গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক , গ্ৰেপ্তাৰ তিনিজন

245

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ,৬আগষ্টঃ মুখ্যমন্ত্ৰী বিপ্লৱ দেবক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ত্ৰিপুৰাত গ্ৰেপ্তাৰ তিনিজন।ৰাতিৰ আন্ধাৰত গাড়ীৰে খুন্দিয়াই বিপ্লৱ দেবক হত্যাৰ চেষ্টা কৰা হয় বুলি অভিযোগ উত্থাপন হৈছে। অভিযুক্ত সকলৰ বিৰুদ্ধে একাধিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। বৃহস্পতিবাৰ ৰাতিৰ ঘটনা। খোজকাঢ়ি কাৰ্ফিউ পৰিদৰ্শনত ওলাইছিল বিপ্লৱে। লগত আছিল তেওঁৰ দেহৰক্ষী আৰু বিশাল পুলিচ বাহিনীও।সেই সময়তে আই জি এম চৌমুহনী অঞ্চলত বিপ্লৱক লক্ষ্য কৰি তীব্ৰ গতিত এখন গাড়ী আগুৱাই আহিবলৈ আৰম্ভ কৰে। আগৰতলা পুলিচে জনাইছে যে, তীব্ৰ গতিত গাড়ী অহা দেখি চিঞৰি উঠে দেহৰক্ষী আৰু লগে লগে জাপ মাৰি ৰাস্তাৰ ফুটপাতত উঠি কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰে বিপ্লৱ দেবে। ঘটনাৰ পাছত ৰাতিয়েই সেই অঞ্চলত অভিযান আৰম্ভ কৰে পুলিচে। তাতেই টি আৰ ০১ এ টি ০৩৫৬ নম্বৰপ্লেট থকা গাড়ীটো বিচাৰি পায় পুলিচে।তাৰে লগতে গৈৰিক সাহা,আমন সাহা আৰু সুভম সাহা নামৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে পুলিচে। ঘটনাটোৰ সময়ত গৈৰিক সাহাই গাড়ী চলাইছিল বুলি জনাইছে পুলিচে। অভিযুক্ত সকলৰ বিৰুদ্ধে ২৭৯,৩০৭,৩৩২,৪২৭আৰু ৩৫৩ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে আগৰতলা পুলিচে।