নগাঁৱত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত , কভিডক লৈ জিলা প্ৰশাসনৰ লগত পৰ্যালোচনা বৈঠকত মিলিত 

0
40
নগাঁৱত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত , কভিডক লৈ জিলা প্ৰশাসনৰ লগত পৰ্যালোচনা বৈঠকত মিলিত
দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান ,  নগাঁও , ১৫ মে’ : ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আজি পুৱাৰ ভাগতে নগাঁও জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে নগাঁৱত উপস্থিত হয়হি । মন্ত্ৰী মহন্তই বিধায়ক ৰূপক শৰ্মা , জিলা উপায়ুক্ত কবিথা পদ্মনাভনক লগত লৈ পোনে পোনে শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ক’ভিড হাস্পতালৰ চিকিৎসা সেৱা সন্দৰ্ভত বুজ লয় আৰু জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হয় । পিছত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসন , আৰক্ষী , স্বাস্থ্য , জনস্বাস্থ্য কাৰিকৰী বিভাগকে আদি কৰি চৰকাৰী বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । জিলাখনৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ , প্ৰতিৰোধ , টিকাকৰণ , চিকিৎসা সেৱাকে আদি কৰি ক’ভিড হাস্পতালৰ ৰোগীৰ সা-সুবিধা , আই চি ইউ কক্ষৰ ব্যৱস্থা , অক্সিজেন যোগান আদি বিভিন্ন বিষয় সামৰি বৈঠকত আলোচনা কৰাৰ লগতে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক মন্ত্ৰীজনে নিৰ্দেশ দিয়ে । ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত জিলাখনৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত কয়- নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কভিড হাস্পতালত ইতিপূৰ্বে স্থাপন কৰা ২০ খন বিচনাযুক্ত আই চি ইউ কক্ষৰ থকাৰ উপৰিও আৰু ৪০ খন আই চি ইউ  বিছনা স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অহা সপ্তাহৰ ভিতৰত এই আই চি ইউ বিছনা কেইখন ৰোগীৰ বাবে প্ৰস্তুত হৈ উঠিব । তদুপৰি চিকিৎসালয়খনত এটা অক্সিজেন প্ৰকল্প নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অহা পাঁচ দিনৰ ভিতৰত ই কাৰ্যক্ষম হৈ উঠিব । অৱশ্যে মাজৰ এই সময় খিনিত অক্সিজেনৰ জাম্বু চিলিণ্ডাৰৰ জৰিয়তে ক’ভিড ৰোগীক অক্সিজেন যোগান ধৰা হ’ব বুলি মন্ত্ৰী মহন্তই জানিবলৈ দিয়ে । ইয়াৰোপৰি জিলাখনৰ আন ক’ভিড কেয়াৰ চেণ্টাৰ সমূহো সাজু কৰি তোলা হৈছে আৰু চাহ বাগিছা সমুহত ক’ভিড প্ৰতিৰোধ কৰাৰ বাবে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী মহন্তই সংবাদ মাধ্যমৰ আগত কয়- ক’ভিড-১৯ প্ৰতিৰোধ আৰু সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ । মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই এই ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনা জাৰি কৰিছে । সমগ্ৰ ৰাজ্যখনৰ ক’ভিড ৰোগীৰ সুবিধা হোৱাকৈ অহা সোমবাৰৰ ভিতৰত ১০০ খন এম্বুলেন্স নতুনকৈ চিকিৎসালয় সমুহৰ সেৱাত নিয়োজিত বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে অৱগত কৰে । সংবাদ মেল সম্বোধন কৰাৰ সময়ত বিধায়কদ্বয় ৰূপক শৰ্মা আৰু জিতু গোস্বামী উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here