শিৱসাগৰ গড়গাওঁ কাৰেংঘৰ সমীপৰ এখন ব্যতিক্ৰমী গাওঁ সৰ্বোদয় সমাজ গ্ৰামদান গ্ৰামসভাৰ গণৰাজ্য দিৱস উদ্‌যাপন

54

শিৱসাগৰ গড়গাওঁ কাৰেংঘৰ সমীপৰ এখন ব্যতিক্ৰমী গাওঁ সৰ্বোদয় সমাজ গ্ৰামদান গ্ৰামসভাৰ গণৰাজ্য দিৱস উদ্‌যাপন
দুৰ্নীতিৰ দৰ্পণ , নিউজ ডেস্ক,অমৃত কুমাৰ শৰ্মাঃ ১৯৪৯ চনৰ ১৫ আগষ্টৰ দিনা ১৪ গৰাকী স্বাধীনতা সংগ্ৰামীৰ দ্বাৰা প্ৰতিষ্ঠিত এখন আদৰ্শ গাঁও ৷ গাওঁখনৰ নাম সৰ্বোদয় সমাজ গ্ৰামদান গ্ৰামসভা ৷ শিৱসাগৰৰ অন্তৰ্গত গড়গাওঁ কাৰেং ঘৰৰ আশে পাশে থকা সৰ্বোদয় সমাজৰ আছে এখন নিজা সংবিধান আৰু পতাকা ৷ সমাজখনে প্ৰতিষ্ঠাকালৰ পৰাই প্ৰশাসনৰ কোনো সহায় নোলোৱাকৈ নিজৰ সমস্যা নিজেই সমাধান কৰি আহিছে । সাম্প্ৰতিক সময়ৰ প্ৰচাৰমুখী ব্যৱস্থাৰ পৰা বহু দূৰত থাকি জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত সমাজ ব্যৱস্থাৰ অন্তৰ্গত ১৪ টা পৰিয়ালে কেৱল এখন মাটিৰ পট্টাৰ ভিতৰত থাকি সতি সন্ততি সহ একতা আৰু সম্প্ৰীতিৰে বসবাস কৰি আছে ৷ উল্লেখ্য যে ,এই সমাজখনে দুটাকৈ ভূমিহীন পৰিয়ালক গাওঁখনত ভূমি প্ৰদান কৰি সংস্থাপনো দিছে । লগতে এই ব্যতিক্ৰমী সমাজখনৰ প্ৰতিটো পৰিয়ালে প্ৰতি সাজৰ এমুঠি অন্ন মুষ্ঠিভিক্ষাৰে সমাজৰ পুঁজি টনকিয়াল কৰে । আনহাতে , বিভিন্ন সম্প্ৰদায় একেলগে বসবাস কৰি একতা আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা এই গাওঁখনে বিদ্যালয়,বিদ্যুত বিভাগ,পশু চিকিৎসালয়,নামঘৰ আদি নিৰ্মাণৰ বাবে ৪০ বিঘা ২ কথা মাটি দান হিচাপে দিছে ৷ ভাৰত চৰকাৰৰ অনুমোদন সাপেক্ষে প্ৰতিষ্ঠা হোৱা গ্ৰামসভাখনে গণতন্ত্ৰ দিৱস , স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তী প্ৰতিবছৰে মুখ্য উৎসৱ হিচাপে পালন কৰি আহিছে । এইবাৰো গড়গাওঁ সৰ্বোদয় সমাজ গ্ৰামদান গ্ৰাম সভাই সৰ্বোদয় সমাজ নামঘৰ প্ৰাংগণত ৭২ তম্‌ গণতন্ত্ৰ দিৱস উদ্‌যাপন কৰে ৷ গণতন্ত্ৰ দিৱসত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গ্ৰামসভাৰ ওপৰত বক্তব্য দাঙি ধৰে সৰ্বোদয় সমাজ গ্ৰামদান গ্ৰামসভাৰ সভাপতি,নাট্যকাৰ তথা বিশিষ্ট সমাজকৰ্মী ক্ষীৰোদ কুমাৰ বৰদলৈয়ে ৷ আনহাতে , স্মৃতি তৰ্পণ অনুষ্ঠানৰ আঁত ধৰে সম্পাদক প্ৰণৱ খাটনিয়াৰে ৷ উক্ত অনুষ্ঠানত সৰ্বোদয় সমাজৰ উপদেষ্টা ৰঞ্জিত কুমাৰ বৰদলৈ,বিশিষ্ট অধিবক্তা সঞ্জীৱ বৰা,যুৱ সাংবাদিক সন্থা-অসম শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৃত কুমাৰ শৰ্মা,পাৰ্থ প্ৰতীম দাস আৰু অপূৰ্ৱা শইকীয়াৰ লগতে গ্ৰামসভাৰ কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে ৷৷

Total Page Visits: 16 - Today Page Visits: 2