হোমেন যুগৰ অৱসান ঘটাই গুছি গ’ল সাহিত্য-সংবাদৰ পূজাৰী হোমেন বৰগোহাঞি , শোকাকূল হৃদয়েৰে ৰাষ্ট্ৰীয় মৰ্যদাৰ সৈতে শেষকৃত্যঃ বিদায় মহীৰূহ

0
61
হোমেন যুগৰ অৱসান ঘটাই গুছি গ’ল সাহিত্য-সংবাদৰ পূজাৰী হোমেন বৰগোহাঞি , ৰামধেনু যুগৰ পৰাই সাহিত্যৰ ভঁৰাল সমৃদ্ধি কৰি আহিছিল বৰেণ্য সাহিত্যিকগৰাকীয়ে , সমগ্ৰ অসম আৰু অসমীয়াই কান্দিলেঃ শোকাকূল হৃদয়েৰে ৰাষ্ট্ৰীয় মৰ্যদাৰ সৈতে শেষকৃত্যঃ বিদায় মহীৰূহ
ষ্টাফ ৰিপ’ৰ্টাৰ, দূৰ্নীতিৰ দৰ্পণ সেৱা, চৈয়দ আফতাদ হুছেইন, ১২ মেঃ ৰামধেনু যুগৰ পঞ্চাছৰ দশকৰ পৰাই গল্প, কবিতা, উপন্যাস, প্ৰবন্ধৰে অসমীয়া সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰি অহা সাহিত্যিক, চৰকাৰৰ প্ৰশাসনিক চাকৰি এৰি  সংবাদ জগততো খোজ দিয়া ৮৯ বছৰ বয়সীয়া বৰেণ্য সাহিত্যিক কথাশিল্পী হোমেন বৰগোহাঞিৰ ৰাতিপুৱা ৬:৫৮ মিনিটত দেহাৱসান ঘটা বুলি চিকিৎসকে ঘোষণা কৰে। মুহূৰ্ততৰ ভিতৰতে অসমৰ সাহিত্য-সংবাদ জগতত বিয়পি পৰিছে শোকৰ ছাঁ। কান্দি উঠিল সমগ্ৰ অসম আৰু অসমীয়াই। ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হৈছিল। পঞ্চাছৰ দশকৰ পৰাই গল্প, কবিতা, উপন্যাস, প্ৰবন্ধৰে অসমীয়া সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছিল সাহিত্যিকগৰাকীয়ে। হোমেন বৰগোহাঞিয়ে কেইবাখনো উপন্যাসেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে, ইয়াৰকেইখনমান হৈছে- সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাগ, পিতা-পুত্ৰ, দুখন ৰাজনৈতিক উপন্যাস: কুশীলৱ আৰু তিমিৰ তীৰ্থ, এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, সুবালা, মৎস্যগন্ধা আৰু তান্ত্ৰিক। তেখেতে লিখা একমাত্ৰ কবিতা পুথি হৈছে হৈমন্তী। তেখেতৰ কেইবাখনো প্ৰবন্ধ সংকলনৰ অন্যতম- প্ৰজ্ঞাৰ সাধনা, গদ্যৰ সাধনা, পাঠকৰ টোকবহী, উচ্চাকাংক্ষা, আশীৰ দশকৰ দস্তবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, মানুহ হোৱাৰ গৌৰৱ, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, শৰীৰ আৰু হৃদয়, সাৰাংশ, জিজ্ঞাসা। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয় বৰেণ্য সাহিত্যিকগৰাকী। তেখেতে ইয়াৰ উপৰিও অসম উপত্যাকা সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। ২০০১ আৰু ২০০২ চনত অসম সাহিত্য সভাৰ ডিব্ৰুগড় আৰু কলগাছিয়া অধিৱেশনৰ সভাপতি আসন শুৱনি কৰিছিল হোমেন বৰগোহাঞিয়ে। সংবাদ জগতৰ সৈতে নিবিড় সম্পৰ্ক থকা বৰগোহাঞিয়ে কেইবাখনো বাতৰি কাকতৰ সৈতেও জড়িত আছিল । সাপ্তাহিক নীলাচল, নিয়মীয়া বাৰ্তা আদিকে ধৰি বহু সংখ্যক কাকতত সম্পাদনা কৰিছে। তেখেতৰ মৃত্যু অসমৰ সাহিত্য, সংবাদ, সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি। তেখেতৰ মৃত্যুৰ লগে লগে হোমেন নামৰ এটা যুগৰ অৱসান ঘটিল। ৰাষ্ট্ৰীয় মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত অসমৰ জাতীয় জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞিদেৱৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰা হয়। সাহিত্যিকগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পন কৰি তেখেতৰ প্ৰতি  শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। দেশৰ বিভিন্ন মহলে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে  অসমীয়া সাহিত্য আৰু সমাজ জীৱনত তেখেতে আগবঢ়োৱা অপৰিসীম  অৱদানৰ কথা সুৱৰি তেখেতৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰি আৱেগিক হৈ পৰে কয়াকুছি প্ৰেছ এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক আব্দুল জলিলে। লগতে সকলো প্ৰাণীয়েই এদিন মৃত্যুবৰণ কৰিব লাগিব যদিও অসমীয়া সাহিত্য জগতৰ নক্ষত্ৰ স্বৰূপ হোমেন বৰগোহাঞিদেৱৰ বিয়োগত সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পৰিয়ালৰ লগতে অসম তথা বৰপেটা জিলাৰ বিভিন্ন দল-সংগঠনে  গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ লগতে জাহোৰপাম আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও গভীৰ  শোক প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here