যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ নবাগতক আদৰণি আৰু অভিনন্দন অনুষ্ঠান

30

যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ নবাগতক আদৰণি আৰু অভিনন্দন অনুষ্ঠান
দুৰ্নীতিৰ দৰ্পণ সেৱা , যোৰহাটৰ পৰা জগত নেওগৰ প্ৰতিবেদনঃ আজি যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় নবাগতা আদৰণি আৰু অভিনন্দন অনুষ্ঠান । উক্ত অনুষ্ঠানটিত সভা পৰিচালনা কৰে মহাবিদ্যালয়ৰ উপাধ্যাক্ষ ড০ উত্তৰা ফুকনে । নবাগত ছাত্ৰী সকলক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা আৰু সদ্য ঘোষিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ বি.এ. ষষ্ঠ বাৰ্ষিকৰ পৰীক্ষাত অৰ্থনীতি বিভাগত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে পঞ্চম বাৰ্ষিকৰ ছাত্ৰী নিউমন কাশ্যপৰ উদ্দেশ্যে বাখ্যাত প্ৰকাশ পায় যে অনুষ্ঠানটিৰ ১ম কাৰ্যসূচী হিচাপে প্ৰথম বাৰ্ষিকৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে উপহাৰ দিয়া হয় । নবাগতা ছাত্ৰীসকলৰ মাজত প্ৰতিভা সন্ধানী প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাত ছাত্ৰী জোনাকিমন শইকীয়াই সামাজিক মাধ্যমত জনপ্রিয় হোৱা অসমৰ উদীয়মান জনপ্ৰিয় দিম্প’উছ ব্লকৰ এডমীন দিমপুৰ অভিনয় কৰি নবাগতা সকলৰ মাজত
প্ৰথম পুৰস্কাৰটি অর্জন কৰে । প্ৰথম বাৰ্ষিকৰ ছাত্ৰীসকলে দলীয় বিহু নৃত্য পৰিবেশন কৰাৰ লগতে তৃতীয় আৰু পঞ্চম বাৰ্ষিকৰ ছাত্ৰী সকলে কবিতা আবৃত্তি,আধুনিক গীত আৰু নৃত্য পৰিবেশ কৰি অনুষ্ঠানটি আকৰ্ষণীয় কৰি আমোদ দিছিল সকলোকে । সদ্য ঘোষিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ বি.এ. ষষ্ঠ বাৰ্ষিক ৰ পৰীক্ষাত অৰ্থনীতি বিভাগত সফলতাৰে উত্তীৰ্ণ হোৱা বিভাগৰ ছাত্ৰীসকলক পুৰস্কাৰৰ লগতে অভিনন্দন পত্ৰ প্ৰদান কৰা হয় । উল্লেখ্য , অনন্যা গগৈয়ে অৰ্থনীতি বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চূড়ান্ত ষান্মাসিকত প্ৰথম বিভাগত প্ৰথম স্থান লাভ কৰি দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা বিশেষ পুৰস্কাৰসহ অভিনন্দন পত্ৰ অৰ্থনীতি বিভাগে প্ৰদান কৰে । অনুষ্ঠানত উপস্থিত থকা ছাত্ৰীসকলক উদ্দেশ্যে পুৰস্কৃত ছাত্ৰী ক্ৰমে অর্শীতা গোস্বামী আৰু অনন্যা গগৈয়ে দিহা-পৰামৰ্শ তথা প্ৰেৰণামূলক ভাষণ প্ৰদান কৰে।লক ডাউনৰ সময়ত অসমত আনলাইনযোগে অসম বুক ৰেকৰ্ডৰ দ্বাৰা আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত চাউলত জাতীয় পতাকা আৰু পেলনীয়া সামগ্ৰীত আকৰ্ষণীয় চিত্ৰ অংকন বিশেষ সফলতা অৰ্জন কৰা দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়,অৰ্থনীতি বিভাগৰ ছাত্ৰী ময়ুৰী শইকীয়াকো সম্বৰ্ধনা প্ৰদান কৰা হয় । অনুষ্ঠানত নিদৃষ্ট বক্তা হিচাপে দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়,ইংৰাজী বিভাগৰ বিভাগীয় মুৰব্বী নন্দিতা মজুমদাৰে ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে । বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপিকা ড০ তুলতুল দেৱীয়ে বিভাগৰ অৰ্থনীতি ফ’ৰামৰ কামকাজৰ অগ্ৰগতি আৰু আগন্তুক বৰ্ষৰ পৰিকল্পনা সম্পৰ্কে ভাষণ প্ৰদান কৰে । সভাত উপস্থিত থাকে বিভাগৰ মুৰব্বী অধ্যাপক ড০ লোকেশ বড়ো, ড০ সুস্মিতা প্ৰিয়দর্শীনি আৰু সভাত ড০ উত্তৰা ফুকনে শেষত সভাপতিৰ ভাষণ প্ৰদান কৰে । ছাত্ৰী মায়ুৰী শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে অনুষ্ঠানটি সামৰণি পৰে ।

Total Page Visits: 6 - Today Page Visits: 1