নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন

89

নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ২৩ আগষ্ট : নেহৰু যুৱ কেন্দ্ৰ সংগঠন, কামৰূপৰ মালিগাঁও স্থিত কাৰ্যালয়ত কালি ৰবিবাৰে এক আলোচ্য সভা ও ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন হয় । সভাখনৰ মূল উদ্দেশ্য আছিল- নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ স্বেচ্ছাসেৱক সকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠান আৰু ‘নেহৰু যুৱ কেন্দ্ৰ’ৰ উপ সঞ্চালক তাপছ কুমাৰ প্ৰামানিক দেৱৰ চৰকাৰী বিষয়া হিচাপত কেন্দ্ৰৰ লগত জড়িত হৈ কৰা কামৰ ওপৰত কৰা এক আলোকপাত কৰা । এই অনুষ্ঠানটিত নেহৰু যুৱ কেন্দ্ৰ চমুকৈ এন.ৱাই.কে ৰ প্ৰতিটো ব্লকৰ প্ৰতিগৰাকী স্বেচ্ছাসেৱক উপস্থিত থাকে। এন.ৱাই.কে ৰ স্বেচ্ছাসেৱক সকলৰ অভিজ্ঞতা, কাৰ্যাৱলীৰ বিৱৰণ সমূহ জনোৱাৰ লগতে সঞ্চালক গৰাকীয়ে নিজৰ কৰ্মজীৱনৰ দীঘলীয়া কাৰ্য্যসূচী আৰু তাৰ বৰ্ণনাৱলীও দাঙি ধৰে। তেখেতৰ কৰ্মজীৱনত হোৱা তেখেতৰ অভিজ্ঞতা আৰু সকলো কাম-কাজ, কিদৰে নেহৰু যুৱ কেন্দ্ৰ পৰিচালিত হৈছে, সেই আটাইবোৰ এখন আলোচনীৰ জৰিয়তেও প্ৰকাশ কৰা হৈছে। প্ৰকাশিত আলোচনী খনৰ নাম হ’ল, “আজিৰ প্ৰতিনিধি”। “আজিৰ প্ৰতিনিধি” নামৰ আলোচনী প্ৰকাশ কৰা সংগঠনটোৰ উপ সঞ্চালক তাপছ কুমাৰৰ ওপৰত লেখাটি খুবেই প্ৰশংসনীয় বুলি সভাত উপস্থিত সকলোৱে শ’লাগ লয়। উপ সঞ্চালক গৰাকীয়ে বৰ্তমান সময়ত স্বেচ্ছাসেৱক সকলৰ সৈতে জড়িত হৈ নেহৰু যুৱ কেন্দ্ৰৰ অধীনত সমাজৰ বাবে সমাজৰ কাৰণে অহৰহ নিঃস্বাৰ্থ ভাৱে কাম কৰি গৈছে। তেখেতৰ কামৰ নিদৰ্শন সুন্দৰকৈ পৰিচালিত হোৱা বাবে ইতিমধ্যে তেখেতে বহুত সন্মানৰ অধিকাৰীও হৈছে। ইয়াৰ লগতে প্ৰামানিক দেৱৰ নতুন কাম আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাই সকলোৰে মাজত তেওঁক অনন্য কৰি তুলিছে বুলি তেওঁৰ কাৰ্যালয়ৰ অন্যান্য কৰ্মকৰ্তা, তেওঁৰ সৈতে কাম কৰা লোক আৰু স্বেচ্ছাসেৱক সকলে জানিবলৈ দিছে।