গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত “ফিট ইণ্ডিয়া ফ্ৰিডম ৰান 2.0 অনুষ্ঠিত

92

গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত “ফিট ইণ্ডিয়া ফ্ৰিডম ৰান 2.0 অনুষ্ঠিত

দুৰ্নীতিৰ দৰ্পণ সেৱা , আলমগঞ্জৰ পৰা ইমৰান হুছেইন সেখ , ১৪ আগষ্ট :”আজাদি কা অমৃত মহোৎসৱ-ভাৰতৰ ৭৫ অংশ হিচাবে যোৱা ১৩ জুন তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ বিষয়াৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ “ফিট ইণ্ডিয়া ফ্ৰিডম ৰান 2.0 উদ্বোধন কৰে । সেই অনুষ্ঠানৰ অংশ হিচাবে গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ সৌজন্যত মহাবিদ্যালয় খনৰ ইকো ক্লাবৰ উদ্যোগত আৰু এন চি চি প্লাটুনৰ সহযোগিতাত “ফিট ইণ্ডিয়া ফ্ৰিডম ৰান 2.0 অনুষ্ঠিত হয় । আজিৰ এই অনুষ্ঠানৰ এটা অংশ হিচাবে ৰাতিপুৱা 8:30 বজাত মহাবিদ্যালয়ৰ চৌহদত ‘ক্লিনিং কেম্পাচ’ কাৰ্য্যসূচী ৰূপায়ণ কৰে । 9:30 বজাত মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে” ফিট ইণ্ডিয়া ফ্ৰিডম ৰান 2.0″ কাৰ্য্যসূচী অনুষ্ঠিত কৰি মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক তথা ইকো ক্লাবৰ কো-অৰ্ডিনেটৰ ড° আমিনুৰ ইছলামে জনায় যে “আমি যিহেতু দেশ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ । গতিকে , আমি এখন ফিট আৰু স্বাস্থ্যসম্মত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব লাগিব । তেতিয়াহে এখন শক্তিশালী দেশ গঢ়ি উঠিব । ড° ইছলামে ছাত্ৰ-ছাত্ৰীৰ সকলৰ লগতে সমাজৰ প্ৰতিজন ব্যক্তিক “ফিট ইণ্ডিয়া ফ্ৰিডম ৰানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । আৰু কয় যে , আমি প্ৰতিজন নাগৰিক কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্য্যসূচী ব্যক্তিগতভাৱে ৰূপায়ণ কৰিলে ইয়াক জন আন্দোলনত পৰিণত কৰা যাব”। প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ আজিৰ কাৰ্য্যসূচীত ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা এন চি চি প্লাটুন লেফটেনেন্ট ড° টাইবুল ইছ্লাম মোল্লা,হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক ড° শম্ভু পাণ্ডে আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক হাছিব মহম্মদ ইকবাল অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে , “আজাদি কা অমৃত মহোৎসৱ- ভাৰত @ 75 অহা 2 অক্টোবৰ গান্ধী-জয়ন্তী দিবসত অন্ত পৰিব । ফিট ইণ্ডিয়া ফ্ৰিডম ৰানৰ লক্ষ্য হ’ল দেশৰ প্ৰতিজন নাগৰিকে নিজৰ ফিটনেছৰ প্ৰতি দৃষ্টি দিয়া । প্ৰতিদিন দৌৰা । ইয়াৰ জৰিয়তে আলস্য,উদ্বেগ,চিন্তা,ৰোগ আদিৰ পৰা মুক্তি পোৱা । এই অভিযানৰ জৰিয়তে দেশবাসীৰ ওচৰত এই বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে যে দেশবাসী যাতে দৈনন্দিন কমেও আধা ঘণ্টাকৈ শৰীৰ চৰ্চা কৰে । অৰ্থাৎ “ফিটনেছ কি ডোজ,আধা ঘণ্টা ৰোজ” ফিট ইণ্ডিয়া ফ্ৰিডম ৰানৰ মৌলিক লক্ষ্য আৰু উদ্দেশ্য ।