দিনযোৰা কাৰ্যসূচীৰে অসমৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত তিনিচুকীয়াত

0
39
দিনযোৰা কাৰ্যসূচীৰে অসমৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত তিনিচুকীয়াত
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ১৫ মেঃ পোন প্ৰথমে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উপস্থিত হয় ১৪ মেত বোমা বিস্ফোৰণ হোৱা ডিগবৈ টিংৰাই বজাৰত । টিংৰাইত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ পৰ্যবেক্ষণ কৰাৰ লগতে উক্ত ঘটনাত মৃত্যু হোৱা দুগৰাকী মৃতকৰ পৰিয়ালৰ ভিতৰত সুৰজিত তালুকদাৰৰ ঘৰত উপস্থিত হয় পৰিয়ালক সান্তনা দিয়াৰ লগতে দুই মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে । ইয়াৰ পিছতে মন্ত্ৰী জনে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ক’ভিড চেণ্টাৰসমূহ পৰ্যবেক্ষণ কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আহি জিলা উপায়ুক্তৰ লগত সাম্প্রতিক ক’ভিড পৰিস্থিতি ওপৰত সবিশেষ আলোচনা কৰে । আলোচনাত মিলিত হোৱাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে , তিনিচুকীয়াত ক’ভিড আক্রান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাক লৈ তিনিচুকীয়া জিলা খন ক’ভিড মহামাৰীৰ ভয়াৱহতা নিয়ন্ত্ৰণ কৰিবলৈ জিলা উপায়ুক্তক দায়িত্ব প্ৰদান কৰে যে ২ বজাৰ যি সান্ধ্য আইন সেই  সান্ধ্য আইন এতিয়াৰে পৰা ১২ বজাত জাৰি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে । ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে অন্ততঃ ৫০০ শ RTPCR টেষ্ট কৰিবলৈ জিলা প্ৰশাসনক পৰামৰ্শ প্ৰদান কৰে । লগতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ১৫ খন ICU বিচনা আছে , তাক ২০ খনলৈ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত এটা অক্সিজেন জেনেৰেচন ইউনিত নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত  জানিব দিয়ে । তিনিচুকীয়া জিলাৰ যিসমূহ চাহ বাগিচা ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে , তাক কণ্ট্ৰেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে শ্ৰমিক সকলক আৰ্থিক সমস্যাৰ ওপৰতো গুৰুত্ব দিয়াৰ কথা অৱগত কৰে । আনহাতে , আলফাৰ ওপৰত আন এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । ONGC ৰ অপহিত বিষয়া ৰিতুল শইকীয়াৰ ক্ষেত্ৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে , তেওঁ বৰ্তমান ম্যানমাৰত আছে । তেওঁৰ মুক্তিৰ বাবে বিভিন্ন পৰ্যায়ত কথা-বাৰ্তা চলি আছে বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে । ক’ভিড ভেকচিনৰ অভাৱ গোটেই বিশ্বতে হৈছে যদিও অসমৰ তিনিচুকীয়া জিলাত পৰ্যাপ্ত পৰিমানে ভেকচিন সংৰক্ষণ আছে । লগতে এসপ্তাহত ২৫ হাজাৰ ক’ভিড ভেকচিন দিব পৰা ক্ষমতা আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here