ৰঙিয়াত মাছৰ পোনা পৌনিক কেন্দ্ৰৰ শুভ উদ্বোধন মীন মন্ত্ৰী পৰিমল শুক্লবদ্যৰ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়াঃ ৰঙিয়াৰ মহকুমা মীন উন্নয়ন বিষয়াৰ কাৰ্যলয়ত আজি ৰাজ্যৰ প্ৰথমটো মৎস্য পোনা পৌনিক উৎপাদনকেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় । ৰঙিয়াত প্ৰথমবাৰলৈ কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবদ্যই । এই উপলক্ষে এখন সভা অনুষ্ঠিত হয় । মীন বিষয়া ধ্ৰুৱজ্যোতি শৰ্মাই সঞ্চালনা কৰা সভাখনত মীন মন্ত্ৰী পৰিমল শুক্লবদ্য , জলসিঞ্চন মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতা , মীন বিভাগৰ সঞ্চালক মৃণাল ক্ৰান্তি দেৱ নাৰায়ণ সহ কেইবা গৰাকী বিষয়া উপস্থিত থাকে । মীন মন্ত্ৰী পৰিমল শুক্লবদ্যই তেওঁৰ ভাষণত কয় যে , বৰ্তমান সময়ত ৰাজ্যৰ মীন বিভাগটোৱে ৩.৭৬ লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও ৰাজ্যত উৎপাদিত মাছ চুবুৰীয়া ৰাজ্য মেঘালয় , ত্ৰিপুৰা, নাগালেণ্ডলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে । ১২,৫০০ টা পুখুৰীৰ খনন কাৰ্য্য ইতিমধ্যে সম্পন্ন হৈছে বুলিও মীন মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।লগতে কয় যে , বৰ্তমান সময়ত ৰাজ্যত মৎস্য উৎপাদন বৃদ্ধি পোৱাত ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰ খনলৈ এক আশাৰ বতৰা আহিছে । বিশ্ব বেংকৰ পৰা লাভ কৰা ৭৪ লাখ ৬৪ হাজাৰ ৬০০ টকাৰে ৰঙিয়াৰ এই প্ৰথম মাছৰ পোনা পৌনিক কেন্দ্ৰটো নিৰ্মাণ কৰি উলিওৱা হয় বুলি উল্লেখ কৰে । ইয়াৰ উপৰিও অচিৰেই “ৰেডি টু ইট” শীৰ্ষক আচনীৰে ঘৰে ঘৰে উন্নত মানৰ মাছৰ যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
ৰঙিয়াত মাছৰ পোনা পৌনিক কেন্দ্ৰৰ শুভ উদ্বোধন মীন মন্ত্ৰী পৰিমল শুক্লবদ্যৰ
Total Page Visits: 47 - Today Page Visits: 1