ৰবি শস্যৰ এমএছপি বৃদ্ধিকলৈ মন্তব্য ৰাকেশ টিকাইটৰ , চৰকাৰৰ ঘোষণাক ‘ৰগৰ’ আখ্যা

92

ৰবি শস্যৰ এমএছপি বৃদ্ধিকলৈ মন্তব্য ৰাকেশ টিকাইটৰ , চৰকাৰৰ ঘোষণাক ‘ৰগৰ’ আখ্যা

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ৯ ছেপ্টেম্বৰ : তিনিখন কৃষি আইনৰ বিৰুদ্ধে এতিয়াও কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । কিন্তু ইয়াৰ মাজতে কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ৰবি বিপণন ঋতু ২০২২-২৩ ৰ বাবে ছয়টা ৰবি শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্য ঘোষণা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ পাছতে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কয় যে , ২০২২-২৩ বৰ্ষত ঘেঁহুৰ নিম্নতম সমৰ্থন মূল্য ১০০ শতাংশ বৃদ্ধিৰে ২০১৫ টকা হৈছে আৰু সৰিয়হৰ ৫০৫০ টকালৈ বৃদ্ধি হৈছে । বাৰ্লিৰ ক্ষেত্ৰতো ১৬৩৫ টকালৈ বৃদ্ধি হৈছে , বুটৰ ক্ষেত্ৰত ৫২৩০ টকা প্ৰতি কুইন্টল আৰু মচুৰ দাইলৰ ক্ষেত্ৰত ৫৫০০ টকা । মন্ত্ৰাগৰাকীৰ মতে , ২০২১-২২ বৰ্ষত সূৰ্যমুখী ফুলত এমএছপিৰ হাৰ আছিল ৫,৩২৭ আৰু এতিয়া ই ৫০ শতাংশ বৃদ্ধি পাইছে আৰু ৫,৪৪১ টকা হৈছে । উল্লেখ্য যে , এমএছপি হৈছে সেই হাৰ যি হাৰত চৰকাৰে কৃষকসকলৰ পৰা শস্য ক্ৰয় কৰে । চৰকাৰৰ এই ঘোষণাৰ পাছতে একাংশ কৃষক নেতা সৰৱ হৈ পৰা দেখা গৈছে । চৰকাৰৰ এই ঘোষণাক ‘ৰগৰ’ আখ্যা ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটৰ । ৰাকেশ টিকাইটে ৰবি শস্যৰ নিম্নতম সমৰ্থন মূল্য বৃদ্ধিক লৈ কেন্দ্ৰই কৰা দাবীক অস্বীকাৰ কৰে আৰু ইয়াক কৃষকসকলৰ ওপৰত কৰা এক ৰগৰ বুলি অভিহিত কৰে । টুইটযোগে চৰকাৰক সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে , যি হাৰত মূল্যবৃদ্ধি হৈছে , তাৰ তুলনাত কৃষকসকলৰ বাবে এমএছপি বৃদ্ধিৰ হাৰ বহুত কম । চৰকাৰে কি সূত্ৰ ব্যৱহাৰ কৰি এই ঘোষণা কৰিছে , তাৰ উত্তৰ বিচাৰিছে নেতাগৰাকীয়ে । আনকি ৬ টা ৰবি শস্যৰ মূল্যৰ তালিকা প্ৰকাশ কৰি এমএছপি সঁচাকৈয়ে বৃদ্ধি হৈছে নে বুলি চৰকাৰক প্ৰশ্ন কৰে নেতাগৰাকীয়ে । কৃষক নেতাৰ এনে সমালোচনাৰ পাছতে চৰকাৰক সমালোচনা কৰা সকলক উভতি ধৰে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে । তেওঁৰ মতে , নিম্নতম সমৰ্থন মূল্যকলৈ একাংশ লোকে ভুল তথ্য প্ৰচাৰ কৰি আছে । তেওঁ দাবী কৰা মতে , কৃষি আইন ৰূপায়ণৰ পাছত এমএছপি আৰু এমএছপিত শস্য ক্ৰয়ৰ হাৰ নিৰন্তৰ বৃদ্ধি পাইছে ।