হাটশিঙিমাৰীত আশা কৰ্মীৰ প্ৰতিবাদ

69

হাটশিঙিমাৰীত আশা কৰ্মীৰ প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী, ১০ ফেব্ৰুৱাৰীঃ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিকে ধৰি আশা কৰ্মী সকলোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মঙ্গলবাৰে দুপৰীয়া দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ আশা কৰ্মী সকলে ধৰ্ণা প্ৰদৰ্শন কাৰ্যসূচী পালন কৰে। উল্লেখ্য যে, সদৌ অসম আশা কৰ্মীৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আশা কৰ্মীৰ সহযোগত জিলাখনৰ প্ৰায় দুই শতাধিক আশা কৰ্মীয়ে বেনাৰ-পোষ্টাৰ হাতত লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ অন্তত তেওঁলোকৰ দাবী মানি ল’বলৈ অতিৰিক্ত জিলা উপায়ুক্তা লক্ষ্মী কুটুমৰ যোগেদি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ দিয়ে।

Total Page Visits: 10 - Today Page Visits: 1