হোজাই জিলাৰ মোৰাজাৰ থানাৰ হাতীখালী গাওঁত হত্যাৰ উদ্দেশ্যৰে যুৱকক আক্ৰমণ

0
79

ষ্টাফ ৰিপৰ্টাৰ, আফতাৰ চৌধুৰী,  ১৬ এপ্ৰিলঃ  হোজাই জিলাৰ মোৰাজাৰ থানা অঞ্চলত ক্ৰমান্বয়ে আইন শৃংখলাৰ অৱনতি ঘটিছে। এটাৰ পিছত এটা হত্যাকাণ্ডই অঞ্চলটো জোকাৰি গৈছে। মাত্ৰ কিছুদিন আগতে আৰক্ষীৰ জিম্মাত থকা যুৱকৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ, জলসিঞ্চন বিভাগৰ নলাৰ পাৰত বৃদ্ধৰ ডিঙি কটা মৃদদেহ উদ্ধাৰকে আদি কৰি বহুতো হত্যাকাণ্ড সংগঠিত হৈছে মোৰাজাৰ থানা অঞ্চলত। কিছুমান হত্যাক আত্মহত্যাৰ ৰূপো দিয়া দেখা গৈছে।

চিতলমাৰীত হোৱা নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নেযাওতেই এইবাৰ দেৱস্তান আৰক্ষী চকীৰ অন্তৰ্গত হাতীখালী গাওঁত এজন যুৱকক হত্যাৰ উদ্দেশ্য হাতে হাতে দা, লাঠিৰ লগতে চোকা অস্ৰলৈ দলৱদ্ধভাৱে এজন যুৱকৰ ঘৰত গৈ হত্যাৰ উদ্দেশ্য আক্ৰমণ চলায়।

ঘটনাৰ বিৱৰণীমতে নৱনিৰ্মিত ৰাস্তাৰে বৰষুণৰ বতৰত লোড গাড়ী চলাই গাৱলীয়া ৰাস্তাটো নষ্ট নকৰিবলৈ গাড়ীচালকক অনুৰোধ কৰাত খড়গহস্ত হৈ আব্দুল জব্বাৰ আৰু তেওঁৰ দুৰসম্পৰ্কীয় আত্মীয় ক্ৰমে আবুল কালাম ওৰফে কালা আৰু চামচ উদ্দিন ওৰফে শ্বমে নিজৰ ভতিজা আৰু ল’ৰাক লগত লৈ আব্দুল কালাম নামৰ যুৱকজনৰ ঘৰত দা, লাঠি আৰু চোকা অস্ৰৰে আক্ৰমণ চলায়। কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি যুৱকজনে সমাজৰ মুৰব্বী আৰু গাওঁৰক্ষী বাহিনীক জনায়। মুৰব্বীসকলে বিচাৰ কৰি দিবলৈ সন্ধিয়া সময়ত বহে যদিও কালা আৰম্ভ শ্বমৰ দলে বিচাৰত উপস্থিত নহৈ আবুল কালামৰ ঘৰৰ ওচৰৰ ঘৰত থাকি আবুল কালামক অনুসৰণ কৰে। মুৰব্বী সকলে অপাৰগ হৈ বিচাৰ এৰি দিয়ে।
ৰাতিপুৱা আবুল কালামে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইফালে এই কথাত কালা আৰু শ্বমৰ দলে অগ্নিশৰ্মা হৈ গাওৰক্ষী বাহিনীৰ সচিব আৰু সমাজৰ গণ্য মান্য ব্যক্তিৰ সন্মুখত জনায় যে যাওঁতে আবুল কালামক হত্যা কৰি যাব ।

ৰাতিপুৱা দহ বজাত দেৱস্তান আৰক্ষী উপস্থিত হয় যদিও কালা আৰু শ্বম পলাই সাৰে। শ্মম আৰু কালাক থানাত উপস্থিত হবলৈ জনাই যায় দেৱস্তান আৰক্ষীয়ে।

প্ৰশ্ন উত্থাপন হৈছে আইনৰ প্ৰতি মানুহৰ মাজত ভয় নাইকিয়া হোৱাৰ কাৰণ কি? দেখা গৈছে যে গুৰুতৰ অপৰাধ কৰাৰ পিছতো অপৰাধী আইনৰ ফাকেৰে ওলাই যায়। আৰক্ষীৰ ভুমিকাৰ ওপৰত নিৰ্ভৰ কৰে অপৰাধীয়ে শাস্তি পাবনে নাই। ইফালে হত্যাৰ নিচিনা গুৰুতৰ অপৰাধ কৰিও মাত্ৰ তিনিমাহ জেলত থাকি সমাজত মুকলিকৈ ফুৰিবৰ সুবিধা পায় অভিযুক্ত হত্যাকাৰীয়ে।
গতিকে অপৰাধ প্ৰৱণতা থকা ব্যক্তিয়ে সুযোগ পালেই অপৰাধ সংগঠিত কৰে। বিচাৰ প্ৰক্ৰিয়াৰ বিলম্বৰ কাৰণে অপৰাধ কৰা মানুহে শাস্তি পোৱাৰ আগতে বৃদ্ধ হৈ মৃত্যু হোৱাৰ অলেখ উদাহৰণ আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here