ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ভৱন মুকলি

64

ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ভৱন মুকলি
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন ,ৰঙিয়া ,২১ জানুৱাৰীঃ আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া শিৱ মন্দিৰ প্ৰাংগণত অসম চৰকাৰৰ অপৰিশোধিত আঁচনিৰ অধীনত ২০১৮-১৯ বর্ষৰ দহ লাখ টকাৰ অনুদানেৰে নিৰ্মিত ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ৰাজহুৱা ভৱনটো মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই । এই ভৱন দুটাই আগন্তুক সময়ত ভক্ত প্ৰাণ ৰাইজৰ লগতে অন্যান্য ধৰ্মীয় অনুষ্ঠান আয়োজনত নিশ্চিতভাৱে সুবিধাজনক হ’ব বুলি আশা কৰা হৈছে । এই ভৱন দুটি মুকলিৰ শুভ মূহুৰ্তত ভক্ত প্ৰাণ ৰাইজৰ লগতে বহু সংখ্যক স্থানীয় ব্যক্তি আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।

Total Page Visits: 20 - Today Page Visits: 2