ৰঙিয়াত বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

0
82
ৰঙিয়াত বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ১৬ অক্টোৱৰঃ আজি কামৰূপ জিলাৰ ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টি ,অসম প্ৰদেশৰ কিষাণ মৰ্চাৰ  ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । দলীয় কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ৰঙিয়াত উষ্ণ আদৰণী জনায় । এই অনুষ্ঠানত উপস্থিত হৈ সভাপতি  ৰঞ্জিত দাসে দলীয় পতাকা উত্তোলন কৰে । ইয়াৰ পাছত বন্তী প্ৰজ্বলন কৰি সভাৰ কাম আৰম্ভ কৰে । ভাষণকালত কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা তথা দলৰ কাৰ্যকৰ্তা সকলৰ উৎসাহ-উদ্দীপনাই তেখেতক যথেষ্ট উৎসাহিত কৰা বুলি মন্তব্য কৰে । দেশৰ কৃষক সকলৰ হিতৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে সৰ্বদা ভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । কৃষকৰ আয় বৃদ্ধিৰ বাবে নীতিৰ পৰিৱৰ্তন , কৃষি লোণ , আৰ্থিক সাহাৰ্যকে আদি কৰি ভিন্ন পদক্ষেপ হাতত লৈছে । সমান্তৰালভাবে সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰেও ৰাজ্যৰ কৃষকসকলৰ উন্নয়ণৰ অৰ্থে মোদী ডাঙৰীয়াৰ পদক্ষেপ আৰু কৰ্মৰাজিক সৰোগত কৰাৰ লগতে নিজাববীয়া বহু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে । কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা সকলক দাসে বিশেষভাবে প্ৰতিঘৰ কৃষকৰ পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰি চৰকাৰ আৰু দলে তেওঁলোকৰ বাবে লোৱা কাৰ্যসূচী সমূহ অৱগত কৰিবলৈ অনুৰোধ জনায় । ৰঞ্জিত দাসে সভাত উপস্থিত কাৰ্যকৰ্তা সকলৰ মাজত নিজেই খাদ্য বিতৰণ কৰি দলীয়কৰ্মী সকলৰ দৃষ্টি আকৰ্ষণ কৰে । আনহাতে , সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দি দাসে বিৰোধী দল সমূহে কৃষক নীতিৰ বিষয়ে একো নাজানি অযথা প্ৰতিবাদ কৰি আছে বুলি জনায়। কৃষক সকলৰ প্ৰকৃত উন্নয়ন কেৱল ভাৰতীয় জনতা পাৰ্টীয়েহে কৰিব পাৰে বুলি দাবী কৰে , ইয়াৰ মাজতে জাতিয়তাবাদী দলসমূহক সাগৰৰ ওপৰৰ ঢৌ বুলি তীব্ৰ কটাক্ষ কৰি ভাৰতীয় জনতা পাৰ্টীতকৈ কোনো বেছি জাতিয়তাবাদী নহয় বুলি মন্তব্য কৰে । আজিৰ সভাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া , উপ-সভানেত্ৰী বিজুলী কলিতা মেধি , সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা , জিলা সভাপতি নন্দন তালুকদাৰ , কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল কলিতা সহ বিভিন্ন জিলাৰ সভাপতি সকল উপস্থিত থাকে।উল্লেখযোগ্য যে , দুদিনীয়াকৈ আয়োজন কৰা এই সভাৰ সামৰণী অনুষ্ঠানত কাইলৈ উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here