হোজাইত মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ যোগদান , বিভিন্ন জনৰ শুভেচ্ছা

32

হোজাইত মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ যোগদান , বিভিন্ন জনৰ শুভেচ্ছা

দুৰ্নীতিৰ দৰ্পণ সেৱা ,মোৰাঝাৰ , ১২ ফেব্ৰুৱাৰী:বৰ্তমান চৰকাৰখনৰ স্বচ্ছ প্ৰশাসন ব্যৱস্থা আৰু অসম লোকসেৱা আয়োগৰ নিকা পৰীক্ষা পদ্ধতিৰ জৰিয়তে সম্পূৰ্ণ মেধাৰ ভিত্তিত জনসংযোগ বিভাগৰ কনিষ্ঠ তথ্য বিষয়া হিচাপে অলপতে নিযুক্তি লাভ কৰি – নীৰা ৰয় নামৰ মহিলা গৰাকীয়ে পৰহি হোজাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে কৰ্তব্যত যোগদান কৰে। তেওঁ হোজাই জিলাত যোগদান কৰি বৰ আনন্দিত আৰু উৎসাহিত অনুভৱ কৰিছে ৷ অনাগত দিনবোৰত নিজৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিবৰ বাবে হোজাই জিলাৰ সাংবাদিক সকলৰ লগতে জিলাবাসী জনসাধাৰণৰ পৰা সহায়, সহযোগিতা কামনা কৰে। বিষয়া গৰাকীক আজুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ছাদিকুজ জামান,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হোজাই জিলা সভাপতি কফিল উদ্দিন বৰভুঞা,আজুৰ জিলা সমিতিৰ হৈ আব্দুল হাকিমৰ লগতে বিভিন্ন প্ৰেছ ক্লাৱৰ সভাপতি – সম্পাদকে বিষয়া গৰাকীক শুভেচ্ছা জনাইছে ৷ লগতে আগন্তক দিনত সংবাদ মাধ্যমক বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত সময়মতে তথ্য দি সহায় সহযোগিতা কৰাৰ কামনা কৰিছে জিলাখনৰ সাংবাদিক সকলে ৷

Total Page Visits: 11 - Today Page Visits: 1