সদৌ অসম আশা কৰ্মীৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আশা কৰ্মীৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন

43

সদৌ অসম আশা কৰ্মীৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আশা কৰ্মীৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন

দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ, ৯ ফেব্ৰুৱাৰী : আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত সদৌ অসম আশা কৰ্মীৰ উদ্যোগত আৰু জিলা আশা কৰ্মীৰ সহযোগত জিলা উপায়ুক্তৰ কাযালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে আৰু বিভিন্ন দাবী সন্মলিত এখন স্মাৰকপত্ৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমুন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ সন্থাটোৰ দাবী হ’ল যোৱা ২০০৬ পৰা আৰম্ভ কৰি আজিলৈকে আশা কৰ্মী সকলে কাম কৰি আছে৷ কিন্ত চৰকাৰে আশা কৰ্মী সকলৰ বানচ বৃদ্বি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰে৷ লগতে সিহঁতৰ দাবী চাকুৰি নিয়মীয়া কৰণৰ লগতে কমেও দহ হেজাৰ টকা মাহিলী দৰমহা বৃদ্ধি কৰিব লাগে ৷ আশা কৰ্মী সকলে সাংবাদিকক জানিবলৈ দিয়া মতে দীৰ্ঘ দিনৰ পৰা হাটশিঙীমাৰী অসামৰিক চিকিৎসায়ত গৰ্ভৱতী মহিলাক লৈ গলে নাৰ্ছ সকলোৰ দুৰব্যৱহাৰৰ সন্মুখীন হব লাগে আৰু অতিৰিক্ত ভাবে চিকিৎসায়ত টকা দিব লাগে বুলিও আশা কৰ্মীয়ে মন্তব্য কৰা পৰিলক্ষিত হয় ৷

Total Page Visits: 4 - Today Page Visits: 1