সাংবাদিক জুলফিকৰ আলী আহমেদৰ মৃত্যু

0
57
সাংবাদিক জুলফিকৰ আলী আহমেদৰ মৃত্যু

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক হাউলী , ১১ মেঃ সংবাদৰ পিছে পিছে ঘুৰি ফুৰোতে কেতিয়াবা যে নিজেও খবৰ হ’ব লাগে সেয়া আজি পুনৰ প্ৰমাণ হ’ল যুৱ সাংবাদিক তথা অসমীয়া সাহিত্য সন্মিলনীৰ বৰপেটা জিলা সমিতিৰ সদস্য জুলফিকৰ আলি আহমেদৰ মৃত্যুত। এজন সাংবাদিকৰ জীৱন কিমান কণ্টকময় সেয়া উপলব্ধি কৰা জনেহে বুজিব। একাধাৰে সাংবাদিক সমাজকৰ্মী তথা টিম হিউমেনিটি ৰক্তদাতা গ্ৰুপৰ নিয়মীয়া সদস্য জুলফিকৰ আলি আহমেদ। সদা হাস্যময়ী যুৱ সাংবাদিক জুলফিকৰ আলি আহমেদৰ আছিলে এক বিশেষত্ব। নিজৰ হাঁহিৰ জড়িয়তে সকলোকে আপোন কৰি লোৱা জুলফিকৰ আলি আহমেদ ভুগি আছিল বৃক্কৰ এক জটিল ৰোগত।  তথাপিও যেন হাৰ মনা নাছিল জুলফিকৰ আলি আহমেদ। জীৱন উপভোগ কৰাৰ দুৰ্বাৰ হেঁপাহ এটি যেন কঢ়িয়াই ফুৰিছিল মনৰ মাজত। বিগত এবছৰৰ পৰা বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল জুলফিকৰ আলি আহমেদ । যোৱা ৪ মে তাৰিখে সংকটজনক অৱস্থাত আমিনগাঁও স্থিত জি এন আৰ চি হস্পিটেলত ভৰ্তি কৰোৱা হয় । কিন্তু নিয়তিৰ ওচৰত হাৰ মানি আজি পুৱতি নিশা তেওঁ সকলো সতীৰ্থ সাংবাদিকৰ লগতে পৰিয়ালৰ লোকক কন্দুৱাই এই জগতৰ মায়া মোহ পৰিত্যাগ কৰি চিৰ বিদায় লয় । আমি অসমৰ জনগন আৰু নিউজ৩০’ৰ জড়িয়তে নিজৰ সাংবাদিকতাৰ পাতনি মেলিছিল জুলফিকৰ আলি আহমেদ। খবৰৰ পিছত দৌৰি আজি নিজেই খবৰলৈ পৰিণত হ’ল জুলফিকৰ আলি আহমেদ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here