সৰুক্ষেত্ৰীৰ পাকাবেতবাৰী-জনিয়াত উলহ-মালহেৰে ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

46
সৰুক্ষেত্ৰীৰ পাকাবেতবাৰী-জনিয়াত উলহ-মালহেৰে ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ২৭ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে কালি বৰপেটা জিলাৰ সৰুক্ষেত্ৰী-জনিয়াতো উলহ-মালহেৰে ৭২ সংখ্যক গনৰাজ্য দিৱস পালন কৰা হয় ৷ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত অগ্ৰণী ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান পাকাবেতবাৰী জাগৰণ জাতীয় বিদ্যালয়তো উলহ-মালহেৰে ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । পালহাজী উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ বিষয় শিক্ষক মফিজ উদ্দিন আহমেদে ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ পিছত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই স্থানীয় মুখ্য পথ সমুহ পৰিভ্ৰমণ কৰি গণতন্ত্ৰ দিৱসৰ গুৰুত্ব আৰু সমন্বয়ৰ নিদৰ্শন দাঙি ধৰে । ইপিনে , পাকাবেতবাৰীৰ ক্ৰমে বীণা পানী লাইব্ৰেৰী , ডাইমণ্ড ক্লাব , হলী ছেভেন ষ্টাৰ ক্লাৱ , বিকে নিত্যানন্দ-ওৱাহেদ আলী হাইস্কুল , দক্ষিন বেতবাৰী গাঁও পঞ্চায়ত আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানতো গণ ৰাজ্য দিৱস পালন কৰা হয় । তদ্ৰুপ জনিয়া সমষ্টিৰ অন্তৰ্গত জনিয়া হাইস্কুল , ফখৰুদ্দিন আলী আহমেদ কনিষ্ট মহাবিদ্যালয় , জনিয়া জনিয়া আঞ্চলিক ছিনিয়ৰ মাদ্ৰাছা , মেধিৰটাৰী হাইস্কুল , গোবিন্দপুৰ আক্ৰাম আলী হাইস্কুল , নৱজ্যোতি মহাবিদ্যালয় আৰু জনপ্ৰিয় মহাবিদ্যালয় আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সমুহতো উৎসাহ-উদ্দীপনাৰে ৭২ সংখ্যক গণ ৰাজ্য দিৱস উদযাপন কৰা হয়।
Total Page Visits: 15 - Today Page Visits: 4