মৰিগাঁৱত শিশু অপহৰণকাৰীৰ অভিযোগত চাৰিজনক আটককলৈ তীব্ৰ চাঞ্চল্য , অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

217
মৰিগাঁৱত শিশু অপহৰণকাৰীৰ অভিযোগত চাৰিজনক আটককলৈ তীব্ৰ চাঞ্চল্য , অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৬ আগষ্ট : মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খাটৰবড়িত আজি দিনদুপৰতে এগৰাকী ৯ বছৰীয়া শিশুক দুষ্ট চক্ৰই অপহৰণ কৰিবলৈ চেষ্টা চলোৱা খবৰে সমগ্ৰ জিলা খনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে , মৰিগাঁও জিলাৰ খাটৰবড়িত আজি সৰা চুলি বিচাৰি ফুৰা এটা তিনিজনীয়া দলে ফ্ৰেৰিয়ালাৰ ৰূপত এগৰাকী ৯ বছৰীয়া শিশুক পথৰ পৰা এখন ট্ৰে’ম্পুত উঠাই লৈ পলাবলৈ চেষ্টা চলাইছিল । শিশু গৰাকীয়ে ফ্ৰেৰিয়ালা কেইজনৰ এনে কাৰ্যত ভীতিগ্ৰস্থ লৈ কান্দি কাটি হুলস্থুল লগোৱাত স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰে ।  লগে লগেই স্থানীয় লোকসকলে ট্ৰে’ম্পু খন ৰখাই ট্ৰে’ম্পু চালককে ধৰি আন তিনিজন লোকক শিশু অপহৰণৰ লগত জড়িত অভিযোগত কৰায়ত্ত কৰি মৰিগাঁও আৰক্ষীক খবৰ দিয়ে । মৰিগাঁও আৰক্ষীয়ে তাৎক্ষনিকভাবে ঘটনাস্থলীত উপস্থিত হৈ উক্ত চাৰিজনকে আটক কৰি বৰ্তমান অধিক তথ্যৰ বাবে জেৰা অৱ্যাহত ৰাখিছে । ইপিনে , মৰিগাঁও চহৰৰ সমীপৱৰ্তী খাটৰবড়িত ফ্ৰেৰিয়ালাৰ ৰূপ ধৰি আজি দিনদুপৰতে শিশু অপহৰণ কৰা কাৰ্যক কেন্দ্ৰ কৰি মৰিগাঁৱত তীব্ৰ চাঞ্চল্যৰ লগতে অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।