ডবকাত অসম কবি চক্ৰৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাঃ ৰফিক উদ্দিনৰ কবিতা পুথি ‘উপবন’ উন্মোচন

74
ডবকাত অসম কবি চক্ৰৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাঃ ৰফিক উদ্দিনৰ কবিতা পুথি ‘উপবন’ উন্মোচন
জমিৰউদ্দিন তালুকদাৰ, ডবকা , ২২ আগষ্টঃ অসম কবি চক্ৰৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি হোজাই জিলাৰ পূৱ জাৰুণী উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় ৷ বিয়লি তিনি বজাত অসম কবি চক্ৰৰ সভাপতি ড৹ হাছিনুচ চুলতানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে অসম কবি চক্ৰৰ সাধাৰণ সম্পাদক জমিৰ উদ্দিন তালুকদাৰে ৷ সভাখনত অসম কবি চক্ৰৰ পত্ৰিকা সম্পাদক ৰফিক উদ্দিনৰ তৃতীয়খন কাব্যগ্ৰন্থ ‘উপবন’ উন্মোচন কৰা হয় ৷ উন্মোচন কৰে ডঃ হাচিনুচ চুলতানে ৷ উন্মোচনী বক্তব্যত ডঃ চুলতানে কয়–ৰফিক উদ্দিৰ কবিতাত সমসাময়িক ঘটনাৰ এক মাৰ্মিক উপস্থাপন পোৱা যায় ৷ তেওঁৰ কবিতাত সমাজ ৰাজনীতিৰ লগতে কৃষক, নিপীড়িত মানুহৰ কৰুণ দস্তাৱেজ ফুটি বুলি উল্লেখ কৰে ডঃ চুলতানে ৷ এই উন্মোচনী সভাখনত উপস্থিত থাকে পূৱ জাৰুণী উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক গিয়াছ উদ্দিন লস্কৰ, অসম কবি চক্ৰৰ উপ সভাপতি মোজাম্মিল আলী, নীলবাগানস্থ জোনাকী নিউজ চেন্টাৰৰ স্বত্বাধিকাৰী মুজিবুৰ ৰহমান বৰভূঞা, কবি দিলোৱাৰ হুছেইন, শ্বাহিদুল হক চৌধুৰী, সাংবাদিক কফিল উদ্দিন বৰভূঞা, হাচিব উদ্দিন তালুকদাৰ, নুৰ আহমেদ, আইনৰ ছাত্ৰী ফৰমিন বেগম সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷ অসম কবি চক্ৰৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় ৷