তীব্ৰ দুৰ্ভিক্ষৰ বিশ্বৰ ২৩ টা অঞ্চল বিশ্ব

156

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২ আগষ্টঃ ৰাষ্ট্ৰ সংঘই আশংকা প্ৰকাশ কৰিছে যে , পৃথিৱীৰ ২৩ টা অঞ্চল এতিয়া দুৰ্ভিক্ষৰ সন্মুখীন হবলৈ গৈ আছে । পৰৱৰ্তী তিনি মাহত এই অঞ্চলবোৰত গুৰুতৰ খাদ্য অভাৱে দেখা দিব । ৩০ জুলাইত প্ৰকাশিত এক প্ৰতিবেদনত ৰাষ্ট্ৰ সংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফ.এ.ও.) আৰু বিশ্ব খাদ্য কর্মসূচীয়ে (ডব্লিউ.এফ.পি.)এই আশঙ্কা প্ৰকাশ কৰিছে । অঞ্চলবোৰৰ ভিতৰত প্রথমতে আছে ইথিওপিয়াৰ যুদ্ধবিধ্বস্ত এলাকা , দক্ষিণ মাদাগাস্কাৰ , য়েমেন , দক্ষিণ চুদান আৰু উত্তৰ নাইজেৰিয়াৰ । দ্য ডনৰ প্ৰতিবেদন অনুসৰি , আগষ্টৰ পৰা নৱেম্বৰ লৈকে তিনি মাহত সেই অঞ্চলবোৰত গুৰুতৰ ভাবে খাদ্যাভাবে দেখা দিব । কোটি কোটি মানুহে অনাহাৰৰ মুখত পৰিব । অঞ্চলবোৰত দুৰ্ভিক্ষই এক ভয়ংকৰ ৰূপত অব্যাহত থাকিব পাৰে বুলি আশংকা কৰা হৈছে । প্ৰতিবেদন অনুসৰি , ইথিওপিয়াৰ যুদ্ধ বিধ্বস্ত অঞ্চলৰ বাসিন্দা সকলে অত্যাধিক খাদ্যাভাবৰ সন্মুখীন হৈছে । ক্ষুধাই অঞ্চলটোৰ বহুলোকৰ প্ৰাণ কাঢ়ি নিছে । যদি মানৱীয় সাহায্য দ্ৰুততাৰে প্ৰদান কৰা নহয় , এই অঞ্চলসমুহত মৃত্যুৰ সংখ্যা বাঢ়ি গৈ ৪ লাখ এক হাজাৰোৰ অধিক হ’ব , যি ২০১১ চনত চোমালিয়াত হোৱা মহামাৰীৰ মৃত্যুতকৈ অধিক । দক্ষিণ মাদাগাস্কাৰ হৈছে এনে এক অঞ্চল য’ত যোৱা ৪০ বছৰ ধৰি খৰাং চলি আছে । ইয়াত খাদ্যৰ মূল্য আকাশচুম্বী হৈছে , কিয়নো বহু বছৰ ধৰি ইয়াত কাকতী ফৰিঙে শস্য ধ্বংস কৰি আহিছে । আগন্তুক ছেপ্টেম্বৰৰ ভিতৰত এই অঞ্চলটোৰ প্ৰায় ১৪০০০ লোকৰ মৃত্যুৰ মুখলৈ আগবাঢ়ি যাব । যদি মানৱীয় সাহায্য সময়মতে প্ৰাপ্ত নহয় , তেন্তে বছৰটোৰ শেষত মৃত্যুৰ সংখ্যা দুগুণ হ’ব পাৰে । ৰাষ্ট্ৰ সংঘৰ এফ.এ.ও. আৰু ডব্লিউ.এফ.পি.কে ধৰি ষোল্লটা সংগঠনে যোৱা মে’ত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল । প্ৰতিবেদন অনুসৰি , ২০২০ চনত বিশ্বজুৰি ১৫.৫০ কোটি লোক তীব্ৰ ক্ষুধাত ভুগিছে । এই সংখ্যাটো ২০১৯ তকৈ ২ কৌটি অধিক । ইয়াৰ ভিতৰত এক লাখ ৩৩ হাজাৰ জন লোকে মৃত্যুৰ মুখত পৰিছে । দ্রুত খাদ্য সহায়তা প্ৰাপ্ত নকৰিলে এই সংখ্যা বৃদ্ধি হ’ব । প্ৰতিবেদন অনুসৰি , বিশ্বজুৰি ৪ কৌটি ১০ লাখ লোক এতিয়া অনাহাৰৰ মুখত । খাদ্য আৰু জীৱনোপকৰণৰ সহায় নাপালে তেওঁলোকৰ মৃত্যু হ’ব । ৰাষ্ট্ৰ সংঘই বিশ্বৰ ২৩ টা অঞ্চলত লোকসকলক তীব্ৰ ক্ষুধাৰ পৰা সুৰক্ষিত কৰিবলৈ উন্নত দেশসমূহক মানৱীয় সহায়ৰ আহ্বান জনাইছে । অন্যথা তেওঁলোকে ভয়ংকৰ মৃত্যুৰ সন্মুখীন হ’ব ।

কৃষি-সামাজিক | ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
কৃষি-সামাজিক | ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়