সদৌ বিটিআৰ ভোজপুৰী সমাজৰ‌ ভেৰগাঁও জিলা সমিতি গঠন

45

সদৌ বিটিআৰ ভোজপুৰী সমাজৰ‌ ভেৰগাঁও জিলা সমিতি গঠন
দুৰ্নীতিৰ দৰ্পণ সেৱা , কৌস্তভমনি শৰ্মা , ২৯ জানুৱাৰী : ভোজপুৰী সমাজৰ‌ আৰ্থ-সামাজিক, শিক্ষা আৰু বিভিন্ন প্ৰকাৰৰ উন্নতিৰ বাবে আজি ‌টংলাৰ হিন্দী মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে
অনুষ্ঠিত এক সভাত বিটিআৰ ভোজপুৰী সমাজৰ‌ ভেৰগাঁও জিলা সমিতি গঠন কৰা হয় । ১৪ জনীয়া সদস্য আৰু ৬ জন উপদেষ্টাক লৈ গঠিত হয় ভেৰগাঁও জিলা ভোজপুৰী সমাজৰ‌ নবতম সমিতি খন । বিটিআৰ ভোজপুৰী সমাজৰ‌ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰভু সোনাৰীৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত লালবাবু চৌধুৰীক সভাপতি আৰু কানাই প্ৰসাদ,ওম প্ৰসাদ গুপ্তা , শঙ্কৰ চৌধুৰী ,‌ জিতেন্দ্ৰ সাহাক উপঃ সভাপতি,বিৰেন চৌহানক সাধাৰণ সম্পাদক , কপিল পানিক , প্ৰেম চন্দ্ৰ ৰাজভৰ,সুভদ্ৰা মল্লিক, হিম ৰাজভৰ আৰূ ৰমেশ ‌চৌহানক সহকাৰী সম্পাদক হিচাপে লি পুৰ্ণাংগ সমিতি গঠন কৰা হয় । সমিতি গঠনৰ সময়ত বিটিআৰ ভোজপুৰী সমাজৰ‌ সভাপতি প্ৰভু সোনাৰীয়ে‌ নব গঠিত ভেৰগাঁও জিলা সমিতিক জাতিৰ উন্নয়নৰ বাবে কাম কৰিবৰ বাবে অনুৰোধ জনায় ।

Total Page Visits: 11 - Today Page Visits: 1