নৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ দৰে অপকাৰী দ্ৰব্যৰ ব্যৱহাৰৰ প্ৰৱণতা বৰ্তমানে কিয় বৃদ্ধি পাইছে?

120

নৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ দৰে অপকাৰী দ্ৰব্যৰ ব্যৱহাৰৰ প্ৰৱণতা বৰ্তমানে কিয় বৃদ্ধি পাইছে?

নন্দেশ্বৰ মিলি,নগাঁও,অসম

বৰ্তমান সময়ত যুৱ-প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতাৰ হাৰ তুলনামূলকভাৱে বৃদ্ধি পাইছে।দিনক দিনে বিভিন্ন পৰ্যায়ৰ অসমাজিক আৰু অনৈতিক ক্ৰিয়া-কলাপ জড়িত থকা যুৱপ্ৰজন্মৰ মাজত সঘনাই পৰিলক্ষিত হোৱা দেখা যায়।তেনেবোৰ ভিতৰত ড্ৰাগছ,মদ,ভাং,সেৱনৰ দৰে সমস্যা গুৰুতৰ সংখ্যাত বাঢ়ি আহিছে।যিবোৰে সমাজ আৰু দেশৰ বাবে উদ্বেগজনক বিষয় হৈ পৰিছে।

নৱপ্ৰজন্মৰ মাজত বিভিন্ন কাৰণত তেনেজাতীয় অপকাৰী বস্তুসমূহৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে। দয়া,ক্ষমা,মৰম-চেনেহ,বিশ্বাস আদিৰ দৰে গুণসমূহ বৰ্তমান সময়ত সমাজৰপৰা নাইকিয়া হ’বলৈ ধৰিছে।মানুহৰ মাজত বিভিন্ন হিংসা,অবিশ্বাস,বিশ্বাসঘাটকতাৰ দৰে কাৰ্যসমূহ ঘটিয়েই আছে।পৰিয়াল,আত্মীয়-স্বজনৰ মাজতো মৰম-চেনেহৰ দৰে সেউজীয়া গুণসমূহৰ অভাৱ ঘটিছে।কৰ্মব্যস্ততাৰ দোহাই দি মাক-দেউতাকে বা পৰিয়ালৰ অন্যান্য লোকেও নিজৰ ল’ৰা-ছোৱালী বা সন্তানৰ প্ৰতি যিমান সময় দিব লাগে বা আদৰ-যত্ন কৰিব লাগে তাক বৰ্তমান সময়ত অভাৱ ঘটা পৰিলক্ষিত হৈছে।ফলত ল’ৰা-ছোৱালীয়ে অবাটে যোৱাৰ সুযোগ পাইছে।কেতিয়াবা মাক-দেউতাকৰ বিবাহ-বিচ্ছেদ, সঘনাই হোৱা হাই-কাজিয়া,বেমাৰত সঘনাই ভুগি থকা মাক-দেউতাকৰ অৱস্থা আদিয়েও ঘৰখনত সুখ- শান্তি নাইকিয়া কৰে।ফলত তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে তেনেবোৰ ঘটনা-দুৰ্ঘটনাবোৰ পাহৰি পেলাবৰ বাবেও ড্ৰাগছ সেৱন কৰা কামত লিপ্ত হ’ব পাৰে।

বৰ্তমান সময় প্ৰতিযোগীতাৰ সময়।শিক্ষা-চাকৰি,ধন-দৌলত, মান-সন্মান,ক্ষমতা ইত্যাদি বিভিন্ন দিশতে মানুহে আনতকৈ আগুৱাই থাকিবলৈ প্ৰতিযোগীতাত লিপ্ত হোৱা দেখা যায়। মাক-দেউতাকে নিজৰ সন্তানৰ ৰুচি-অভিৰুচি,আগ্ৰহ, আশা আকাংক্ষা ,মনোভাৱৰ প্ৰতি গুৰুত্ব নিদি নিজে ভাল পোৱা বিষয়,শাখাত পঢ়িবলৈ জোৰ কৰে।আকৌ পৰীক্ষাত ভাল নম্বৰ আৰু আনতকৈ সৰ্বোত্তম নম্বৰ পাবলৈ হেঁচা দিয়া দেখা যায়।ফলত ল’ৰা-ছোৱালীয়ে মাক-দেউতাকে বিচৰা ফলাফল বা কাম কৰিব নোৱাৰাৰ বাবে গালি-গালাজ,তিৰস্কাৰ আদি পাবলগীয়া হয়।সেইবোৰ কাৰকেও যুৱপ্ৰজন্মক ড্ৰাগছৰ দৰে অপকাৰী দ্ৰৱ্য ব্যৱহাৰ কৰাত ইন্ধন যোগাব পাৰে।

বৰ্তমান সময়ত দেশত নিবনুৱা সমস্যাই ভয়াৱহ হাৰত বাঢ়ি আহিছে। অত্যাধিক জনসংখ্যা বৃদ্ধি,সীমিত নিয়োগৰ সুবিধা, আত্মনিয়োগৰ সুবিধা নথকা,সীমিত ভূমি ইত্যাদি বিভিন্ন কাৰণত দেশত নিবনুৱা হাৰ বৃদ্ধি পাইছে।দেশত উচ্চ শিক্ষা, ডিগ্ৰী-ডিপ্লমাৰে অলংকৃত বহু যোগ্য লোকে নিয়োগৰ সুবিধা নথকাৰ বাবে শিক্ষিত নিবনুৱা হিচাপে গঢ় লৈছে।ফলত তেওঁলোকে সমাজ,পৰিয়ালৰপৰা পোৱা তিক্ত লাঞ্ছনা-গঞ্জনা আৰু নিজৰ লক্ষ্য-উদ্দেশ্য ,আশা-আকাংখ্যা কলিতে মৰহি যোৱাৰ উপক্ৰম হোৱ‍ৰ বেদনাৰপৰা অকণমান মুক্তি পাবলৈ তেনেজাতীয় দ্ৰৱ্য সেৱনৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে।

বৰ্তমান সময়ৰ জীৱন-শৈলী সম্পূৰ্ণ সলনি হৈ গৈছে। পশ্চিমীয়া সংস্কৃতি আৰু আধুনিক জীৱন শৈলী গ্ৰহণৰ নামত বহুতে আমাৰ সমাজৰ বাবে অপসংস্কৃতিবোৰ আঁকোৱালি লৈছে।খোৱা-বোৱা,পিন্ধা-উৰা, চাল-চলন,ধ্যান-ধাৰণাত আদি সকলোতে সেইবোৰ পৰিস্ফুট হয়।দায়িত্বজ্ঞানহীন ,উশৃংখল জীৱন শৈলী বৰ্তমান সময়ত গঢ় লৈ উঠিছে। ড্ৰাগছ,মদ,ভাং আদি সেৱন কৰাটো কিছুৱে আনক অন্ধ অনুকৰণ কৰি আধুনিক লাইফ-ষ্টাইল বুলি ভাবি হয়তো গ্ৰহণ কৰিছে। নামী-দামী তাৰকা হিচাপে যাক সমাজে স্বীকৃতি দিয়ে তেওঁলোকৰ প্ৰায়সংখ্যকে তেনেজাতীয় বস্তু সেৱন কৰাত অভ্যস্ত বুলি আমি গম পাই থাকোঁ।গতিকে বৰ্তমান টিভি,কম্পিউটাৰ, ইন্টাৰনেট যুগত তেনেবোৰ ব্যক্তিক অনুকৰণৰ নামত যুৱপ্ৰজন্মৰ কিছু সংখ্যকে তেনেবোৰ অপকাৰী বস্তু সেৱন কৰিবলৈ আৰম্ভ কৰিছে।

আভিজাত্য পৰিয়ালৰ লোকৰ ধন,টকা-পইচাৰ অভাৱ নাথাকে। লাগ বুলিলেই দিব পৰা ক্ষমতা থকাৰ বাবে সকলো সময়তে তেওঁলোকে পইচা পানীৰ দৰে খৰচ কৰিব পাৰে। নিজৰ সন্তানৰ সুখ-আনন্দৰ নামত অধিক টকা-পইচা দি বিচৰা বস্তুকে ল’বলৈ সুযোগ প্ৰদান কৰে।ফলত তেওঁলোকৰ সন্তানে কোনো অভাৱ-অনাটৰ দু:খ-যন্ত্ৰণা আদি বুজি নাপায়। মাক-দেউতাকে নিজৰ সন্তানক দামী দামী গাড়ী-মটৰ,দামী উপহাৰ হিচাপে কম বয়সতে প্ৰদান কৰি অবাটে যোৱাৰ বীজবোৰ নিজ হাতে ৰোপণ কৰে।ফলত তেনে পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে স্ফূৰ্তি -আনন্দ কৰাৰ নামত বিভিন্ন অসামাজিক-অনৈতিক কামতো লিপ্ত হ’বলৈ কুণ্ঠাবোধ নকৰে।সেইবোৰ সন্তানে পিছলৈ নিজৰ পৰিয়ালৰ ধন,টকা-পইচা লৈ পাৰ্টি কৰাৰ নামত ড্ৰাগছৰ সেৱণ কৰাৰ দৰে কামত লিপ্ত হ’ব পাৰে।

বৰ্তমান যান্ত্ৰিকতাৰ যুগ।মানুহে অত্যাধিক ম’বাইল ফোন,কম্পিউটাৰ আদিৰ দৰে যান্ত্ৰিক বস্তুসমূহো ব্যৱহাৰ কৰে। তেনে বস্তুসমূহ ব্যৱহাৰ কৰাৰ ফলত মানুহে নিঃসংগতাৰ দৰে সমস্যাত ভুগে। যিসকলে তেনে জাতীয় বস্তুসমূহ অত্যাধিক ব্যৱহাৰ কৰে তেওঁলোকে পৰিয়াল,সমাজ,বন্ধু -বান্ধৱ আদিৰপৰা আঁতৰি অকলশৰে থাকি অভ্যস্ত হৈ যায়।পিছলৈ তেওঁলোকৰ মনত নিঃসঙ্গতাৰ অনুভৱ বাঢ়ি অহা পৰিলক্ষিত হয়।শেষত তেওঁলোকে নিঃসঙ্গতাৰপৰা পৰিত্রাণ পাবৰ বাবে ড্ৰাগছৰ দৰে অপকাৰী দ্ৰব্যসমূহ গ্ৰহণ কৰাত আগ্ৰহী হৈ উঠে।

বৰ্তমান মানুহবোৰ বিভিন্ন সমস্যাৰে আক্ৰান্ত। দুৰাৰোগ্য বেমাৰ,বেংকৰপৰা লোৱা ঋণ,মহামাৰীৰ প্ৰভাৱ,দৰিদ্ৰতা, প্ৰেম-বিচ্ছেদ, প্ৰাকৃতিক দুৰ্যোগে অনা কু-ফল,হীনমন্যতা, দুঃশ্চিন্তা,হতাশা আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। গতিকে তেনে সমস্যাসমূহৰপৰা পোৱা তিক্ত অভিজ্ঞতাসমূহ আঁতৰি বা পাহৰি থাকিবৰ বাবে ক্ষন্তেকীয়া সুখ বিচাৰিবলৈ যাওঁতে অন্যান্য অপকৰ্মৰ লগতে ড্ৰাগছৰ দৰে বস্তুসমূহ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব পাৰে।

মুঠতে ওপৰোক্ত কাৰকসমূহৰ বাদেও আৰু অন্যান্য বহুতো কাৰক আছে;যিবোৰে নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰাত সহায় কৰে।বিভিন্ন বেয়া সঙ্গী,বন্ধু-বান্ধবৰ প্ৰভাৱত আৰু কিছুমান সমাজবিৰোধী শক্তিসমূহেও নিজৰ ব্যৱসায় বঢ়োৱাৰ স্বাৰ্থত নৱপ্ৰজন্মসকলক তেনে ড্ৰাগছৰ দৰে বেয়া দ্ৰব্যসমূহ গ্ৰহণ কৰোৱাবলৈ টাৰ্গেট কৰি লয়।তেনেকৈও কিছুমানে ড্ৰাগছ সেৱনৰ প্ৰতি অভ্যস্ত হ’ব পাৰে।

ড্ৰাগছ দেশ বা সমাজৰ বাবে বৰ বিহস্বৰূপ।দেশৰ নৱপ্ৰজন্মসকল যদি এনেধৰণৰ বস্তুৰ প্ৰতি আকৰ্ষিত হয় ;তেন্তে সেই দেশ বা সমাজখন বিনাশ হ’বলৈ বেছিপৰ নালাগিব।গতিকে সময় থাকোতেই যুৱপ্ৰজন্মসকলক তেনে দ্ৰৱ্যসমূহ গ্ৰহণ কৰাৰপৰা আঁতৰাই ৰাখিবলৈ সকলোৱে সমিলমিলেৰে কাম কৰিব লাগিব।