লাহোৱাল প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সভা,উপদেষ্টা দীপজয় শইকীয়াক বিদায় সম্বৰ্ধনা

56

লাহোৱাল প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সভা,উপদেষ্টা দীপজয় শইকীয়াক বিদায় সম্বৰ্ধনা


দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় , ১৯ ফেব্ৰুৱাৰীঃ আজি লাহোৱাল প্ৰেছ ক্লাবৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ লাহোৱাল প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকাই ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক লক্ষিন্দৰ কুৰ্মীয়ে ৷ উক্ত সভাতেই নৱগঠিত মটক স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্ত সদস্য তথা লাহোৱাল প্ৰেছ ক্লাৱৰ উপদেষ্টা দীপজয় শইকীয়াক ক্লাৱৰ তৰফৰ পৰা অভিনন্দন জনোৱা লগতে বিদায় সম্ভাষণ জনোৱা হয় ৷ আনহাতে , একেটা অনুষ্ঠানতে অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অধীনত লেখক সম্বৰ্ধনা বঁটা লাভ কৰা লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টাদ্বয় ভূষণজ্যোতি সন্দিকৈ আৰু যাদৱ গগৈক এখনি ফুলাম গামোচাৰে অভিনন্দন জনোৱা হয় ৷ সভাত লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা ভূষণজ্যোতি সন্দিকৈ, কনৌজ শইকীয়া, যাদৱ গগৈ, উপ সভাপতি বিজন্ত গগৈ, সদস্য উজ্জল শইকীয়া, যুগল কোঁৱৰ আৰু ধনটি শইকীয়া উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷

Total Page Visits: 13 - Today Page Visits: 1