শিক্ষক শুন্য তামাৰহাটৰ এখন বিদ্যালয়,এশৰো অধিক ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱনলৈ অনিশ্চয়তা

86

শিক্ষক শুন্য তামাৰহাটৰ এখন বিদ্যালয়,এশৰো অধিক ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱনলৈ অনিশ্চয়তা

দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰুহুল আমিন সেখ , তামাৰহাট, ১২ ফেব্ৰুৱাৰী::অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় প্ৰাদেশিকীকৰণ আৰু শেহতীয়াকৈ শিক্ষক সকলৰ চাকৰি চৰকাৰীকৰণ কৰিলে যদিও একাংশ বিদ্যালয় হৈ পৰিল শিক্ষক শুন্য । শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণৰ পূৰ্বে শিক্ষক সকল যিখন বিদ্যালয়ত শিক্ষকতা কৰিছিল তাতে নাৰাখি বেলেগ বিদ্যালয়ত নিযুক্তি প্ৰদান কৰাত শিক্ষক শুন্য হৈ পৰিছে বহু বিদ্যালয় অনিশ্চয়তাত ভুগিছে হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰী ।যাৰ ফলত কণ কণ ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱন লৈ নামি আহিছে ঘোৰ অমানিশা। চৰকাৰে গ্ৰহন কৰা এনে সিদ্ধান্তৰ ফলত ধুবুৰী জিলাৰ আগমনি শিক্ষাখণ্ডৰ তথা ২৫ নং গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত মধ্যকাচখানা গাওঁত থকা মধ্যকাচখানা নীলময়ী প্ৰাথমিক বিদ্যালয় খন বৰ্তমান শিক্ষক শুন্য হৈ পৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে ১৯৯০ চনত জিলা খনৰ জৰাজীৰ্ণ বাট পথ থকা অতিকৈ ভিতৰুৱা মধ্যকাচখানা গাঁৱত স্থাপিত হৈছিল মধ্যকাচখানা নীলময়ী প্ৰাথমিক বিদ্যালয় খন ।এই বিদ্যালয় খনেই আছিল অঞ্চলখনৰ একমাত্ৰ বিদ্যালয় ।এশৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয় খনৰ ওচৰতে অৰ্থাৎ প্ৰায় আঢ়ৈ কিলোমিটাৰৰ আশে-পাশে নাই কোনো বিদ্যালয়। যোৱা ত্ৰিশ বছৰ ধৰি বিদ্যালয়খন চৰকাৰে প্ৰাদেশিকৰণ নকৰা সত্বেও প্ৰধান শিক্ষক জছিমূদ্দীন সেখ আৰু সহ-শিক্ষক জব্বাৰ আলীয়ে পাঠদান দি আহিছিল । কিন্তু চলিত মাহৰ পাচ তাৰিখে ৰাজ্য চৰকাৰে বিদ্যালয়খনৰ শিক্ষক দুজনৰ চাকৰি নিয়মীয়া কৰি ১৭৪১ নং বালাবাৰী এল, পি স্কুলত নিয়োগ কৰাত বিদ্যালয়ত থকা এশৰো অধিক ছাত্ৰ-ছাত্ৰী কেবাদিন ধৰি বিদ্যালয়ত আহিছে যদিও শিক্ষক নথকাত উভতি যাব লগা হৈছে । ফলত কণ কণ ছাত্ৰ-ছাত্ৰীকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকলে জাঙুৰ খাই উঠে আৰু আমাৰ জীৱন নষ্ট কৰা নচলিব,আমাৰ বিদ্যালয়ত শিক্ষক নিযুক্তি দিয়ক,শিক্ষা বিভাগৰ হায়,! হায়!,অসম চৰকাৰ হায়! হায়!আদি কৰি বিভিন্ন শ্লোগানেৰে কণ কণ ছাত্ৰ ছাত্ৰীয়ে অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে বিদ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Total Page Visits: 17 - Today Page Visits: 2