নীলাঞ্জনা পাচনিৰ ভিন্ন স্বাদৰ গল্প সংকলন”অস্তিত্বৰ সন্ধানত”

124

নীলাঞ্জনা পাচনিৰ ভিন্ন স্বাদৰ গল্প সংকলন”অস্তিত্বৰ সন্ধানত”

মেৰী হাজৰিকা ফুকন

“নীলাঞ্জনা পাচনি” এই নামটো ফেচবুক জগতত বহু লোকৰে এটা পৰিচিত নাম । অসমীয়া সাহিত্য জগতত নিজৰ প্ৰতিভাৰে উজ্জ্বলি উঠা লেখিকা গৰাকী গল্প, উপন্যাস, প্ৰবন্ধ, কবিতা সকলোতে তেওঁ এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। ভ্ৰমণ কাহিনী আৰু ভৌতিক কাহিনীতো তেওঁৰ যথেষ্ট দখল আছে। তেওঁৰ বহুত লেখা অসমৰ আগশাৰীৰ আলোচনী আৰু বাতৰি কাকততো প্ৰকাশ পাই আহিছে। চলিত মাহৰ দহ তাৰিখে অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী দিগ্ দৰ্শন প্ৰকাশন গোষ্ঠীৰ সৌজন্যত যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত আয়োজিত হোৱা সাফল্যৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানত লেখিকাগৰাকীৰ “অস্তিত্বৰ সন্ধানত” নামেৰে বাইশটা গল্পৰ এখন গল্প সংকলন উন্মোচন হয়। প্ৰতিটো গল্পই ভিন্ন স্বাদৰ। চুটি গল্পত থাকিবলগীয়া বৈশিষ্ট্য সমূহ বিশেষকৈ উদিগ্নতাৰে পাঠকক বান্ধি ৰখাত গল্পকাৰ গৰাকী সফল হৈছে । “কুহুমবুলীয়া সপোনবোৰ” নামেৰে প্ৰথম গল্পটো নামাকৰণ কৰিছে । এই গল্পত এগৰাকী ধৈৰ্য্যশীল নাৰীৰ সাম্য-সৌম্য ভাৱ মূৰ্তি প্ৰকাশ পাইছে। এই ব্যক্তিত্বৰ বাবেই এদিন নাৰীগৰাকী সফল হৈছে। দ্বিতীয়টো গল্প “দুপৰীয়াৰ অতিথি” নামেৰে নামাকৰণ কৰিছে লেখিকাই। এই গল্পটোত আকৌ এগৰাকী স্বাৰ্থপৰ নাৰীৰ এখন ছবি ফুটি উঠিছে। যি গৰাকী নাৰীয়ে নিজৰ স্বাৰ্থৰ কাৰণে তৎমুহূৰ্ততে নিজৰ অস্তিত্ব সলাই দিব পাৰে। নাৰীযে ছলনাময়ী এই কথাষাৰ সত্য হিচাপে প্ৰমাণ কৰিছে এই নাৰী চৰিত্রই। তেওঁৰ তৃতীয় গল্প নামাকৰণ কৰিছে “জোনাক নামে বনত” নামেৰে। প্ৰকৃত প্ৰেমৰ যে কেতিয়াও মৃত্যু নহয়। প্ৰকৃত প্ৰেমত ভগৱান যে সদায় সহায়ক হয়,এই গল্প তাৰেই এক নিদৰ্শন। তাৰ উপৰিও এই গল্পত দুজন ভাই-ককাই মাজৰ যি আত্মীয়তা সেইয়া খুউব সুন্দৰকৈ প্ৰকাশ পাইছে। “প্ৰত্যয়” নামেৰে নামাকৰণ কৰিছে চতুৰ্থ গল্পটি। “প্ৰত্যয়” শব্দটোৱেই যেন বহু কথা কয়। এই গল্পটো পঢ়ি সেই নাৰী চৰিত্রৰ প্ৰতি স্বতস্ফুৰ্ত ভাৱেই এক সন্মানৰ ভাৱ জাগি উঠিব পাঠকৰ মনত।আজিৰ সমাজত এনে চৰিত্র সঁচাই বৰ দুৰুহ। মাক দেউতাকৰ একমাত্র সন্তান “স্মিতা”। সৰুকালৰে পৰা অধ্যয়নৰ প্ৰতি ৰাপ থকা আত্মবিশ্বাসী ছাত্রী গৰাকীয়ে এদিন নিজৰ ভৰিত নিজে ঠিয় হ’বলৈ সক্ষম হৈছে। দেউতাক এখন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আৰু মাক হৈছে ৰাজ্যচৰকাৰৰ উচ্চপদস্থ বিষয়া। সৰুৰে পৰাই কোনো বস্তুৰে অভাৱ নোপোৱা সন্তান সকলৰ দৰে নহয় স্মিতা।লাহ-বিলাহত কোনো দিন উটি যোৱা নাই। কেক কাটি নিজৰ জন্মদিন পালন কৰিবলৈ ভাল নোপোৱা স্মিতাই জনা হোৱাৰে পৰা নিজৰ জন্মদিন পালন কৰি আহিছে অনাথ আশ্ৰম আৰু বৃদ্ধা আশ্ৰমত।গল্পটোৰ শেষত লেখিকা গৰাকীয়ে স্মিতাৰ জৰিয়তে সমাজলৈ যি বাৰ্তা আগবঢ়ালে সেই সঁচাই শ্ৰদ্ধাৰ যোগ্য। আধ্যাত্মিক ভাৱ আৰু সু-সংস্কাৰ ভৰি থকা স্মিতাই স্নাতকোত্তৰ পৰীক্ষাত অৱৰ্তীণ হৈয়ো অন্য কোনো চাকৰিৰ পৰিবৰ্তে, এখন দিব্যাংগ বিদ্যালয়ত কণ-কণ ছাত্র ছাত্রীক নিজৰ সমস্ত শিক্ষা বিলাই দিবলৈ আগবাঢ়ি গৈছে পিতৃ-মাতৃৰ ভৰি চুই সেৱা কৰি । এনেদৰেই লেখিকা গৰাকীৰ প্ৰতিটো গল্পই একোটা ভিন্নস্বাদ দিবলৈ সক্ষম হৈছে পাঠক সমাজৰ মাজত। নীলাঞ্জনা পাচনিৰ সৃষ্টিয়ে অসমীয়া সাহিত্য জগতৰ ভঁৰাল চহকী কৰক আমি তাকেই কামনা কৰোঁ।