অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে তামাৰহাটত “আমছু”ৰ মানৱ শৃংখল , উচ্ছেদ কাৰ্য্য বন্ধ নকৰেলে আমছুৱে গঢ়ি তুলিব তীব্ৰ আন্দোলন

59

অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে তামাৰহাটত “আমছু”ৰ মানৱ শৃংখল , উচ্ছেদ কাৰ্য্য বন্ধ নকৰেলে আমছুৱে গঢ়ি তুলিব তীব্ৰ আন্দোলন

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰুহুল আমিন সেখ , তামাৰহাট , ২২ ছেপ্টেম্বৰ : অসমৰ বিভিন্ন অঞ্চলৰ লগতে বিশেষকৈ চিপাঝাৰৰ চৰ অঞ্চলত অসম চৰকাৰে অমানৱীয় ভাবে আঠ শতাধিক পৰিয়ালক উচ্ছেদ কৰা কাৰ্য্যৰ প্ৰতিবাদত আজি ধুবুৰী জিলা ‘আমছু’ৱে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট বজাৰত মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ন কৰে । তামাৰহাট আঞ্চলিক আমছুৰ সহযোগত ধুবুৰী জিলা আমছুৱে আজি উক্ত কাৰ্য্যসূচী পালন কৰে । আমছুৰ ধুবুৰী জিলা কমিটিৰ সভাপতি আব্দুল বাতেন শ্বেখৰ নেতৃত্বত ধুবুৰী জিলা কমিটি আৰু তামাৰহাট আঞ্চলিক কমিটিৰ অৰ্ধ শতাধিক কৰ্মী-সমৰ্থকে হাতে হাতে প্লেকাৰ্ড ,বেনাৰ , ফেষ্টুন আদিলৈ বিজেপি চৰকাৰ গ’বেগ,হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ,অমানৱীয় উচ্ছেদ কাৰ্য্য বন্ধ কৰক,ধৰ্মৰ নামত ৰাজনীতি বন্ধ কৰক,চৰাঞ্চলত মাটিৰ পট্টা দিয়ক,উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়ক,ধৰ্মীয় স্থানত উচ্ছেদ বন্ধ কৰক আদি প্ৰতিবাদী শ্লোগানেৰে তামাৰহাটৰ পৰিবেশ উত্তাল কৰি তোলে । উক্ত কাৰ্য্যসূচীৰ নেতৃত্বদি ধুবুৰী জিলা আমছুৰ সভাপতি আব্দুল বাতেন শ্বেখে কয় যে , অসম খনক আগুৱাই নিবলৈ হলে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠী আৰু সকলো ধৰ্মালম্বী লোকৰ সম উন্নয়ন হব লাগিব । কিন্তু কেবল মুছলমান সকলক বঞ্চিত কৰিলে অসমৰ উন্নয়ন কেতিয়াও সম্ভৱ নহব । সভাপতি গৰাকীয়ে আকৌ কয় যে , অসম চৰকাৰে অতিশীঘ্ৰে উক্ত অমানৱীয় উচ্ছেদকাৰ্য্য বন্ধ নকৰিলে আমছুৱে প্ৰতিবাদী কাৰ্য্যসূচী গনতান্ত্ৰীক ভাবে তীব্ৰতৰ কৰি তুলিব বুলি সকিয়াই দিয়ে ।