কৰ্মযোগী , ডাক্তৰ কেশৱ বলীৰাম হেডগেৱাৰ

81

কৰ্মযোগী , ডাক্তৰ কেশৱ বলীৰাম হেডগেৱাৰ
✍️ প্ৰেম বৈষ্ণৱ , বিশ্বনাথ জিলা(বিহালী)

১৮৮৯ চনৰ ১ এপ্ৰিল তাৰিখ , বৰ্ষ প্ৰতিপদৰ দিনা , ভাৰতৰ নাগপুৰৰ দুখীয়া ব্ৰাহ্মণ পৰিয়ালত ডা: কেশৱ বলীৰাম হেডগেৱাৰ জীৰ জন্ম হৈছিল । আধুনিক ভাৰতৰ খনিকৰ ডাক্তৰ হেডগেৱাৰ জীৰ জীৱনৰ অন্যতম কৃতি হ’ল “ৰাষ্টীয় স্বয়ংসেৱক সংঘ”ৰ প্ৰতিষ্ঠা । মানুহৰ কৰ্মৰ দ্বাৰা নিজৰ জীৱনত যশস্যা লাভ কৰে আৰু মৃত্যুৰ পিছত তেওঁৰ যশস্যা ইতিহাসৰ পাতত লিপিবদ্ধ হয় । কিন্তু কেশৱ বলীৰাম হেডগেৱাৰ বৰ্তমান আৰু ভৱিষ্যতৰ লগতো সাঙোৰ খাই আছে । সেইবাবেই তেখেত জীৱিত কালতকৈ মৃত্যৰ পিছত অধিক প্ৰসিদ্ধি লাভ কৰিছে । আদৰ্শ ৰাষ্ট্ৰবাদ আৰু কৰ্মযোগক বাস্তৱ ৰূপ দিবলৈ তেখেতে যিখিনি কৰি গ’ল সম্ভৱত: তাক ভাৰতৰ ভৱিষ্যত উত্থানৰ বাবে পৰিকল্পনা বুলিয়েই ক’ব লাগিব । ৰাষ্ট্ৰৰ নৱ নিৰ্মাণ , নৱ সংগঠন , নৱ ৰচনাৰ বাবে তেখেতৰ যি আহ্বান , সেয়া আগতেও যিমান প্ৰাসঙ্গিক বৰ্তমানো সিমানেই প্ৰাসঙ্গিক আৰু ভৱিষ্যতলৈও উত্তৰোত্তৰ প্ৰভাৱী আৰু প্ৰাসঙ্গিক হৈ থাকিব । ডাক্তৰ কেশৱ বলীৰাম হেডগেৱাৰ জীৰ ল’ৰালি কালৰ অনেক ঘটনা মনোবৈজ্ঞানিক দৃষ্টিৰে বিশ্লেষণৰ বিষয় । প্ৰথম ঘটনা , তেতিয়া তেখেতৰ বয়স মাত্ৰ আঠ বছৰ ।

২২ জুন ১৮৯৭ চনৰ ঘটনা,বৃটেইনৰ মহাৰাণী ভিক্টোৰিয়াৰ ৰাজ্যৰোহণৰ ষাঠি বছৰ পূৰ্ণ হোৱা উপলক্ষে ভাৰতত উৎসৱ পালন কৰা হৈছিল । সেই বিশেষ দিনটোত উৎসৱৰ বাবে কেশৱল স্কুলতো মিঠাই বিতৰণ কৰা হৈছিল । লগৰ সমনীয়া সকলে বিনা দ্বিধাই মিঠাই খালে যদিও ডাক্তৰ কেশৱ বলীৰাম হেডগেৱাৰ জীয়ে মিঠাই মুখত নিদিয়াকৈ দলিয়াই পেলাই কৈছিল , “তেওঁ তো আমাৰ মাহাৰাণী নহয়”। দ্বিতীয় ঘটনা,১৯০১ চনৰ কথা,ইংলেণ্ডৰ ৰজা সপ্তম এডৱাৰ্ডৰ ৰাজ্যৰোহণৰ উপলক্ষে চৰকাৰৰ অনুগত ভক্ত সকলে নাগপুৰত আকৰ্ষণীয় আতচবাজিৰ আয়োজন কৰিছিল,কেশৱে তেওঁৰ বন্ধু সকলক এই আতচবাজি চোৱাৰ পৰা বিৰত ৰাখিছিল । তেওঁ বন্ধু বৰ্গক বুজাইছিল , “বিদেশী ৰজাৰ ৰাজ্যভিষেক উৎসৱ পালন কৰাটো আমাৰ বাবে অতি লাজৰ কথা ।

অসহযোগ আন্দোলন সমিতি , ডাক্তৰ হেডগেৱাৰ জীয়ে আগভাগ লৈ মাৰাঠী মধ্যপ্ৰান্তৰ ফালৰ পৰা এক অসহযোগ আন্দোলন সমিতি গঠন কৰিলে । ইয়াৰ উদ্দেশ্য আছিল কৰ্মকৰ্তা সকলক অসহযোগ আন্দোলনৰ বাবে বৌদ্ধিক,মানসিক আৰু শাৰিৰীক ভাবে প্ৰস্তুত কৰা । এই সমিতিৰ দ্বাৰা নিয়মিত ভাবে প্ৰশিক্ষণ বৰ্গৰ আয়োজন কৰা হৈছিল । প্ৰশিক্ষণ বৰ্গৰ লোৱা কৰ্মকৰ্তা সকলে থকা-খোৱাৰ খৰছ নিজেই বহন কৰিবলগীয়া হৈছিল । তথাপি ডাক্তৰ হেডগেৱাৰ জীৰ আহ্বানক্ৰমে শ শ যুৱকে সমিতিত নিজৰ নাম ভৰ্তি কৰিলে । নাগপুৰ অসহযোগ সমিতিয়ে ১১/১১/১৯২০ তাৰিখৰ পৰা এক সপ্তাহৰ বাবে “অসহযোগ সপ্তাহ” পালন কৰিলে । এই সময়ছোৱাত হেডগেৱাৰ জীয়ে ঠায়ে ঠায়ে সভাত ভাষণ দিয়ে। সভা সমূহত হেজাৰ হেজাৰ মানুহ একত্ৰিত হৈছিল। ১৯২১ চনৰ আৰম্ভণিৰে পৰা তেওঁ আগভাগ লোৱাত সভা , প্ৰদৰ্শন আৰু অসহযোগ কাৰ্যক্ৰমৰ সংখ্যা বহুত বাঢ়ি গৈছিল । নাগপুৰত মদ নিবাৰণি অভিযানক অসহযোগ কাৰ্যসূচীত প্ৰমুখতা দিয়া হৈছিল। ডাক্তৰ হেডগেৱাৰ জীৰ ওপৰত ১৯২১ চনৰ মে মাহত “ৰাজদ্ৰোহী” ভাষণ দিয়াক কেন্দ্র কৰি মকৰ্দমা চলোৱা হৈছিল ।

এই মাহতেই তেওঁ নাগপুৰৰ পৰা প্ৰান্তিয় কংগ্ৰেছ সমিতিৰ বাবে সদস্য নিৰ্বচিত হৈছিল । অসহযোগ আন্দোলন চলাকালীন নাগপুৰৰ পুৰণা প্ৰজন্মৰ স্বৰাজবাদী নেতৃত্বৰ ঠাইত ডাক্তৰ হেডগেৱাৰ , ডাক্তৰ চোলকৰ সমীমুল্লা খানৰ দৰে যুবা তুৰ্ক সকলৰ নেতৃত্ব আগবাঢ়ি আহিল । চোলকৰ আৰু খান সংসদীয় ৰাজনীতিক গতিবিধিৰ লগত যুক্ত থাকিলেও ডাক্তৰ হেডগেৱাৰ জীয়ে নিৰ্বাচনৰ ৰাজনীতিৰ পৰা নিজকে সম্পূর্ণ অলিপ্ত ৰাখিছিল । নাগপুৰৰ অসহযোগ আন্দোলনৰ অভূতপূৰ্ব সাফল্যই ব্ৰিটিছ প্ৰশাসনৰ চৰকাৰক ভালকৈ জোকাৰি দিলে । আন্দোলন দমন কৰিবলৈ চৰকাৰে লোৱা সকলো কুচক্ৰ অসফল হৈ থাকিল । ধাৰা ১৪৪,সভা-সমিতি,শোভাযাত্ৰা,ভাষণ আদিৰ ওপৰত প্ৰতিবন্ধ,আন্দোলনকাৰীৰ ওপৰত বলপ্ৰয়োগ আদি দমনকাৰী সকলো চেষ্টাৰ ফলত আন্দোলন দুৰ্বল হোৱাৰ ঠাইত ওলোটা অধিক সশক্ত হৈ থাকিল । শেষত চৰকাৰে আন্দোলনৰ নেতৃত্ব বহন কৰা সকলক “ৰাজদ্ৰোহ” মামলা ৰুজু কৰি তেওঁলোকক ধৰি ধৰি এজন এজনকৈ জেললৈ পঠোৱাৰ কাম আৰম্ভ কৰিলে । ইয়াৰ একমাত্ৰ লক্ষ্য উদ্দেশ্য আছিল আন্দোলনকাৰী সকলক ভীতিগ্ৰস্ত আৰু নেতৃত্ববিহীন কৰা । দেশভক্ত হেডগেৱাৰ জী , ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষ স্বতন্ত্ৰ কৰিবলৈ,যুৱপ্ৰজন্মৰ সহযোগত ঠায়ে ঠায়ে বহু সভাত ব্ৰিটিছৰ বিৰুদ্ধে ভাষণ দিছিল আৰু তাৰেই পৰিণাম স্বৰূপে ডাক্তৰ হেডগেৱাৰ জীক ১৯২১ চনৰ ১৯ আগষ্ট তাৰিখে প্ৰথম বাৰৰ ৰাজদ্ৰোহৰ অপৰাধত এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে । পৰম পূজ্য হেডগেৱাৰ জীক সশ্ৰম কাৰাদণ্ড বিহা আজি এশবছৰ সম্পূর্ণ হ’ল । আজিৰ এই দিনটোত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত ও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। জয় হিন্দ ॥