লুইতৰ পৰা পানী তুলি মাজুলীত চাৰি গৰাকী বিধবা সহ ১১ জোৰা দৰা কইনাৰ সমজুৱা বিবাহ কাৰ্য সম্পন্ন , ৰাইজৰ মাজত উছাহ

38

লুইতৰ পৰা পানী তুলি মাজুলীত চাৰি গৰাকী বিধবা সহ ১১ জোৰা দৰা কইনাৰ সমজুৱা বিবাহ কাৰ্য সম্পন্ন , ৰাইজৰ মাজত উছাহ
দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাজুলীৰ পৰা কল্পজিৎ শইকীয়া , ৮ ফেব্ৰুৱাৰী : বিবাহ এক ধৰ্মীয় সংস্কাৰ । হিন্দু ধৰ্মৰ নিতি অনুসৰি হ’ম যজ্ঞকে ধৰি বিভিন্ন ৰিতী নিতী , সামাজিক পৰম্পৰাৰে সম্পন্ন কৰা হয় বিবাহ কাৰ্য্য । কিন্তু আৰ্থিক দৈন্যতা আৰু সামাজিক বাধা, বিভিন্ন ধৰনৰ সামুহিক সমস্যাৰ বাবে এখন বিবাহ সম্পন্ন কৰাতো অসম্ভৱ হৈ পৰে ৷ প্ৰধান কৈ আৰ্থিক দৈন্যতাৰ বাবেই এখন ব্যয়বহুল বিয়া কৰোৱাত অসৰ্মথ হয় বহু যুৱক যুৱতী ৷ যাৰ বাবে বহু সময়ত যুৱক যুৱতী সকলে ইজনে সিজনক পছন্দ কৰাৰ পিছত আৰ্থিক অসুবিধাৰ বাবে সমজুৱাকৈ বিয়া কৰাব নোৱাৰি দুয়োজনে বুজা বুজিৰে যুগ্ম জীৱনৰ পাতনি মেলে ৷ বহু সময়ত সামাজিক ভাৱে বিবাহত নবহাকৈয়ে স্বামী জনৰ বিয়োগ হোৱাও পৰিলক্ষিত হৈ আহিছে ৷ এই আৰ্থিক দৈন্যতাৰ মাজত জীৱনযাপন কৰা পৰিয়ালৰ কেইবাগৰাকী দৰা -কইনাক একেলগ কৰি ৰাইজে পালন কৰে বিবাহ কাৰ্য। আজি তেনে এখন বিবাহেেই সম্পন্ন হয় মাজুলীৰ পুৰনি খাৰজানপাৰ গাৱঁত। পুৰনি খাৰজান পাৰ গাঁৱৰ নামঘৰত আজি স্থানীয় ৰাইজে অনুষ্ঠিত কৰে এক ৰাজহুৱা বিবাহ কাৰ্য ৷ এই বিবাহত ৬০,৭০ উদ্ধৰ চাৰি গৰাকী পাত হাৰা বিধবাাই কইনাৰ সাজত বহি স্বামী মৃত্যু হোৱাৰ পিছত সামাজিক পৰম্পৰাৰ মাজেৰে বিবাহ কাৰ্য সম্পন্ন কৰে ৷ ইয়াৰ ওপৰিও স্থানীয় ৰাইজে যোৰহাট,লক্ষিমপুৰ জিলাৰ লগতে মাজুলীৰ আন সাত গৰাকী দৰা কইনাৰ মাজত সামুহিক বিবাহ সম্পন্ন হয় ৷ এই বিবাহ পৰ্বত ৪ গৰাকী বিধবা মহিলা ৰংদৈ দাস,লালুকী দাস,মাকন দাস,কনজনী দাসৰ লগতে ১১ গৰাকী দৰা কন্যা ক্ৰমে পাপু ৰাজখোৱা ,ভনিকন ৰাজখোৱা ,মুনু দাস,চিলী দাস,চেনিৰাম দাস,মইনা দাস,উপেন দাস,জ্যোতি দাস,জীৱন দাস,লাবন্য দাস,কুলাগুটি দাস,মনি দাস,মহানন্দ দাস,ফনি দাস,ৰমেন হাজৰিকা,জুনমনি হাজৰিকা,জীৱন্ত দাস,ৰোহিনী দাস,হেমন্ত ৰাজখোৱা,সুনু ৰাজখোৱা,কৃষ্ণ শৰ্মা জুৰি শৰ্মাৰ বিবাহ কাৰ্য সম্পন্ন হয় ৷ হিন্দুৰ পৰম্পৰাগত হোম যজ্ঞ,নাম ধৰ্মেৰে অনুষ্ঠিত হোৱা বিবাহ কাৰ্যত স্থানীয় শতাধিক লোক উপস্থিত থাকে ৷

Total Page Visits: 11 - Today Page Visits: 1