উপলক্ষে এখন সভাৰ আয়োজন কৰা হয়।জিলা পৰিবহন বিষয়া বাপন কলিতাই আঁত ধৰা এই ৩২ সংখ্যক ৰাষ্ট্ৰীয় পৰিবহন মাহ পালন অনুষ্ঠানৰ আৰম্ভণিতে বিষয়া গৰাকীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে ভাৰতত প্ৰতি দিনে পথ দুৰ্ঘটনাত লাখ লাখ মানুহৰ মৃত্যু ঘটে। প্ৰতি দিনে ঘটি থকা দুৰ্ঘটনা সমূহ ৰোধ কৰিবৰ বাবে চৰকাৰে বিভিন্ন নিয়মাৱলী প্ৰস্তুত কৰে। সেই নিয়মাৱলীৰ বিষয়ে অৱগত নোহোৱাৰ বাবে গাড়ী চালক সকলে দুৰ্ঘটনা সংঘটিত কৰে। এই নিয়মাৱলীৰ বিষয়ে সজাগতা আনিবৰ বাবে প্ৰতি বছৰে এই মাহটোত পথ সুৰক্ষা মাহ হিচাপে পালন কৰি অহা হৈছে। পূৰ্বতে সপ্তাহ জোৰা হিচাপে পালন কৰি অহা হৈছিল। কিন্তু এই বছৰৰ পৰা মাহ জোৰা হিচাপে পালন কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়া বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে , ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী তাৰিখলৈ এই পথ সুৰক্ষা মাহ হিচাপে পালন কৰা হব। আজিৰ এই কাৰ্যসূচীত তিৱা স্বায়ত্ত পৰিষদৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাঁহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰে মুখ্য অতিথিৰ আসনৰ পৰা ভাষণ ৰাখি উদীয়মান নৱ প্ৰজন্মক উদ্দেশ্যি যান-বাহন চলোৱাৰ ক্ষেত্ৰত অধিক সজাগ হবলৈ আহ্বান জনায়। বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি আৰক্ষী অধীক্ষক ড. নন্দ সিং বৰকলাই নিজৰ কৰ্ম জীৱনত পোৱা পথ দুৰ্ঘটনাৰ মৰ্মান্তিক ঘটনা ৰাজিৰ ওপৰত বিস্তৃত বিৱৰণ দাঙি ধৰে আৰু পৰিবহন আইনৰ বিষয়ে সবিস্তাৰে বাখ্যা কৰে। এই সভাত বিশিষ্ট ব্যক্তি হিচাপে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই তত্বগধুৰ ভাষণ প্ৰদান কৰে। আজিৰ সভাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা সকলেও অংশ গ্ৰহণ কৰে।আনহাতে , এই কাৰ্যসূচীৰ পিছত বাটৰ নাট প্ৰদৰ্শন কৰা হয় । তাৰ পিছত পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাত বিষয়া কৰ্মচাৰীৰ লগতে শংকৰ-মাধৱ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্কাউট আৰু এন চি চিৰ দলেও অংশ গ্ৰহণ কৰে।
Total Page Visits: 20 - Today Page Visits: 2