Home Uncategorized সৰুক্ষেত্ৰীত কংগ্ৰেছৰ বুথ সন্মিলনে আউল লগালে সৰুক্ষেত্ৰী এআইইউডিএফত

সৰুক্ষেত্ৰীত কংগ্ৰেছৰ বুথ সন্মিলনে আউল লগালে সৰুক্ষেত্ৰী এআইইউডিএফত

64
সৰুক্ষেত্ৰীত কংগ্ৰেছৰ বুথ সন্মিলনে আউল লগালে সৰুক্ষেত্ৰী এআইইউডিএফত
দুৰ্নীতিৰ দৰ্পণ সেৱা ,নামনি ব্যুৰ , ১১ জানুৱাৰী ঃ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিত কংগ্ৰেছৰ পাকাবেতবাৰী আৰু সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বুথ সন্মিলন অনুষ্ঠিত হয়। সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে আতধৰা সভাখনত কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে ৷ সভাত ভাষণ আগবঢ়ায় ৬নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে । ভাষণত আব্দুল খালেকে কয় , আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিৰ পৰা জয়ী হৈ চৰকাৰ গঠন কৰিব । ভাষণত বকো সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসে কয় , ভাৰতবৰ্ষত মহিলা শক্তি ডাঙৰ শক্তি । মহিলা কংগ্ৰেছ গঠণ কৰিছিল প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী । অসমৰ স্বাস্থ্য বিভাগৰ আশা কৰ্মী, মামণি আঁচনি আদি আগৰ কংগ্ৰেছ চৰকাৰৰ আঁচনি । কিন্তু আজি বিজেপি চৰকাৰে সেই আঁচনি বোৰক লৈ বা বা লৈছে বুলি মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসে কয় । প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক শুকুৰ আলি কয় ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ , কিন্তু বৰ্তমানৰ চৰকাৰে ধৰ্মৰ নামত মানুহৰ মাজত বিভাজন কৰিছে । সভাৰ মাজত ৰাইজক আমোদজনক কৰি তোলে কয়াকুছি অঞ্চলৰ গায়ক ৰাব্বানী । এ কে ৰছিদে কয় , সৰুক্ষেত্ৰী সমষ্টিৰ পৰা জাকিৰ হুচেইন ছিকদাৰক জয়ী কৰি কংগ্ৰেছ দলৰ চৰকাৰৰ মন্ত্ৰী হিচাপে উপহাৰ দিবৰ বাবে ৰাইজক আহ্বান জনায় । জাকিৰ হুছেইন ছিকদাৰৰ আদেশ ক্ৰমে সভাত ভাষণ ৰাখে প্ৰাক্তন বিধায়ক নুৰুল হুদাই । ভাষণ প্ৰসংগত হুদাই কয় , অসম ৰাজ্য হল শংকৰ আজানৰ দেশ । ইয়াত কোনো ধৰণৰ জাতি জনজাতিৰ মাজত বিভেদৰ সৃষ্টি নহয় । কংগ্ৰেছৰ আগৰ কোনো ধৰণৰ আঁচনি নাই । আজিৰ চৰকাৰে সেই ভাল আঁচনি বোৰ উঠাই দিয়া হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় , আজিৰ সভাই প্ৰমাণ কৰিছে অসমৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক পুনৰ জয়ীহৈ কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ সক্ষম হব ।সভাত মানুহৰ উপস্থিতি দেখি হতবাশ হৈছে । সভাত কেইবা হাজাৰ লোকৰ সমাৱেশ ঘটে । আজিৰ দিনত সকলো বয় বস্তৰ দাম দিনক দিনে বৃদ্ধি পাই আছে । এই চৰকাৰৰ দিনত পেট্ৰলিয়াম জাতীয় সকলো বস্তৰ দাম বহু খিনি বৃদ্ধি হৈছে । প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ কথা সোৱৰি কয় , এটা ৰিপাবলিক টিভি চেনেলৰ ইন্টাৰভিউত তেওঁ কৈছিল মই মৃত্যুৰ সময়লৈকে সকলো সম্প্ৰদায়ৰ বাবে কংগ্ৰেছ দলৰ হৈ কাম কৰি যাব । সভাত উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁ কয় , কংগ্ৰেছ দলক কোনো শক্তিয়ে বাধা দিব নোৱাৰে , তাৰেই প্ৰমাণ আজিৰ সৰুক্ষেত্ৰী সমষ্টিৰ বুথ সন্মিলনৰ সভা । সভাৰ মাজত সূকষ্ঠৰ অধিকাৰী তানা দেৱৰাজ ৰায় গীত গাই সভাৰ ৰাইজক আকৰ্ষিত কৰে আৰু ইয়াৰ পিছত ভাষণ প্ৰসংগত ৰকিবূল হুছেইন কবিতাৰে কয় “গল বন্ধু গল কংগ্ৰেছ চৰকাৰ গল । সৰুক্ষেত্ৰীৰ পৰা আৰাম্ভ হল । ২০২১ চনত কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ হল”। কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈয়ে স্কুলৰ ছাত্ৰ-ছাত্ৰীক চাইকেল দিছিল , কিন্তু বি জে পি চৰকাৰে নিৰ্বাচনৰ আগমুহুৰ্তত চাৰি বছৰ পিছতহে স্কুটি প্ৰদান কৰিছে । তৰুণ গগৈৰ স্মৃতি সোৱৰি ৰকিবুল হুছেইনে কবিতাৰে তেওঁৰ অন্তৰৰ কথা সোৱৰে । ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবূদ্দিন আহমেদে কয় , কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিব । এইটো কংগ্ৰেছ মিত্ৰজোঁটৰ দলৰ সংকল্প । জীতেন্দ সিং কংগ্ৰেছ দলৰ কামান সম্ভালিলে তেতিয়াৰ পৰাই কংগ্ৰেছ দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি ৰেকিবূদ্দিন আহমেদে কয় । কংগ্ৰেছ দলৰ প্ৰভাৰী জীতেন্দ সিঙে ভাষণত কয় , এইখন সভা বুথ সন্মিলনৰ সভা নহয় যেন কংগ্ৰেছ দলৰ পৰা জয়ী হৈ দলৰ জয়লাভ কৰাৰ সভা । আজি অসম বছোৱাৰ সময় । বৰ্তমানৰ চৰকাৰে দেশ খন ধ্বংস কৰি মানুহৰ মাজত বিভাজন ঘটাই যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি কৰিছে । কংগ্ৰেছ দল জাতি জনজাতিৰ মিলনৰ স্থল । অসমৰ ইতিহাস ইয়াৰ সাক্ষী । অসমৰ মুখ্যমন্ত্ৰী কোন তেওঁৰ নাম কব নোৱাৰে , কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিচাবে তেওঁ কথা নকয়। কথা কয় তেওঁৰ সতীৰ্থ । শেষত ভাষণ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাই । তেওঁ কয় , অসমত এশ শতাংশই নিশ্চিত অসমত অহা নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিৰ পৰা জয়ী হৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হব ৷