হাটশিঙিমাৰীত অসম আৰক্ষী বনাম মেঘালয় আৰক্ষীৰ ফ্ৰেইণ্ডলি ফুটবল মেছ অনুষ্ঠিত
দুৰ্নীতিৰ দৰ্পণ সেৱা,হাটশিঙিমাৰী,১৩ ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শনিবাৰে আবেলি ৩ বজাত অনুষ্ঠিত দক্ষিণ শালমাৰা মানকাচৰ জিলা অসম আৰক্ষী বনাম মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলা আৰক্ষীৰ মাজত অনুষ্ঠিত হয় ফ্ৰেইণ্ডলি ফুটবল মেছ ৷ ওচৰ-চুবুৰীয়া দুই ৰাজ্যৰ আৰক্ষীৰ মাজত হোৱা ফ্ৰেইণ্ডলি ফুটবল মেছ খনত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত গুৰুদিব সিং পানেছৰ,আৰক্ষী অধীক্ষক কংকণ জ্যোতি শইকীয়া,ডি এচ পি আৰিপ আহমেদ,অতিৰিক্ত জিলা উপায়ুক্ত লক্ষ্মী কুটুমৰ লগতে বহু কেইজন বিষয়া ৷ উল্লেখ্য যে , অসম-মেঘালয়ৰ আৰক্ষী তথা ৰাইজৰ মাজত মিলাপ্ৰীতি বৃদ্ধি হোৱাৰ লক্ষ্যৰে অনুষ্ঠিত হৈছিল মেছ খন ৷ খেলখনত অসম আৰক্ষীয়ে ২/০ গ’লত জয়লাভ কৰে ৷
হাটশিঙিমাৰীত অসম আৰক্ষী বনাম মেঘালয় আৰক্ষীৰ ফ্ৰেইণ্ডলি ফুটবল মেছ অনুষ্ঠিত
Total Page Visits: 33 - Today Page Visits: 1