নিৰ্বাচিত বিধায়কৰ পদত্যাগ আৰু উপ-নিৰ্বাচন

179

ৰাতুল বৰা , গোলাঘাট

২০২১ বৰ্ষৰ অসম নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত অসমৰ ৰাজনৈতিক ইতিহাসত বিভিন্ন ঘটনা ঘটিবলৈ আৰম্ভ হ’ল ।ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক নতুন চিন্তাৰে ৰাজ্য পৰিচালনা কৰিবলৈ আৰম্ভ কৰাৰ সময়তে এচাম বিৰোধী দলৰ বিধায়কৰ আচৰণে সমষ্টিবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীকে হতভম্ব কৰি তুলিছে । এই সকল বিধায়কৰ পদ ত্যাগ কৰা আৰু শাসকীয় ৰাজনৈতিক দলত যোগদান কৰাৰ লগে লগে সমষ্টি কেইটাত উপ-নিৰ্বাচন হোৱাটো নিশ্চিত হৈ পৰে । সংসদীয় ৰাজনীতিত উপ-নিৰ্বাচন হোৱাটো প্ৰয়োজনীয় । কোনো এটা নিৰ্দিষ্ট সমষ্টিৰ বিধায়ক গৰাকীৰ মৃত্যু হৈ আসন খালি হোৱা বা সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰি নিৰ্বাচিত হোৱা বা কেন্দ্ৰীয় মন্ত্ৰীসভাত যোগদান কৰিলে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা অৱশ্যম্ভাবী । অৱশ্যে কোনো নৈতিক কাৰণত এগৰাকী বিধায়কে পদত্যাগ কৰিলেও উপ-নিৰ্বাচন অনুষ্ঠিত হয় । কিন্তু সদ্যহতে ৰাজ্য খনত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো খাটাং হোৱা পাঁচটা সমষ্টিৰ ভিতৰত দুটা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কাৰণ অলপ ব্যতিক্ৰমী । হয়তো আৰু এনে সমষ্টিৰ সংখ্যা আৰু বাঢ়িবও পাৰে বুলি ইতিমধ্যে বিভিন্ন বাতৰিও ওলাই আছে । এই সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈকে ৰাজকোষৰ এক বৃহৎ অংকৰ ধন খৰচ হ’ব । জনসাধাৰণৰ ওপৰত পুনৰ এক বোজা আহি পৰিব । জনসাধাৰণে এই বোজা ববলৈ বাধ্য হ’ব লাগিব । কিন্তু কথা হ’ল যি কেইটা সমষ্টি অৰ্থাৎ মৰিয়নি আৰু থাওৰা সমষ্টিত অবাঞ্চিত কাৰণত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লগা হ’ল , সেই উপ নিৰ্বাচনত হ’ব লগা সমস্ত খৰচ জনসাধাৰণ অৰ্থাৎ ৰাজকোষৰ পৰা খৰচ কৰাটো আৱশ্যকীয় নে ? যদি পদত্যাগী বিধায়ক কেইগৰাকীয়ে পুনৰাই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে , তেন্তে উপ-নিৰ্বাচনত হ’ব লগা সমষ্ট খৰচ পদত্যাগ কৰি পুনৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী কেইগৰাকীয়ে বহন কৰিব লাগে । যিহেতু তেওঁলোকক চৰকাৰ বা জনসাধাৰণে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা নাই বা ৰাইজৰ দাবীত নৈতিক দায়িত্ব স্বীকাৰ কৰিও পদত্যাগ কৰা নাই । মাত্ৰ তেওঁলোকে তেওঁলোকৰ নিজস্ব অভিস্ত পুৰণৰ বাবেহে পদত্যাগ কৰিছে । গতিকে , সেয়া তেখেত সকলে বহন কৰাটো তেখেত সকলৰ নৈতিক দায়িত্ব বুলি অনুভৱ কৰিছোঁ । এই ক্ষেত্ৰত ৰাজ্যৰ নিৰ্বাচন আয়োগে এক আইন কৰি তেনে লোক সকলক বাধ্য কৰাব লাগে । এই বিষয়ত নিশ্চিত ব্যৱস্থা ন’ললে এনে স্বাৰ্থনেহি লোক সকলৰ বাবে সঘনাই উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ নামত ৰাইজে হাৰাশাস্তি ভোগাৰ লগতে ৰাজকোষৰ কোটি কোটি টকা ব্যয় হৈ থাকিব ।