যোৰহটৰ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

3
233
যোৰহটৰ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল
ষ্টাফ ৰিপʼৰ্টাৰ , গুৱাহাটী , ১৫ অক্টোৱৰ : ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কল্যাণ সাধনৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাটৰ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান প্ৰাঙ্গণত ‘Mission Assam QualiTEA’ৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে । এই কেন্দ্ৰটোৱে আধুনিক তথা বিজ্ঞান সন্মত পদ্ধতিৰে মানসম্পন্ন চাহ উৎপাদনৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰশিক্ষণ প্ৰদান কৰিব । মুখ্যমন্ত্ৰীয়ে আজি অনুষ্ঠানত এই সংক্ৰান্তীয় বিভিন্ন বিজ্ঞানসন্মত পদ্ধতিৰ বুজ লয় আৰু ৰাজ্যৰ কেইবাগৰাকীও ক্ষুদ্ৰ চাহ খেতিয়কক আনুষ্ঠানিকভাৱে মাটিৰ পট্টা প্ৰদান কৰে । অত্যাধুনিক এই কেন্দ্ৰটোৱে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক যথেষ্ট উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে আৰু ইয়াৰ সুযোগ-সুবিধা গ্ৰহণ কৰি আধুনিক দৃষ্টিভংগীৰে চাহ উৎপাদনত মনোনিবেশ কৰিবলৈ তেওঁলোকক আহ্বান জনায় । অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী , অসম বিধানসভাৰ অধ্যক্ষ শ্ৰী হিতেন্দ্ৰ নাথ গোস্বামী , অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু শ্ৰী যোগেন মহন , সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

3 COMMENTS

  1. Hello there! This post could not be written any better! Reading this post reminds me of my previous room mate! He always kept talking about this. I will forward this post to him. Fairly certain he will have a good read. Thanks for sharing!

LEAVE A REPLY

Please enter your comment!
Please enter your name here