সৰভোগত একেদিনাই ১৮ টা পথৰ শুভাৰম্ভ ৰনজিৎ দাসৰ

38

সৰভোগত একেদিনাই ১৮ টা পথৰ শুভাৰম্ভ ৰনজিৎ দাসৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা ,প্ৰতিবেদক , হাউলী , বৰপেটা, ৪ ফেব্ৰুৱাৰীঃ সম্প্ৰতি ৰাজ্যবাসীক সুচল যাতায়ত ব্যৱস্থা প্ৰদান কৰাৰ লক্ষ্যৰে নিৰন্তৰ কাম কৰি আহিছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সহযোগত সম্প্ৰতি অসমৰ বাট পথে সমগ্ৰ দেশৰ বাবেই দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে । আজি বৰপেটা জিলাৰ ৪০ নং সৰভোগ সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ ১৮ টা পথৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ দক্ষ বিধায়ক ৰনজিৎ কুমাৰ দাসে। আজি শুভাৰম্ভ কৰা পথকেইটি হৈছে ক্ৰমে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জয়পুৰ বজাৰ সংযোগী পথ,৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ পৰা জয়পুৰ বজাৰ সংযোগী পথ, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰভোগৰ PEG Godown লৈ যোৱা পথ, কুমৰীয়া গাঁৱৰ নাথুৰাম নাথৰ ঘৰৰ হৈ যদুৰাম দাস ঘৰৰ পৰা জিতেন দাসৰ ঘৰলৈকে পথ, পাটিলাদহা পানবাৰী পথৰ পৰা চুলিকটা গাঁও পঞ্চায়ত হৈ নিজ ডামুগাঁও তিনিআলি সংযোগী পথ, ৩০খন বিচনাযুক্ত চিকিৎসালয়ৰ পৰা জগদীশ দাস ঘৰ সংযোগী পথ, আঠিয়াবাৰী গাঁৱৰ পাননাথ বৰ্মণ ঘৰৰ পৰা বিদু বৰ্মণৰ ঘৰ সংযোগী পথ , ডিমাপুৰলৈ যোৱা পথৰ শিৱ মন্দিৰৰ পৰা ৰাজু বড়োৰ ঘৰ হৈ সুনীল আৰ্যৰ ঘৰলৈকে পথ, জাখ্লিবিলৰ ৰবি পালৰ ঘৰ হৈ সঞ্জয় সাহা ঘৰৰ পৰা শংকৰ বড়ো ঘৰলৈকে পথ,আঠিয়াবাৰী গাঁৱৰ গৌৰাংগ বৰ্মণৰ ঘৰৰ পৰা নৃপেন ৰাহি ঘৰলৈকে সংযোগী পথ, দুলাল সাহা মিলিৰ গৃহৰ পৰা তৰুণ সেন গুপ্তাৰ ৱাৰ্ড নম্বৰ ৩ স্থিত বাসগৃহলৈ(উত্তৰ আঠিয়াবাৰীৰ পথ)সঞ্জয় ঘোষৰ গৃহৰ পৰা অমৰ ঘোষৰ বাসগৃহলৈ, উত্তৰ আঠিয়াবাৰীৰ পথ,প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথৰ পৰা সন্ধ্যা সাহাৰ বাসগৃহলৈ(বাৰ্ড নম্বৰ ৩, উত্তৰ আঠিয়াবাৰী পথ),গোপাল সাহাৰ বাসগৃহৰ পৰা কুটি চৰকাৰৰ ৱাৰ্ড নম্বৰ ১ স্থিত গৃহলৈ সংযোগী পথ,কামাল মল্লিকৰ গৃহৰ পৰা কৃষ্ণ তালুকদাৰৰ বাসগৃহলৈ সংযোগী পথ , শৈলেন ৰয় গৃহৰ পৰা বেলতলা চক হৈ সুৰ্বণবালা এম.ই স্কুল,বৰপেটা ৰোড(বাৰ্ড নং ১) সংযোগী পথ, ৰাম সাহাৰ বাসগৃহৰ পৰা দিলীপ সুত্ৰধৰৰ গৃহ হৈ তাৰাবাৰী বস্তিৰ সন্তোষ সাহাৰ বাসগৃহলৈ সংযোগী পথ,দ্বীপলাল চাহুৰ গৃহৰ পৰা বাসু সাহাৰ গৃহস্থিত লাচিত পথ (শান্তি নগৰ) বৰপেটাৰোড,বাৰ্ড নম্বৰ ১ সংযোগী পথ আদি। আজি এই পথ কেইটা উদ্বোধন কৰি দাসে নিজৰ ভাষনত কয় যে, ৰাইজৰ হাতত আন্তৰিকতাৰে এই পথ কেইটি অৰ্পন কৰিছোঁ । আশা কৰিছোঁ স্থানীয় ৰাইজক পথকেইটিয়ে যোগাযোগ আৰু যাতায়তৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব । আজিৰ সমষ্টিখনৰ এই উন্নয়নমুলক কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰি সমষ্টিবাসীয়ে দাসৰ শলাগ লৈছে ।

Total Page Visits: 12 - Today Page Visits: 3