ছিপাঝাৰৰ নিৰ্দয়তা

77

ছিপাঝাৰৰ নিৰ্দয়তা

জমিৰউদ্দিন তালুকদাৰ

প্ৰচণ্ড বৰষুণ , মূৰৰ ওপৰত চালি নাই ৷ পলিথিনৰ তিৰ্পালখনেই চাদ ৷ সেই তিৰ্পালখনৰ তলত শুইছে কেইটামান অবুজ শিশু ৷ এই দৃশ্য কিছুদিন পূৰ্বে চৰকাৰে উচ্ছেদ চলোৱা চিপাঝাৰৰ ধলপুৰৰ ৷ এই মৰ্মন্তুদ দৃশ্য দেখি যদি আপোনাৰ হৃদয় কঁপি উঠা নাই , তেন্তে আপুনি শিল ৷ তিৰ্পালৰ তলত শুই থকা শিশু কেইটাৰ কৰুণ মুখখনে আপোনাৰ বিবেকক দংশন কৰা নাই , তেন্তে আপুনি একৈশ শতিকাৰ প্ৰগতিশীল নাগৰিক নহয় ৷ আপুনি আফগানিস্তানত মহিলাৰ ওপৰত হোৱা বৰ্বৰতাৰ ওপৰত দীঘলীয়াকৈ লেকচাৰ দিছে , শিশু অধিকাৰৰ ওপৰত দীঘলীয়া বক্তৃতা দিছে আৰু ধলপুৰৰ মহিলা , শিশুৰ নিৰাপত্তা আৰু অধিকাৰৰ কথা কোৱা নাই , তেন্তে আপুনি একৈশ শতিকাৰ প্ৰগতিশীল নাগৰিক বুলি কৰা দাবী ভুৱা ৷
বাতৰি মতে,ছিপাঝাৰৰ ধলপুৰত চৰকাৰী উচ্ছেদ চলি আছে ৷ যোৱা ২০ ছেপ্টেম্বৰত চৰকাৰী হুকুম পালনৰ বাবে দৰং জিলা প্ৰশাসনে জেচিবি লগাই ধলপুৰ চাপৰিৰ প্ৰায় ৮০০ পৰিয়ালৰ ঘৰ-বাৰী ভাঙি তচনচ কৰিলে ৷ চৰকাৰী প্ৰয়োজনত উচ্ছেদ হওক ৷ কিন্তু উচ্ছেদিত নাগৰিকৰ পুনৰ সংস্থাপন অবিহনে চলোৱা সকলো ধৰণৰ উচ্ছেদ অমানৱীয় ৷ বিকল্প সংস্থাপন নকৰাকৈ ৰাতিটোৰ ভিতৰত মানুহক নিজৰ পজাটিৰ পৰা জোৰকৈ খেদি মৌলিক অধিকাৰ হৰণ কৰা হল ৷ অন্য অধিকাৰৰ কথা বাদেই দিলো ৷ উচ্ছেদৰ ফলত শিশুৰ অধিকাৰ , নাৰীৰ অধিকাৰ হৰণ হোৱা নাই নে ? তাত থকা শিশুবোৰ কি অৱস্থাত আছে ,সেই কথা শিশু অধিকাৰ আয়োগে খবৰ লৈছিল নে ? নাৰীসকলৰ বাবে চৰকাৰীভাৱে গঠিত নাৰী অধিকাৰ আয়োগৰ কথা নকলোৱেই ৷ মুটামুটি সকলো নীৰৱ দৰ্শক ৷ প্ৰতি বছৰ বান আৰু গৰাখহনীয়াত অসমত হেজাৰ হেজাৰ বিঘা ভূমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈত জাহ যায় ৷ নদীত জাহ যোৱা সকলৰ সংস্থাপন সেই মতে হয় নে ? খহনীয়াত জাহ যোৱা ঘৰ-বাৰী আৰু মাটিৰ পৰিমাণ আৰু সেই হিচাপত চৰকাৰী সংস্থাপনৰ তালিকাখন চালেই স্পষ্ট হব ৷ ধলপুৰৰ কাহিনী খুব মৰ্মান্তিক ৷ তাত থকা মানুহবোৰক খেদি তাতে চৰকাৰী পৃষ্ঠপোষকতাত কিবা কৃষি প্ৰকল্প কৰা হব ৷ কোনোবা এম এল এক দায়িত্ব দিয়া হৈছে ৷ এক মূৰৰ পৰা চৰকাৰী সম্পদ বিক্ৰীৰ দিনত মানুহ খেদি কৃষি প্ৰকল্প কৰাৰ কথা ব্ৰিলিয়ান্ট আইডিয়া ৷ চৰকাৰী চেনি কল বন্ধ , মৰাপাটৰ উদ্যোগৰ অৱস্থা তথৈবচ ৷ সাৰ কাৰখানাই কেলডোপ কেলডোপকৈ মৃত্যুৰ ক্ষণ গণিছে ৷ সেই সময়ত ৰাজ্যৰ কৃষি অৰ্থনীতিত অভূতপূৰ্ব যোগদান দিয়া ধলপুৰৰ কেইহাজাৰ খাটিখোৱাক অতি বৰ্বৰভাৱে খেদি দিয়া ঘটনা ইতিহাসৰ নিৰ্মম দস্তাৱেজত এক কলা অধ্যায় ৰূপে চিহ্নিত থাকিব ৷ এটা ধৰ্মৰ বাবে উপাসনাথলিৰ বাবে মাটি দিবলৈ মুখ্যমন্ত্ৰীয়ে চৰকাৰী খৰচত হেলিকপ্টাৰ লৈ ধলপুৰত যায় আৰু এটা ধৰ্মৰ উপাসনাথলি ধ্বংস কৰাৰ খবৰ বিৰাট আনন্দৰ সৈতে দিয়া মুখ্যমন্ত্ৰীৰ সেই ৰূপ ইতিহাসে বিবেচনা কৰিব ৷ ধলপুৰৰ মানুহ হওক বা ৰাজ্যৰ অন্য প্ৰান্তৰ উচ্ছেদিত মানুহ,সকলোৰে কাহিনী, সকলোৰে পীড়া একেই ৷ বিশ্বৰ ইতিহাসত দুৰ্বল মানুহৰো কাহিনী একেই ৷ সি আফগানিস্তানতেই হওক বা ভিয়েটনামেই হওক ৷ কোনো শাসকে যদি দুৰ্বল মানুহক চেপি ধৰি , দলিয়াই দি শাসন কৰিব বিচাৰে , ইতিহাসে সেই শাসককো নতুন নামেৰে চিনাক্ত কৰে ৷ সেয়া জাৰ্মানীৰ হিটলাৰ হওক বা আফগানিস্তানৰ তালিবান ৷ নাম একেই ৷ বৰ্বৰ !