স্বয়ম আঁচনিৰ অধীনত হোজাইত ১২০০ যুৱক-যুৱতীৰ মাজত অনুমোদন পত্ৰ বিতৰণ

57

স্বয়ম আঁচনিৰ অধীনত হোজাইত ১২০০ যুৱক-যুৱতীৰ মাজত অনুমোদন পত্ৰ বিতৰণ

জমিৰ উদ্দিন তালুকদাৰ, ডবকা ,২৯ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০১৭-‘১৮ বৰ্ষৰ বাজেটত স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনা’ চমুকৈ স্বয়ম নামৰ এক ধ্বজাবাহী আঁচনি ৰূপায়ণৰ কথা উল্লেখ কৰিছিল ৷ সেই আঁচনিৰ অধীনত বিভিন্ন জিলাত শিক্ষিত নিৱনুৱা যুৱক-যুৱতী, আত্মসহায়ক গোটক এককালীন আৰ্থিক সহায় আগবঢ়াই আহিছে ৷ শিক্ষিত, উদ্যমী যুৱক-যুৱতীক সংস্থাপন দিয়াৰ মানসেৰে আৰম্ভ কৰা স্বয়ম আঁচনিৰ জৰিয়তে আজি হোজাই জিলাৰ ১২ শ হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷ হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ কছাৰী ময়দানত অনুষ্ঠিত এখন সভাত ৰাজ্য চৰকাৰৰ খনি আৰু পাৰ্বত্য উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙৰ উপস্থিতিত আত্মসহায়ক গোটৰ বাছনিকৃত হিকাধিকাৰীৰ মাজত অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷ মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰী ৰংহাঙে নিজৰ ভাষণত কয়–নৱৰূপত আৰম্ভ কৰা স্বয়ম আঁচনিখনে উদ্যমী যুৱক-যুৱতীসকলক সংস্থাপনৰ ক্ষেত্ৰত বাট দেখুৱাব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দন সোণোৱাল আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এই যুগান্তকাৰী আঁচনিখনে স্থানীয় উদ্যোগ, গ্ৰাম্য অৰ্থনীতি আৰু যুৱক-যুৱতীক সংস্থাপিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে কয় ৷ হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থকা হোজাই আৰু লামডিং সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ আৰু শিবু মিশ্ৰই যুৱক-যুৱতীসকলক এই আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ দেশ আৰু জাতিক প্ৰগতিৰ বাটত আগবঢ়াই নিবলৈ আহ্বান জনায় ৷ সভাত স্বয়ম আঁচনিখন সম্পৰ্কে বহলাই ব্যাখ্যা কৰে হোজাইৰ উপায়ুক্ত ডাঃ সদনেক সিঙে ৷ সভাখনত উপস্থিত থাকে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ক্ৰমে জয়ন্ত কুমাৰ বৰা, গৌৰী শংকৰ দাস, হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেবীসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

Total Page Visits: 19 - Today Page Visits: 2