নগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড , দীৰ্ঘদিনীয়া ভূমি কেন্দ্ৰিক সংঘাতৰ চৰম পৰিনতি , ভতিজাকে হত্যা কৰিলে বৃদ্ধ বৰদেউতা-বৰমাকক  

0
42
নগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড , দীৰ্ঘদিনীয়া ভূমি কেন্দ্ৰিক সংঘাতৰ চৰম পৰিনতি , ভতিজাকে হত্যা কৰিলে বৃদ্ধ বৰদেউতা-বৰমাকক
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ১৫ মে’ : নগাঁও জিলাৰ সমীপৰ ননৈ আৰক্ষী চকীৰ অন্তৰ্গত ননৈ কুমাৰ গাঁৱত কালি নিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে , গাঁওখনৰ কাৰ্তিক শ‌‌ইকীয়া নামৰ এজন উদণ্ড স্বভাৱৰ যুৱকে নিজৰ বৃদ্ধ বৰদেউতা আৰু বৰমাকক নিশা প্ৰায় ১০ মান বজাত শোৱাপাটিতে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে । ঘাতক ভতিজাকৰ তীব্ৰ কুঠাৰৰ ঘাপত থিতাতে নিহত হোৱা বৃদ্ধ লোকজন দুজন হ’ল-  নালিয়া শইকীয়া(৯০) আৰু কণছোৱালী শইকীয়া(৮২)। উল্লেখ্য যে , ঘাতক কাৰ্তিক শ‌‌ইকীয়া আৰু তেওঁৰ বৰদেউতা আৰু বৰমাকৰ লগত এডোখৰ পথাৰৰ ভূমিক লৈ সংঘাত চলি আছিল । প্ৰায়ে সেই ভুমিডৰাক লৈ তেওঁলোকৰ মাজত হাই-কাজিয়া চলিছিল । কালি পুৱাৰ ভাগত এই নিৰ্দিষ্ট বিবাদমান ভূমি ডোখৰ বৰদেউতাক নালিয়া শ‌‌ইকীয়াহঁতে কাৰাবোক বিক্ৰী কৰাৰ বাবে বন্দোবস্ত‌ও কৰিছিল । কাৰণ নালিয়া আৰু কণছোৱালী শইকীয়াৰ এগৰাকী জী-জোৱাইৰ চিকিৎসাজনিত কাৰণত ধনৰ প্ৰয়োজন হৈছিল । সেই বাবেই তেওঁলোকে সেই ভূমিডৰা বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল । এই কথা জানিব পাৰি ভতিজাক কাৰ্তিক শ‌‌ইকীয়াই পুৱাৰ ভাগতে বৰদেউতাক আৰু বৰমাকৰ লগত কাজিয়াত লিপ্ত হৈছিল । ঘটনাটো কাজিয়াতে সীমাবদ্ধ নাথাকিল । কাৰ্তিকে সন্ধ্যাই সুৰাপান কৰি এক প্ৰকাৰ বলীয়াৰ দৰে হৈ পৰিছিল বুলি স্থানীয় এক সুত্ৰে জানিব পৰা গৈছে । পিছত নিশা প্ৰায় দহমান বজাত বতাহ ধুমুহা আৰম্ভ হ‌ওতেই বিদ্যুৎ সংযোগ বিছিন্ন হৈ পৰে । ফলত চৌদিশে আন্ধাৰ হৈ পৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একেটা চৌহদত বসবাস কৰা ঘাতক কাৰ্তিকে বৰদেউতা আৰু বৰমাকক কুঠাৰেৰে ঘপিয়াই নিৰ্মম ভাবে আঘাত কৰাত  বৃদ্ধ দম্পত্তিহালৰ থিতাতে মৃত্যু হয় । ঘটনাৰ খবৰ লাভ কৰি লগে লগে নগাঁও আৰক্ষীৰ এটা উচ্চ পদস্থ আৰক্ষীৰ দল উপস্থিত হৈ তেজেৰে তুলুৰি পুতুৰি অৱস্থাত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । লগতে হত্যাকাৰী কাৰ্তিক শ‌‌ইকীয়াকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । স্মৰ্তব্য যে , কোনো উপাৰ্জন মুখী কামত নিয়োজিত নথকা উদণ্ড স্বভাৱৰ কাৰ্তিকে কিছুদিন পুৰ্বে নিজ মাতৃক সৰু সুৰা ঘৰুৱা কথাতে আক্ৰমণ কৰিছিল । মনকৰিবলগীয়া যে ভুক্তভোগী বৃদ্ধ দম্পত্তি হালৰ দুগৰাকী কন্যা আছে যদিও দুয়োকে ইতিমধ্যে বিয়া দিছে । আনহাতে , দুগৰাকী পুত্ৰ‌ও আছে যদিও কৰ্মসূত্ৰে এগৰাকী পুত্ৰ বাহিৰত থাকে আৰু এজন ঘৰতে থাকে যদিও পিতৃ-মাতৃৰ সৈতে সু-সম্পৰ্ক নাই বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে । যাৰ সুযোগ গ্ৰহণ কৰিও কাৰ্তিকে কালি নিশা লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত কৰিবলৈ পালে বুলি অঞ্চলজুৰি এক চৰ্চা চলিছে । অৱশ্যে আৰক্ষীৰ সঠিক তদন্তত সমগ্ৰ বিষয় পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে । ইপিনে , হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ উলিয়াবলৈ নগাঁও সদৰ আৰক্ষীয়ে ঘাতক কাৰ্তিক শ‌‌ইকীয়াক মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here