প্ৰসংগ পৰীক্ষা : কথাবোৰ সঁচাকৈয়ে ইমান সহজ নে ?

114

প্ৰসংগ পৰীক্ষা : কথাবোৰ সঁচাকৈয়ে ইমান সহজ নে ?

@ গৌৰী প্ৰসাদ শৰ্মা, গৱেষক

বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত ঘোষণা কৰা হ’ল ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মানদণ্ড নিৰূপন কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফল । গৰুৱে পেপাৰ খোৱা বছৰতকৈও অকল্পনাতীত ভাৱে এইবাৰৰ উৰ্ত্তীৰ্ণৰ হাৰে চকু কপালত তুলিছে একাংশ শিক্ষাপ্ৰেমীৰ ৷ তথাপিও “নেপ’টিজিমৰ” আশীৰ্বাদপুষ্ট এইবাৰৰ ফলাফলে আমাৰ দৰে শিক্ষাৰ সৈতে জড়িত একাংশক ভাবিবলৈ বাধ্যকৰাইছে কথাবোৰ সঁচাকৈয়ে ইমান সহজ নে ? অভিলেখ সংখ্যক শিক্ষাৰ্থীৰ উৰ্ত্তীৰ্ণ হোৱা প্ৰসংগই প্ৰকৃতাৰ্থত আমাৰ শিক্ষাখণ্ডৰ জয়জয়কাৰ অৱস্থাক প্ৰতিনিধিত্ব কৰিছে নে বাৰু ? ব্যক্তিগত দৃষ্টিৰে, এইবাৰ উৰ্ত্তীৰ্ণ কোনো শিক্ষাৰ্থীকে কোনোধৰণৰ তাচ্ছিল্য নকৰাকৈ ঘোষিত ফলাফল চূড়ান্ত অদূৰদৰ্শী, বহুৱালি, একাংশৰ জীৱনকলৈ চৰকাৰে তৈয়াৰ কৰা মৰণফান্দ বুলি অভিহিত কৰিব পাৰোঁ ৷ কথাবোৰ উপাঙতে কোৱা কথা নহয় – আৱেগেৰে নাভাবি যুক্তিৰে, দকৈ গমিপিতি চালে তাৰ উত্তৰ হয়তো আপুনি-মই পাম ।

সকলোৱে জানে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শিক্ষাৰ্থীৰ জীৱনৰ অতিকে গুৰুত্বপূৰ্ণ পৰীক্ষা । কিয়নো এই দুয়োটা পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ শিক্ষাৰ্থীসকলে বিভিন্ন চাকৰিত নিয়োজিত হোৱাৰ সুবিধা লাভ কৰিব পাৰে ৷ এইবাৰ কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰু ৰাজ্যচৰকাৰৰ অদূৰদৰ্শীতাৰ বাবে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল ৷ পৰীক্ষা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰিব পৰা গ’লহেঁতেন যদিও ৰাজ্যচৰকাৰে সেই সময়ত নিৰ্বাচন অনুষ্ঠিত কৰি কৰ’না মহামাৰীক প্ৰত্যক্ষভাৱে জীয়াই ৰাখিলে । ৰাজ্যচৰকাৰে ভাৰতৰ নিৰ্বাচনী আয়োগক নিৰ্বাচন পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰিম বুলি পত্ৰ প্ৰেৰণ কৰা হ’লে কিজানি মেট্ৰিককলৈ উত্থাপন হোৱা বিতৰ্ক বা বাদানুবাদৰ সৃষ্টি নহ’লহেঁতেন ৷ এইয়া স্পষ্টভাৱেই চৰকাৰৰ এক দুৰ্বলতা ৷ তথাপিও চৰকাৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশেষজ্ঞ কমিটি গঠন কৰি পৰামৰ্শ ল’লে যদিও কাৰ্যতঃ সেইয়াও ফলপ্ৰসূ নহ’ল আৰু শেষত এক অদ্ভুত প্ৰক্ৰিয়াৰে ৰাজ্যৰ শিক্ষাবিভাগে ঘোষণা কৰিলে বহু আসোঁৱাহযুক্ত এক ফলাফল যাক আমি সমালোচনা কৰিছোঁ, সামাজিক মাধ্যমত ইয়াৰ বিৰুদ্ধাচৰণ কৰা দেখিছোঁ ৷
ব্যক্তিগত দৃষ্টিৰে আজিৰ তাৰিখত মেট্ৰিকৰ ফলাফল নিৰূপণ প্ৰসংগত নৱম শ্ৰেণীৰ নম্বৰ গ্ৰহণ একেবাৰে এটা নাভূত-নাশ্ৰুত ঘটনা । কিয়নো নৱম শ্ৰেণীত আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰা এজন শিক্ষাৰ্থীয়েও ভাল ফলাফল দেখুৱাব পাৰে, উদাহৰণ আমি নিজেই ৷ তথাপিও সুদীৰ্ঘ সময়ছোৱাত শিক্ষাৰ্থী-অভিভাৱকক তীব্ৰ মানসিক চাপত ৰাখি, এদেও দুদেও লোটা নিয়াৰ চেও কৰি থকা শিক্ষাবিভাগে আভ্যন্তৰীণ মূল্যায়নৰ মাধ্যমেৰে ফলাফলৰ চিন্তা কৰিছিল আৰু তাতো আমি চূড়ান্ত স্বজন-তোষণৰ নমুনা দেখিবলৈ পালোঁ ৷ এনেধৰণৰ স্বজনপ্ৰীতিৰ গইনালৈ এচাম শিক্ষকেও নিজৰ শিক্ষানুষ্ঠানৰ স্বকীয়তা অক্ষুণ্ণ ৰাখিবলৈ একাংশ অযোগ্য ছাত্ৰ-ছাত্ৰীকো উৰ্ত্তীৰ্ণ কৰোৱাৰ যি অঘোষিত প্ৰতিযোগিতাত নামি পৰিল সি স্বাভাৱিকতে নিন্দনীয় আৰু গৰিহণাৰ যোগ্য ৷
নিন্দনীয় হ’লেও এই নিন্দা চৰকাৰী চাকৰি লাভৰ বেলিকা উদ্ভাসিত নহয় ৷ চাকৰিৰ বেলিকা উদ্ভাসিত হ’ব প্ৰাপ্ত নম্বৰসমূহহে ৷ শিক্ষাৰ্থীৰ এইবাৰৰ চাৰ্টিফিকেটবোৰ দেখিলে চকুত ভোট জলকীয়াৰ গুটি সোমালে চকুহাল টৰটৰকৈ মেলি দিব লগীয়া হোৱাৰ দৰে হয় ৷ ৬০০ ৰ ভিতৰত ৫৯৯ নম্বৰ ! এইয়া প্ৰকৃততে সম্ভৱনে ? ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইবাৰৰ পৰীক্ষাই বিশেষ প্ৰভাৱ নেপেলিই বুলি উল্লেখ কৰিলে যদিও আমি মনত ৰখা ভাল যে, এতিয়াও চাকৰিৰ বেলিকা “কাষ্ট” চিষ্টেমৰ বাবে বহু শিক্ষাৰ্থী ইয়াৰ বলি হয়, চাকৰিৰ পৰা বঞ্চিত হ’ব লগীয়া হয় ৷ এইকথা অত্যন্ত ক্ষোভত কোৱা কথা ৷ বিগত সময়বোৰতো মেট্ৰিক হৈছে, ফলাফল উলাইছে, শিক্ষাৰ্থীয়ে ফুৰ্টি কৰিছে ৷ তাত আমাৰ ক’বলগীয়া একো নাছিল ৷ কিন্তু এইবাৰ কিয় আমি এই কথাবোৰ ক’বলৈ বাধ্য হৈছোঁ ৷ আমি শংকিত, ভয়াতুৰ নে চৰকাৰ বিৰোধী ! আমি তাৰে এটাও নহওঁ ৷
কিন্তু এইবাৰৰ বিসংগতিপূৰ্ণ, স্বজনতোষণযুক্ত মূল্যায়ন ব্যৱস্থাই মোৰ দৰে হয়তো বহুতকে কথাবোৰ ভাবিবলৈ বাধ্য কৰিছে ৷ কাষ্ট চিষ্টেমৰ বাবে জীয়াতু ভুগা, দহ-বাৰ বছৰ পূৰ্বে মেট্ৰিকৰ দেওনা পাৰ হোৱাসকলে যেতিয়া এটা চৰকাৰী চাকৰিৰ আশাত ভাগ্যক ধিয়াই এতিয়াও দিন অতিবাহিত কৰিছে সেইবোৰ শিক্ষাৰ্থীৰ বাবে এতিয়াৰ মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী উৰ্ত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকল হেঙাৰ নহয়নে ? তেতিয়াৰ সময়ত পোৱা নম্বৰ আৰু আজি চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবে ১০০ শতাংশই নম্বৰ পোৱা সকলৰ মাজত কিবা প্ৰতিযোগিতা হ’বনে ? যোগ্যতাৰ বলত নম্বৰ পোৱা সকলৰ সমান্তৰালভাৱে যদি দ্বিতীয়-তৃতীয় বিভাগ পাব লগা এজন শিক্ষাৰ্থীয়েও যদি ৮০-৯০% পাই তেন্তে অসম চৰকাৰ দেখোন বহুতৰ বাবে আলাউদ্দিনৰ চাকি ! এইবোৰ দেখি-বুজিও এচাম পথিকৃত আজিও কিয় নিমাত নুবুজোঁ ৷
আনহাতে, আমি নিজেই বৰ্তমান অসমীয়া বিষয়ৰ এজন গৱেষক ৷ কাহানিও অসমীয়া বিষয়টো যে এটা সহজ বিষয় তাৰ ধাৰণা মনলৈ অহা নাছিল ৷ কিন্তু বেচ কিছুবছৰৰ পৰীক্ষাৰ ফলাফলবোৰ দেখাৰ পিছত অসমীয়া (সহজ বাবেই অছমীয়া/অষমীয়া যদিও নাজানোঁ) বিষয়টো যে এটা অত্যন্ত সহজ বিষয় সেইয়া ধাৰণা কৰিছোঁ ৷ মেট্ৰিকত অসমীয়া বিষয়ত পোৱা নম্বৰ শুনিলে আমাৰ অৱস্থা “ফাট দিয়া বসুমতি পাতালে লুকাও” সদৃশ হয়, মূৰৰ ওপৰত আকাশখন ভাগি পৰে আৰু শুনোঁ “আহে সখী-সংগী আকাশে কি বাদ্য বাজত্‌” ! অসমীয়া বিষয়টো বাৰু এশ পাব পাৰিনে ? বিষয়ৰ কথা বৈয়াকৰণীক কথাবোৰ বাৰু বাদেই দিলোঁ যতি-চিহ্নৰ প্ৰয়োগো এনে নিখুঁত নে ? বহুতে অসমীয়া বিষয়ত সম্পূৰ্ণ নম্বৰ পালেও চোন অসমীয়া ভাষাটোকেলৈ নানান বিতৰ্ক, ওৰকে নপৰা আলাপ ! এইবোৰ দেখি-শুনি অসমীয়া বোলা বিষয়টোক তাচ্ছিল্য কৰা যেনহে বোধ হয় । তথাপিও এইয়া ইতিবাচক বুলিয়েই ধৰোঁ, কিজানিবা “ধেই অসমীয়াহে… কিনো আৰু টান” জাতীয় সংবিধানত থকা কথাবতৰাবোৰ নুশুনোৱেই ৷