মাজুলিৰ দৰে ঘটনা পুনৰাবৃত্তি হব নেকি ধুবুৰীত ?

173

মাজুলিৰ দৰে ঘটনা পুনৰাবৃত্তি হব নেকি ধুবুৰীত ?

ষ্টাফ ৰিপৰ্টাৰ, হবিবুৰ ৰহমান , ১১ ছেপ্তেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা , মানকাৰচৰ আৰু জলেশ্বৰত অত্যাধিক যাত্ৰী লৈ ব্ৰহ্মপুত্ৰ নদীৰ মাজ ভাগত চলা-চল কৰে যন্ত্ৰচালিত চেলো নাওঁ । কোনো সতৰ্কতা অৱলম্বন নকৰে কোনো এখন যন্ত্ৰচালিত চেলো নাৱে । প্ৰতিদিনেই হাটশিঙিমাৰীৰ কোকৰাডাংগাৰ পৰা ধুবুৰী লৈ চলা-চল কৰে কেইবাখনো ফেৰী । দক্ষিণ শালমাৰা মানকাচৰ জলেশ্বৰত কাণসাৰ নাই জিলা জল পৰিবহন বিভাগৰ ৷ আজি হঠাৎ দুখন ফেৰীয়ে একেলগ যোৱাৰ সময়ত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় । তিনিদিনমান পূৰ্ৱে মাজুলীৰ নিমাতী ঘাটত অনুৰুপ ঘটনা সংঘটিত হৈছিল । ২০১২ চনত মেদেৰটাৰীত সংঘটিত হৈছিল এক ভয়ংকৰ নাওঁ দুৰ্ঘটনা । প্ৰায় অৰ্ধশতাধিক যাত্ৰীৰ মৃত্যু হৈছিল নাওঁ দুৰ্ঘটনাত । ইয়াৰ পৰাও শিক্ষা লোৱা নাই একাংশ ফেৰীৰ গৰাকীয়ে ৷ জিলা জল পৰিবহণ বিভাগে দিয়া কোনো ধৰনৰ কানসাৰ ৷ কেতিয়াবা সংগঠিত হব পাৰে ভয়ানক ঘটনা ৷ মানকাচাৰত চলা ফেৰী সমূহৰ ওপৰত জিলা জল পৰিবহন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে ৷