কৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰু অসমৰ গ্ৰাম্য সমাজ

গোপাল কৃষ্ণ বাঢ়ৈ , টীয়ক

কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌয়ে ইতিমধ্যে সমগ্ৰ দেশতে পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে ৷ দেশত দৈনিক লাখৰো অধিক পজিটিভ ৰোগী চিনাক্ত হৈয়ে আছে ৷ অসমতো বৰ্তমানলৈকে ৪৭ হাজাৰো অধিক ব্যক্তি আক্ৰান্ত হৈ আছে আৰু ৩৮৭৩ গৰাকী ব্যক্তি এই ৰোগত মৃত্যু হৈছে ৷ চৰকাৰ তথা প্ৰশাসনেও ইয়াক ৰোধ কৰিবৰ বাবে ভেকচিন প্ৰদানৰ লগতে লকডাউন আৰু বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰি ৰাখিছে ৷ তৎ সত্বেও অসমৰ একাংশ গ্ৰামাঞ্চলৰ অসচেতন লোকে চৰকাৰী নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে ৷ সান্ধ্য আইন বাহাল থকাৰ সময়টো একাংশই দোকান খুলি ৰখাৰ লগতে মুক্ত মনে এচামে তিঘিলঘিলাই ফুৰিছে ৷ তিনি আলিত এচামে জুম বান্ধি আড্ডা মাৰিছে ৷ বহু ঠাইৰ পৰা আৰক্ষীয়ে অবৈধ চুলাই মদৰ ঘাটী উৎখাত কৰাৰ খবৰ আহিছে ৷ বিদ্যালয়সমূহ বন্ধ হৈ আছে যদিও বহু ঠাইত ছাত্ৰ ছাত্ৰীয়ে চাইকেল লৈ ৰাষ্টাত ঘূৰি ফুৰিছে ৷ বাৰীত আম , কঠাল বিচাৰি ফুৰিছে , খেলাধূলা কৰি আছে ৷ মুঠৰ ওপৰত দেশত একোৱেই যেন হোৱা নাই ৷ যিটো সময়ত কৰ’ণা ভাইৰাছে বিশ্বৰ আধুনিক চিকিৎসা ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিলে ৷ বিশ্বৰ উন্নত দেশ সমূহৰ চিকিৎসা ব্যৱস্থাও মহামাৰীক সম্পূৰ্ণভাৱে প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই । যি সময়ত বহুজন পিতৃহাৰা হৈছে , মাতৃহাৰা হৈছে , বহুজনে আপোনজনক হেৰুৱাইছে , তেনে সময়তে কৰণা ভাইৰাছৰ সৈতে গ্ৰাম্য সমাজৰ একাংশ লোকে যেন এতিয়াও ধেমালি কৰি আছে ৷ বহুলোকে বুজি পোৱা নাই দেশৰ অৰ্থনৈতিক ব্যৱস্থা ভাগি পৰা সত্বেও কিয় লকডাউনৰ দৰে পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিবলগীয়া হৈছে ৷ কিছুদিনৰ আগতে আমাৰ ঘৰলৈ গাঁৱৰ ওচৰৰে এজন আদহীয়া পাছলি বিক্ৰেতা আহিছিল ৷ তেওঁ মাস্ক পিন্ধা নাছিল আৰু লগত নাছিল চেনিটাইজাৰ ৷ বিক্ৰেতাজনক সাধাৰণে ভাৱে ক’লো যে যিহেতুকে তেওঁ গোটেই অঞ্চলটোত ঘৰে ঘৰে পাছলি বিক্ৰী কৰি ফুৰিছে ৷ গতিকে , তেওঁ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ মাস্ক পিন্ধি থকা উচিত ৷ লগতে এইটোৱো ক’লো যে , তেওঁক যদি কেনেবাকৈ পুলিছে পাই পাছলি বিক্ৰী কৰি তেওঁৰ যি লাভ হ’ব ৷ তাতকৈ বেছি জৰিমনা ভৰোতেই যাব ৷ তেওঁ ক’লে যে , তেওঁৰ জেপত মাস্ক আছে ৷ বিক্ৰেতাজন গ’ল গৈ ৷ কিন্তু পৰৱৰ্তী সময়ত মই কোৱা কথাটো বহুতক তেওঁ বেলেগভাৱে কৈ ফুৰিছে বুলি অৱগত হৈছোঁ আৰু এতিয়াও তেওঁ মাস্ক নিপিন্ধাকৈ বুকু ফিন্দাই ঘূৰি ফুৰিছি ৷ তেওঁ মোৰ বিষয়ে কাক কি কৈছে , সেইটো কথাত মই গুৰুত্ব দিয়া নাই ৷ কিন্তু মই যে , তেওঁৰ সুৰক্ষাৰ বাবেহে যে কথাটো কৈছিলোঁ , সেইটো তেওঁ বুজি নোপোৱাটো দুৰ্ভাগ্যজনক কথা ৷ গত বৰ্ষটো কৰণা সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে যোৰহাট নগৰৰ এটা গেছ এজেঞ্চিটো মানুহে ভিৰ কৰোঁতে মই ভিডিও কৰি মানুহৰ ভিৰ ভাঙিবলৈ যত্ন কৰিছিলোঁ ৷ এইবাৰ আহিছোঁ , অন্য এটা গুৰুত্বপূৰ্ণ কথালৈ ৷ গাঁৱৰে এজন ব্যক্তি অন্য এটা অঞ্চলত কাম কৰি আছিল গৈ ৷ কিন্তু তেওঁ ঘৰলৈ অহাৰ কিছুদিনৰ পিছতে তেওঁ একেলগে কাম কৰা কেইবাজনো ব্যক্তিৰ দেহত কভিড-১৯ ধৰা পৰে ৷ অথচ ব্যক্তিজনে কথাটো জানিও পৰীক্ষা কৰাটো দুৰৰে কথা ৷ কাকো নজনোৱাকৈ গাঁৱৰ বহু লোকৰ সৈতে সংস্পৰ্শ কৰি আছিল ৷ অৱশ্যে পৰৱৰ্তী সময়ত থানাৰ পৰা খবৰ অহাত তেওঁ পৰীক্ষা কৰিবলৈ বাধ্য হয় আৰু সৌভাগ্যক্ৰমে ফলাফল নিগেটিভ আহে ৷ কিন্তু এনে অৱস্থাত তেওঁ সতৰ্কতা অৱলম্বন কৰি অন্তত ঘৰতে সোমাই থাকিব লাগিছিল আৰু কথাটো জনাৰ লগে লগে পৰীক্ষা কৰোৱা উচিত আছিল ৷ সকলোৱে মনত ৰাখিব লাগে যে , নিজৰ অসচেতনতাই যাতে নিজৰ লগতে আন দহজনকো অনাকাংক্ষিত বিপদত নেপেলাই ৷ দেশৰ এই সংকটকালত প্ৰতিজনলোকে দায়িত্বশীল নাগৰিক হিচাপে নিজৰ লগতে আনকো বাছি থকাত সহায় কৰাটো অতি দৰকাৰী ৷ কিন্তু দুৰ্ভাগ্যজনক কথা হ’ল যে , আমাৰ সমাজত মানুহ শিক্ষিত হৈছে যদিও কিন্তু এতিয়াও বহুত মানুহৰ চিন্তা ধাৰা সলনি হোৱা নাই । গ্ৰামাঞ্চলৰ অন্য এটা দিশলৈ আহিছোঁ ৷ কিছু দিনৰ আগতে মোৰ চিনাকি দাদা এজনৰ দেউতাকৰ কভিড ১৯ ফলাফল পজিটিভ আহিছিল ৷ তেওঁৰ পৰিয়ালৰ লোকৰো পজিটিভ অহাত পৰিয়ালসহ তেওঁলোকক কন্টেইনমেন হোম কৰা হয় ৷ কিন্তু গাওঁবাসীয়ে তেওঁলোকক এনে আচৰণ কৰিব ধৰিলে যেন তেওঁলোকে এটা ডাঙৰ ভুলহে কৰিলে ৷ গাঁৱৰ একাংশই তেওঁলোকৰ ঘৰৰ মানুহক সমালোচনা কৰিবলৈ ধৰিলে ৷ বিভিন্ন নেতিবাচক মন্তব্য দিব ধৰিলে ৷ কিন্তু সেইয়া উচিত হয় ৷ এনে আচৰণে ৰোগাক্ৰান্ত মানুহক শাৰীৰিক অসুস্থতাতকৈ মানসিকভাৱেহে কষ্ট দিয়ে আৰু দুৰ্বল কৰি পেলাই৷লগতে গ্ৰাম্যাঞ্চলত উৰা বাতৰিৰ প্ৰভাৱেও বহু সময়ত ৰাইজক বিভ্ৰান্ত সৃষ্টি কৰি আহিছে ৷ মানুহক ৰোগৰ সৈতে যুঁজিবৰ বাবে মানসিক শক্তি লাগে ৷ আমি পৰাপক্ষত সকলোকে মানসিকভাৱে শক্তিশালী কৰাত উৎসাহিত কৰা উচিত ৷ এই ৰোগত আক্ৰান্ত সকলেও মনত ৰখা উচিত যে মনটো সবল কৰি তুলি ইতিবাচক চিন্তাৰেহে বহু সময়ত বহু ৰোগক পৰাভূত কৰিব পাৰি ৷ মানৱজাতিৰ বাবে কভিড-১৯ সংক্ৰমণো এখন যুঁজ ৷ এই যুঁজত আমি জয়ী হ’বলৈ হ’লে আমাৰ হাতত নিশ্চয় অস্ত্ৰ লাগিব ৷ এই অস্ত্ৰই হৈছে আমাৰ সজাগসচেতনতা আৰু মাক্স , চেনিটাইজাৰ , সঘনে হাত ধোৱা আৰু চৰকাৰী নিদেৰ্শনা সমূহ পালন কৰা ৷ অন্যথা এই যুঁজত আমি কেতিয়াও জয়ী হ’ব নোৱাৰিম ৷ আমি বিধ্বস্ত হৈ যাম ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here