উচ্ছেদ-সংস্থাপনৰ ইতিহাস আৰু চৰকাৰৰ দায়বদ্ধতা গৰুখুটি,লাইকা-দধীয়া,কাজিৰঙা আৰু আমচাং উচ্ছেদৰ প্ৰসংগৰে

48

উচ্ছেদ-সংস্থাপনৰ ইতিহাস আৰু চৰকাৰৰ দায়বদ্ধতা
গৰুখুটি,লাইকা-দধীয়া,কাজিৰঙা আৰু আমচাং উচ্ছেদৰ প্ৰসংগৰে
হৰিচৰণ পেগু ,8638485254

যোৱা কেইদিনমানত অসমৰ প্ৰচাৰ মাধ্যমবোৰত হটকেক হৈ থকা এটা বিষয় হৈছে দৰং জিলাস্থ চিপাঝাৰৰ গৰুখুটিত হৈ থকা উচ্ছেদ অভিযান।সিদিনা চৰকাৰী উচ্ছেদৰ বিৰোধিতাৰে হাজাৰ বিজাৰ উচ্ছেদিত জনতাৰ তীব্ৰ প্ৰতিবাদত গৰুখুটি অঞ্চল হৈ পৰে ৰক্তাক্ত । দুজনকৈ প্ৰতিবাদকাৰীৰ নিহত হোৱাৰ উপৰিও চৈধ্যজনকে অসম আৰক্ষীৰ বিষয়ববীয়াই আহত হয় । সেই লৈ চৰকাৰী আৰু বিৰোধী পক্ষৰ মাজত প্ৰচণ্ড বাক-বিতণ্ডা চলি থকাৰ সমান্তৰাল ভাৱে বহুতে ইয়াক ৰাজনৈতিক স্কৰৰ সুযোগ হিচাপেও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । তাৰ মাজত নিপীড়িত সকলৰ কান্দোন,চৰকাৰৰ আকোৰগোজ স্থিতি আৰু তৃতীয় শক্তিৰ অশুভ নিয়ন্ত্ৰণ আদিয়ে সমস্যাক আৰু অধিক জটিল কৰা পৰিলক্ষিত হৈছে।মই এই লেখাত কাৰ কি দোষ সেয়া খুচৰিবলৈ নাযাও , মাথো উচ্ছেদৰ সৈতে জড়িত আনুষংগিক কিছু কথাৰহে অৱতাৰণা কৰিম । অসমত বেদখলকাৰী আৰু চৰকাৰী পক্ষৰ মাজৰ ইতিহাস নতুন নহয় । সৌ তাহানিৰ দিনৰে পৰা ভূমি সংক্ৰান্তীয় বিবাদ আৰু বিবাদ নিস্পতিৰ বাবে শক্তি প্ৰয়োগ চলি আহিছে । ভূমি বন্দোৱস্তিৰ ইতিহাসলৈ যদি অকণমান সোঁৱৰি চাওঁ , তেন্তে আমি দেখা পাম যে , আমাৰ ৰাজ্যত ভূমি বন্দোৱস্তিত সংঘৰ্ষ মুঠেই নতুন নহয় ।

আহোমৰ দিনত ভূমিৰ বন্দোৱস্তিৰ বাবে জমিনদাৰী প্ৰথা আছিল । পৰৱৰ্তী সময়ত জমিনদাৰী প্ৰথাৰ অৱলুপ্তি ঘটাই ভূমি ব্যৱস্থাক ৰাজ্যিক নিয়ন্ত্ৰনাধীন আওতালৈ লৈ অহা হয় । একো একোজন ব্যক্তিয়ে পাইক প্ৰথাৰ অধীনত ২.৬৬ একৰ ভূমি লাভ কৰিছিল , যিটো সেই সময়ৰ এজন খেতিয়কৰ বাবে পৰ্যাপ্ত আছিল । কিছু কিছু ভূমি ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানবোৰলৈ অনুদান হিচাপে আগবঢ়াইছিল , যাক দেৱোত্তৰ বৰ্গত ৰখা হৈছিল । দেৱোত্তৰ বৰ্গৰ ভূমিৰ কোনো খাজনা নাছিল । লেখৰাজ বৰ্গত তেনে মাটিবোৰ গোসাঁই মহন্তৰ লগতে সত্ৰ নামঘৰ মন্দিৰ আদিলৈ ভূমিৰ হস্তান্তৰ কৰা হৈছিল । পৰৱৰ্তী সময়ত কিছু কিছু লেখৰাজ ভূমিক বিভিন্ন কাৰণত স্বত্ব বিলোপ কৰি খেৰাজী লেখৰাজ বৰ্গলৈ আনি উপান্ত কৃষক সকলৰ মাজত বিতৰণ কৰা হৈছিল ।

বৃটিচ সকল অসমলৈ অহাৰ পাছত সমগ্ৰ ভূমি স্বত্ব ৰাজ্যিক নিয়ন্ত্ৰণৰ আওতালৈ গুচি যায় । তেওঁলোকে পুৰ্বৰ পাইক বা কৰভি প্ৰথাৰে আৰ্জিত ভূমিৰ কৃষকৰ ভূমি অধিকাৰ খৰ্ব কৰি ভূমি ভোগৰ বাবে ধনৰ লেনদেন আৰম্ভ কৰে । বৃটিচ প্ৰশাসনে ভূমি বিতৰণ প্ৰথাত একচনা আৱন্টন ৰূপে আৰম্ভ কৰে । অৱশ্যে সামাজিক কাৰণত দেৱোত্তৰ বা লেখৰাজ বৰ্গৰ ভূমিবোৰক ৰাজ্যিক নিয়ন্ত্ৰণৰ পৰা বাহিৰতে ৰাখে । একচনা মাটিৰ দখলীস্বত্ব মাত্ৰ এটা বছৰৰ বাবেহে ধাৰ্য কৰিছিল । ম্যাদী পট্টাৰ ম্যাদ প্ৰথমে দহ বছৰ আৰু পাছলৈ বিশ বছৰলৈ বৃদ্ধি কৰা হৈছিল ।
বৃটিচ সকলে মাটিৰ স্বত্ব লাভ কৰাৰ পাছতে ১৮৩০ চনৰ পৰা অসমত চাহ খেতিৰ বিস্তাৰ আৰম্ভ হয় । বহু অব্যৱহৃত মাটি চাহ বাগানলৈ হস্তান্তৰ কৰা আৰম্ভ হ’ল । চাহ খেতিৰ বাবে তদানীন্তন অবিভক্ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা জাকে জাকে বনুৱা শ্ৰমিকৰ আমদানি আৰম্ভ হয়।তেওঁলোকৰ বাবে বৃটিচে নদীৰ পাৰৰ অব্যৱহৃত বৃহৎ বৃহৎ ভূ-খণ্ডবোৰক আৱন্টন দিয়ে । চাহ খেতিৰ বাবে অধিক মাটিৰ প্ৰয়োজন হোৱাত হাবি জংঘল আৰু স্থানীয় জনজাতি বসতি প্ৰধান অঞ্চলবোৰ বাগানৰ আওতালৈ হস্তান্তৰিত কৰে । ইয়াৰ পাছতে বংগ অৰণ্য আইনৰ আওতাত অসমৰ সকলো অৰণ্যৰ অধিকাৰ প্ৰত্যক্ষভাৱে ৰাজ্যিক কৰ্তৃপক্ষলৈ হস্তান্তৰিত হয় আৰু তেওঁলোকৰ ইচ্ছানুসাৰেই সংৰক্ষিত বনাঞ্চল আৰু তাৰ ভূমিৰ বন্দোৱস্তি আৰম্ভ হয় ।
বৃটিচ প্ৰশাসনে সংৰক্ষিত বনাঞ্চলৰ মাজেদি ৰেইলৱে পথৰ অনুমোদন দিয়া,বাগানৰ প্ৰসাৰণ অৰণ্যৰ মাজলৈকে বিস্তাৰিত কৰাত সহযোগিতা কৰা তথা ওচৰা-উচৰিকৈ থকা জনজাতীয় সম্প্ৰদায় সকলক অৰণ্যৰ মাজত মাছধৰা ,খৰিলুৰা , খেতি কৰা আদি কাৰ্যৰ অনুমোদন দিয়া আৰম্ভ কৰে। তেনেকৈয়ে বহু জনজাতীয় প্ৰধান অঞ্চলৰ হাবি জংঘল আৰু নৈ কাষৰীয়া অঞ্চলত খেতিৰ স্বাধীনতা প্ৰদান কৰি সংস্থাপিত কৰা আৰম্ভ কৰে । সংৰক্ষিত অৰণ্যৰ মাজত অৱস্থিত গাঁওবোৰক “বনভূমি ” বা “বনগাঁ‌ও” ৰূপে স্বীকৃতি দি জনজাতি সকলৰ বাসোপযোগী কৰি ৰাখে। ইয়াৰ পাছতে ভূমি ব্যৱস্থাত আন এক সংযোজন আৰম্ভ হয় । নৈ কাষৰীয়া অঞ্চল আৰু চৰ অঞ্চলৰ অব্যৱহৃত ও জৰীপবিহীন ভূমি (নৈৰ গতিৰ বাবে সঘনে হৈ থকা ভৌগোলিক পৰিৱৰ্তনৰ বাবে সেইবোৰ চৰাঞ্চল জৰীপ বিহীন বাবেই আৱন্টন কৰা হৈছিল) বোৰত বৃটিচ চৰকাৰে বাহিৰৰ পৰা আমদানি কৰা বনুৱা শ্ৰমিক শ্ৰেণীৰ মানুহবোৰক সংস্থাপন দিয়া আৰম্ভ কৰে । বিংশ শতিকাৰ আৰম্ভনিৰ সময়ত অসমত মৰাপাট উদ্যোগৰ সম্ভাৱনাপূৰ্ণ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃটিছে আকৌ পুৰ্ববংগীয় বহুলোকক অসমলৈ আদৰি আনে । যিহেতুহে অসমৰ মূলসুতিৰ মানুহবোৰে মৰাপাটৰ খেতি কৰিব নাজানিছিলে , যাৰ বাবে বৰ্তমান বাংলাদেশ তথা নেপাল আদিৰ পৰা খেতিয়কৰ আমদানি কৰিব লগাত পৰে । অধিক সংখ্যক পুৰ্ব বংগীয় মূলৰ শ্ৰমিক বোৰক নগাঁও,কাচাৰ আৰু দৰঙী অঞ্চলতেই সংস্থাপন দিয়া হয় । বৃটিচ ভূমি পলিচিৰ আওতাতে এনে বহুলোকে ঘৰ ভেটি লাভ কৰি অসমৰ স্থায়ী নাগৰিক হৈ পৰিল । আজিৰ প্ৰেক্ষাপটত সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধি যথেষ্ট উদ্ধেগজনক তাত দ্বিমত নাই ।
যিকি নহওক,বৃটিচ পলিচিৰ আওতাত অসমত ভূমিৰ স্থায়ী বন্দোৱস্তি লাভ কৰা জনজাতীয় মুলৰ একাংশ আৰু পুৰ্ববংগী মুলৰ একাংশই আজিও স্থায়ী ভূমিৰ বাবে মৰনপন সংগ্ৰাম কৰি আহিছে অথচ আজিও ভূ অধিকাৰৰ পৰা বঞ্চিত হৈয়েই আছে । বিশেষকৈ নৈ পৰীয়া বাসী এচাম মিচিং ভূমিপুত্ৰ আৰু চৰ অঞ্চলৰ নিবাসী একাংশ বংগভাষী মুছলীম । তাৰোপৰি অৰণ্যাঞ্চলৰ উপকণ্ঠত বসবাস কৰা বহুলোকৰ অৱস্থা এতিয়া পানীত হাঁ‌হ নচৰা । তাৰেই পৰিপ্ৰেক্ষিতত যোৱা দুটা বছৰত অসমত কেইবাটাও উল্লেখযোগ্য আন্দোলন প্ৰতিবাদ আদি গঢ়ি উঠিছে আৰু চৰকাৰে সাম দান দণ্ড ভেদ আদি নীতিৰ সহায়ত এই আন্দোলনবোৰক মষিমুৰ কৰি আহিছে । ভূমিৰ স্থায়ী বন্দোৱস্তিক লৈ একেৰাহে হৈ থকা প্ৰতিবাদ,আন্দোলন ও চৰকাৰী উচ্ছেদৰ কেইটামান জীয়া ছবি তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ‌ । লাইকা-দধীয়াৰ প্ৰসংগত কিছু কথাঃ ১৯৫০ চনৰ বিধংসী ভূমিকম্পই নদীৰ গতিক অস্থিৰ কৰি যি ভৌগোলিক অস্থিৰতাৰ সৃষ্টি কৰিলে , তাৰ ফলত বহু নৈপৰীয়া লোকৰ স্থায়ী ঠিকনা হেৰাই গ’ল । যাৰ বাবে সেইসকল ব্যক্তিয়ে ওচৰে-পাজৰে থকা উচ্ছ ভূমিৰ অৰণ্যাঞ্চলবোৰলৈ ঢাপলি মেলিবলৈ বাধ্য হয় । লাইকা-দধিয়া বনগাঁ‌ও দুখনৰ সাম্প্ৰতিক অৱস্থাৰ মূল কাৰণো সেয়াই । ১৯৫০ চনৰ ভূমিকম্পৰ ফলত বৃহত্তৰ কুলি, জেকু-জেলাম ,জোনাই-চিলাপথাৰ ,কাৰেং আদি অঞ্চলৰ নৈৰ পাৰত বসবাস কৰা মিচিং মানুহবোৰৰ ঘৰ-মাটি উছন হৈ পৰে । সেয়েহে সিহতৰ মাজৰ এচাম বানবিধস্ত পৰিয়ালে ১৯৫১ চনত বৰ্তমানৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী ডিব্ৰু নৈৰ মাজত আৰু কাষৰত লাইকা আৰু দধীয়া নামেৰে দুখন গাঁ‌ও স্থাপন কৰি বসবাস আৰম্ভ কৰে । সত্তৰৰ দশকলৈ এই বনগাঁ‌ও দুখনৰ ওপৰত চৰকাৰী কৃপাদৃষ্টি আছিল যাৰ ফলশ্ৰুতিত গাঁওদুখনে বিজুলী ,পানী , বিদ্যালয় , বাটপথ আৰু স্বাস্থ্যকেন্দ্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু পৰৱৰ্তী সময়ত ডিব্ৰু আৰু ছৈখোৱা সংৰক্ষিত অঞ্চলক একত্ৰিত কৰি অভয়াৰণ্যৰ প্ৰস্তাৱ অহাৰে পৰা সেই দুখন গাঁৱৰ জীৱনলৈ লাহে লাহে ধুমুহা নামিবলৈ ধৰে । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ঘোষনা হোৱাৰ পাছত চৰকাৰ তথা বন বিভাগৰ সৈতে গাঁওবাসীয়ে বিস্তৰ আলাপ আলোচনা কৰি উপযুক্ত সংস্থাপনৰ বিপৰীতে গাঁও খালী কৰাৰ আশ্বাস প্ৰদান কৰে । কিন্তু নব্বৈৰ দশকৰ পৰা সংস্থাপনৰ একো উৱাদিহ নাপাই দুয়োখন গাঁৱৰ ৰাইজ মৌন হৈ থাকিব লগা হ’ল । একৈশ দশকত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুয়োখন গাঁৱৰ সমুদায় সুবিধা কৰ্তন কৰি অতিশীঘ্ৰে গাঁও খালী কৰাৰ নিৰ্দেশ জাৰি কৰে । সেই কথাতে ক্ষোভিত হৈ গাঁৱৰ ৰাইজ পদপথলৈ ওলাই আহি আন্দোলনৰ পথত নামি পৰে । কিন্তু বিশ বছৰীয়া আন্দোলনৰ পাছতো স্থায়ী সমাধান নাপালে ৰাইজে । ভুক্তভোগী ৰাইজে চৰকাৰলৈ চৰম পত্ৰ প্ৰদান কৰি উনুকিয়ালে যে , স্থায়ী বন্দোৱস্তিৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত যাতে কোনো ধৰণৰ চৰকাৰী নীতি নিৰ্দেশনা নাহে । কিন্তু উদ্যান কৰ্তৃপক্ষ যেন নাচোৰবান্দা । আকৌ পঠিয়ালে উচ্ছেদৰ জাননী ।

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সেই অবিবেচক কাৰ্যই মুঠ বাৰশ পৰিয়ালযুক্ত দুয়োখন গাঁৱৰ ৰাইজক উত্তেজিত কৰি তোলে । বাৰে বাৰে গাঁওখনলৈ অহা এনে অবিবেচকী উচ্ছেদৰ জাননীত অতিষ্ঠ হৈ যোৱা বছৰ প্ৰচণ্ড শীতৰ মাজতে দুয়োখন গাঁৱৰ বাৰশ পৰিয়াল ৰাজপথলৈ ওলাই আহি আমৰণ ধৰ্মঘটত বহি পৰে । চৰকাৰে স্থায়ী বন্দোৱস্ত নকৰা পৰ্যন্ত তেওঁলোকে ধৰ্মঘটৰ পৰা স্থিতি সলনি নকৰাৰ দৃঢ়তাৰে ৰাজপথলৈ ওলাই অহা হাজাৰ হাজাৰ জনতাক প্ৰলোভন আৰু আশ্বাসেৰে এমাহৰ পাছত নিজ নিজ ঘৰলৈ উভতাই পঠাই । প্ৰচণ্ড শীতত চাৰিজনকৈ লোকৰ প্ৰাণহানি হোৱা আন্দোলনটোৰ আজিকোপতি কোনো সঠিক উত্তৰ ওলোৱা নাই । অৱশ্যে এই ভূ আন্দোলনটোত চৰকাৰী পক্ষৰ সদ্দিচ্ছা প্ৰকাশ পোৱাৰ পাছতো কিছু স্থানীয় লোকৰ বিৰোধিতাৰ বাবেই পুৰ্ণাংগ সংস্থাপন সম্ভৱ হৈ উঠা নাই বুলি এই লেখা প্ৰস্তুত কৰালৈ জানিব পাৰিছোঁ।

তেনেদৰেই পৰি আছে আমচাঙৰ অবৈধ বেদখলকাৰী বুলি কৰা উচ্ছেদৰ পাছৰ চৰকাৰী সংস্থাপন নীতিৰ কাৰ্যকাৰিতা । আমচাং সংৰক্ষিত বনাঞ্চৰ অন্তৰ্ভুক্ত অঞ্চল হিচাপে চিহ্নিত কৰি তাত বসবাস কৰি থকা বহু মিচিং মানুহৰ ঘৰ ভেটি উছন কৰা হ’ল । অৱশ্যে পৰৱৰ্তী সময়ত উচ্ছ ন্যায়ালয়ৰ হস্তক্ষেপত তথা চৰকাৰী সদ্দিচ্ছতাতে উচ্ছেদিত সকলক পুনৰ সেই একেটা অঞ্চলতে পুনৰ সংস্থাপন দিয়া হ’ল। একেদৰেই পুনৰ সংস্থাপিত কৰা হৈছে কাজিৰঙাৰ বেদখলকাৰী সকলকো । কাজিৰঙাৰ উপকণ্ঠত বসবাস কৰা সংখ্যালঘু সম্প্ৰদায়ৰ একাংশক চৰকাৰে অবৈধ বেদখলকাৰী বুলি উচ্ছেদ কৰা হৈছিল । এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা হৈছিল যি হিংসাত্মক পৰ্যায়লৈ অৱনতি ঘটিছিল আৰু প্ৰশাসন আৰু প্ৰতিবাদী গঞাৰ ৰক্তাক্ত সংগ্ৰামত এজন নিৰীহে প্ৰাণ দিব লগা হৈছিল । বহু কেইগৰাকী গঞাকে ধৰি প্ৰশাসনীয় বিষয়ববীয়াও আঘাতপ্ৰাপ্ত হৈছিল । অৱশ্যে কাজিৰঙাৰ উচ্ছেদিত লোকসকলকো কলিয়াৱৰ আৰু গোলাঘাটত আশে পাশে পুনৰ সংস্থাপিত কৰা হৈছে । পুনৰ এক ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৰং জিলাস্থ চিপাঝাৰৰ ধলপুৰ অঞ্চলত । ধলপুৰৰ গৰুখুটি নামে গাঁওখনত ৭৭০০০ বিঘা মাটিৰ উদ্ধাৰৰ বাবে প্ৰশাসনে বুলডজাৰ চলাই দিয়ে । অৱশ্যে গৰুখুটি অঞ্চলৰ উচ্ছেদৰ জাননী নতুন নহয় । কেবালানিও বৈঠকৰ পাছতে এই উচ্ছেদৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল । পিছে কোনো তৃতীয় শক্তিৰ (মুখ্যমন্ত্ৰীৰ ভাষ্যৰ আধাৰত) উচটনিত এনে হিংসাত্মক কাৰ্যকলাপ সংগঠিত হবলৈ পালে বুলি ধাৰণা কৰা হৈছে । দুজনকৈ নিৰীহৰ প্ৰাণ আহুতিৰে এয়াও আন এক ৰক্তাক্ত ইতিহাস হিচাপে স্থান লাভ কৰিব । এই আন্দোলন প্ৰতিবাদবোৰ একো নহয় , মাথো নিৰীহক বলিৰ পঠা সজোৱা নৰমেধ যজ্ঞৰ বাহিৰে আন একোৱেই নহয় ।

আমাৰ কামনা,এই ৰক্তাক্ত ঘটনাবোৰৰ পুনৰাবৃত্তি নহওক। আমি জানো যে , কোনো এটা ঘটনাই হঠাতে সৃষ্টি হোৱা নহয় । আমচাঙৰ উচ্ছেদো এদিনীয়া নাছিল,কাজিৰঙাৰ উচ্ছেদো এদিনীয়া নহয়। লাইকা-দধীয়াৰ কান্দোনো এদিনীয়া নহয় , তেনেকৈ গৰুখুটিৰ উচ্ছেদৰ কাহিনীও নিশ্চয় এদিনীয়া নহয়। গতিকে , পুৰ্বতে যদি আমি প্ৰশাসনৰ লগত সৌহাৰ্দ্যমুলক আলোচনাত বহিছোৱেই , তেন্তে প্ৰশাসনক প্ৰশাসনৰ কাম কৰিবলৈ এৰি দিয়াহে যুগুত । সেই দৃষ্টিৰে গহপুৰ সমষ্টিৰ ভিতৰুৱা কেইখন মিচিং গাঁৱৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংবৰ্ধন আচনিৰ আধাৰত বৰ তামুলী পঞ্চায়ৰ কেবাখনো চৰাঞ্চলৰ মিচিং গাঁও ৰাষ্ট্ৰীয় উদ্যানৰ আওতালৈ আহিছে । উদ্যান কৰ্তৃপক্ষই বাৰে বাৰে জাননী প্ৰেৰণ কৰি আছে , কিন্তু মানুহবোৰৰ নিজৰ বসতি স্থল এৰি আন ঠাইলৈ যাবলৈ মন কৰা নাই । গত পোন্ধৰ বছৰৰ পৰা সেই লৈ বহু সভা সমিতি হৈছে,বহু আলাপ আলোচনা হৈছে । ব্ৰহ্মপুত্ৰৰ বুকুত থকা সেইবোৰ অঞ্চল কাজিৰঙাৰ জীৱকুলৰ চৰণীয়া পথাৰ, জৈৱ কৰিড’ৰ । সেয়েহে সেই স্থানসমূহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল । আমাৰ মানুহবোৰেও জীৱকুলৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দিব বিচৰা সংস্থাপনৰ প্ৰপোজেল গ্ৰহণ কৰি অচিৰেই নিজৰ পন্থা গ্ৰহণ কৰিব লাগে । সেই সমূহ স্থানৰে বহু দূৰদৰ্শী ব্যক্তিয়ে লাহে লাহে চৰকাৰী দাৱীৰ নাৰ্যতা বুজি উঠিছে আৰু আন আন সুবিধাজনক ঠাইত সংস্থাপিত হৈছে ।

চৰকাৰে সদ্দিচ্ছা প্ৰকাশ কৰোতেই আমি সুবিধা গ্ৰহণ কৰি লব লাগে। অন্যথা কাইলৈ হয়তো আপোনালোকো দ্বিতীয় লাইকা-দধীয়াবাসী হৈ কান্দি ফুৰিব লগা হ’বগৈ পাৰে । গতিকে , আহক আমি পৰ্যাৱৰণ আৰু মানুহৰ নুন্যতম প্ৰয়োজন আদি সকলো দিশ চালিজাৰি চাই শ্ৰেষ্ঠখিনি আদৰি লও । তাৰ বাবে হয়তো আমি কিছু ত্যাগ কৰিব লাগিব,কিছু নতুনত্ব আকোৱালি লব লাগিব । তাৰ বাবে আমি কিছু মোহ এৰিবই লাগিব । এয়াই জীৱন । সংগ্ৰাম আৰু সমাযোজন ঘটাবলৈ থকা আমাৰ সক্ষমতাৰ বাবেইটো আমি শ্ৰেষ্ঠ মানৱ জীৱ হৈ আছো আৰু থাকিম । সেইক্ষেত্ৰত চৰকাৰৰ কৰণীয় অনেক কাম আছে । চৰাঞ্চল বা নৈ কাষৰীয়া অঞ্চলত থকা সকলো খিলঞ্জীয়াকে অচিৰেই ম্যাদী পট্টা প্ৰদানৰ ব্যৱস্থা কৰক । উপযুক্ত সংস্থাপনৰ ব্যৱস্থা নকৰা পৰ্যন্ত কাকো যেন উচ্ছেদ কৰা নহয় । উচ্ছেদৰ পাছত সংস্থাপন দিয়াতকৈ উচ্ছেদৰ আগতেই সংস্থাপন দিয়ক তাৰ পাছত উচ্ছেদ কৰক । আমাৰ একো কবলগীয়া নাই । আমি জনতাৰ হৈ প্ৰতিশ্ৰুতি দিছোঁ যে , উচ্ছেদৰ পুৰ্বেই সংস্থাপনৰ ব্যৱস্থা কৰিলে কোনোধৰণৰ ৰক্তাক্ত প্ৰতিবাদ অসমত নহয় । অসমত সকলো দিশতে শান্তি সম্প্ৰীতি আৰু মংগলময়তা কামনা কৰিলোঁ । জয় আই অসম ।