আফতাৰ চৌধুৰী, ষ্টাফ ৰিপৰ্টাৰ, ৯ ফেব্ৰুৱাৰীঃ হোজাই জিলাত এটাৰ পিছত আন এটা মৃতদেহ উদ্ধাৰ হোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিছুদিন পুৰ্বে মোৰাজাৰ থানাৰ অন্তৰ্গত মাটিখোলাত এজন বৃদ্ধৰ কঠা মৃতদেহ উদ্ধাৰ হোৱাৰ চাঞ্চল্য মাৰ নেযাওতেই এইবাৰ লংকা থানাৰ অন্তৰ্গত ডালমিয়া চিমেণ্ট ফেক্টৰীৰ গাতে লাগি থকা পুখুৰীৰ পাৰত মুখ মণ্ডল পিটনিত সোমাই থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃত দেহ। স্থানীয় উদালী আৰক্ষীক খবৰ দিয়াৰ লগে লগে ঘটনাস্থলীত উদালী আৰক্ষী উপস্থিত হৈ উৰ্ধতম আৰক্ষীক অৱগত কৰাৰ লগতে দণ্ডাদীশক অৱগত কৰা হয়। দণ্ডাদীশৰ উপস্থিতিত অচিনাক্ত মহিলাৰ মৃত দেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে। বৰ্তমান লৈকে অৰ্ধগলিত মহিলাৰ পৰিচয় লাভ কৰা নাই স্থানীয় আৰক্ষীয়ে । শনিবাৰে অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাত স্থানীয় ৰাইজ চিন্তিত হোৱাৰ হোৱাৰ লগতে ভয়ত আতংকিত হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে WD মেছেজৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ আৰক্ষীক খবৰ দিয়াৰ কথা জনায় স্থানীয় আৰক্ষী বিষয়াই।
হোজাইৰ লংকাত অচিনাক্ত অৰ্ধগলিত মৃত দেহ উদ্ধাৰ
Total Page Visits: 28 - Today Page Visits: 2