হোজাইত আমছু দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট , দুজনক আটক

96

হোজাইত আমছু দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট , দুজনক আটক

দুৰ্নীতিৰ দৰ্পণ , বিশেষ সেৱা , ১১ আগষ্টঃ ৰাজ্যত দুভাগক বিভক্ত হৈছে সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন( আমছু) ৷ যোৱা কেইদিনমান পূৰ্বে আমছুৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশনত কেন্দ্ৰীয় সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল ইকবাল হুছেইনে ৷ ইকবালে আমছুৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা ৰাজ্যৰ জিলা সমূহত নতুন নতুন সমিতি বনাবলৈ আৰম্ভ কৰে ৷ তাৰে সমান্তৰালকৈ ইকবাল হুছেইনৰ নেতৃত্বত হোৱা হোজাই জিলা আমছুৱে বুধবাৰে হোজাই জিলাৰ কাকী আঞ্চলিক সমিতি গঠন কৰে ৷ সমিতি গঠন কৰাৰ পিছত ৰেজাউল কৰিম চৰকাৰ পন্থী আমছুৰ একাংশ সমৰ্থকে ইকবাল হুছেইনৰ সমৰ্থকক বাট-আগুচি বাহনত আক্ৰমণ কৰাত দুই ফৈদৰ মাজত ভয়ংকৰ মাৰ-পিটৰ ঘটনা সংগঠিত হয় ৷ ঘটনা স্থলীত লগে-লগে আৰক্ষী উপস্থিত হৈ ৰেজাউল কৰিম চৰকাৰ পন্থী আমছুৰ দুজনকৈ যুৱকক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ আটকাধীন যুৱকদ্বয় ক্ৰমে-হাচান আলী আৰু খলিলুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইকবাল হুছেইন নেতৃত্বাধীন হোজাই জিলা আমছুৰ সভাপতি আৰিফ উদ্দিনে আন কেইবাজন লোকক অভিযুক্ত কৰি কাকী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ কাকী আৰক্ষীয়ে অভিযুক্ত কেইজনক বিচাৰি তালাচী অব্যাহত ৰাখিছে যদিও বৰ্তমান লৈকে আচামী কেইজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷