শিলপুখুৰীত ড্ৰাগছ,মদ,ভাং,জুৱাৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ,থানা ঘেৰাও

42

শিলপুখুৰীত ড্ৰাগছ,মদ,ভাং,জুৱাৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ,থানা ঘেৰাও

দুৰ্নীতিৰ দৰ্পণ সেৱা, আবুল হুছেইন, টুকটুকী, ৯ফেব্ৰুৱাৰী: যি সময়ত ৰাজ্য চৰকাৰে অসামাজিক কাৰ্য্যকলাপ বন্ধ কৰাৰ বাবে যিমানেই চেষ্টা নকৰক কিয় একাংশ আৰক্ষী বিষয়াৰ বাবেই দিনক দিনে অসামাজিক কাম কাজ বৃদ্ধি পোৱা বুলি অভিযোগ তুলিছে একাংশ মহিলাই। বটদ্ৰৱা সমষ্টিৰ বড়ি বজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত শিলপুখুৰী আঞ্চলিক দুৰ্নীতি নিবাৰণ মহিলা সমিতিয়ে আজি ড্ৰাগছ, মদ,ভাং, লিকু, জুৱা আদিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী উলিয়াই আকাশ- বতাহ কঁপাই তোলে। এই কাৰ্যসূচী শিলপুখুৰী ইদগাহ ময়দানৰ পৰা আৰম্ভ কৰি বড়ি বজাৰ আৰক্ষী পহৰা চকীত সমাপ্ত কৰে। পিছত আনকি প্ৰতিবাদী মহিলা দলটোৱে ধিং-জাজৰি গড়কাপ্তানী পথ অৱৰোধ কৰি অসমাজিক কাৰ্যকলাপ বন্ধ কৰক,ড্ৰাগছ নচলিব- নচলিব,মদ,ভাং বন্ধ কৰক,ড্ৰাগছ মাফিয়া লগত পুলিচৰ মিতিৰালি বন্ধ কৰক,আদি কৰি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে। উক্ত প্ৰতিবাদী মহিলা কাৰ্যসূচীটোত শিলপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি আজিজুল হকে অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনোৱাৰ লগতে পথ অৱৰোধ কাৰী মহিলা সকলৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে মহিলা সমিতি যে বড়িবজাৰ পহৰা চকীত এখন অভিযোগ পত্ৰ দাখিল কৰে। এই কাৰ্যসূচী শিলপুখুৰী আঞ্চলিক দুৰ্নীতি নিবাৰণ মহিলা সমিতিৰ সভানেত্ৰী ৰুমিনা বেগম আৰু সম্পাদিকা আনুৱাৰা খাতুনে সংবাদ মাধ্যমক জনাই যে -যদিহে পুলিচ প্ৰশাসনে এই অসামাজিক কাৰ্যৰ বিৰুদ্ধে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক দিনত এনে ধৰণৰ প্ৰতিবাদ কাৰ্য সূচী প্ৰশাসনৰ বিৰুদ্ধে লবলৈ বাধ্য হম।এই প্ৰতিবাদী কাৰ্যসূচীত শিলপুখুৰী গাঁৱৰ তছলিমা খাতুন,ছাহেৰা খাতুন,আঞ্জুমা বেগমকে আদি কৰি কেইবা শতাধিক মহিলা উপস্থিত আছিল।

Total Page Visits: 15 - Today Page Visits: 2