বাল্য বিবাহ আৰু ইয়াৰ কুফল

97

বাল্য বিবাহ আৰু ইয়াৰ কুফল

হুছাইন আহমেদ তালুকদাৰ
ৰাজ্যিক সভাপতি (অসম)
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা

এখন উন্নয়নকামী , বিকশিত ৰাষ্ট্ৰ বা সুস্থ জাতি গঢ়ি তুলিবলৈ প্ৰয়োজন আছে সুস্থ আৰু শিক্ষিত নাগৰিকৰ ৷ সুস্থ আৰু শিক্ষিত নাগৰিকৰ কথা কলে আমাৰ মনলৈ আহে মাতৃৰ কথা,কাৰণ মাতৃয়েহে পাৰে তাইৰ শিশুক সুস্থ,শিক্ষিত আৰু বিকাশগামী নাগৰিক হিচাপে গঢ় দি তুলিবলৈ ৷ গতিকে , প্ৰতিগৰাকী মাতৃ শিক্ষিত হলেহে আমি বিকশিত ৰাষ্ট্ৰৰ আশা কৰিব পাৰোঁ ৷ পণ্ডিত “জৱাৰহৰ লাল নেহেৰুৱে” কৈছিল’ এজন পুৰুষক শিক্ষিত কৰা মানে এজন ব্যক্তিক শিক্ষিত কৰা। আনহাতে , এজনী নাৰীক শিক্ষিত কৰা মানে এখন সমাজ শিক্ষিত কৰা । প্ৰখ্যাত দাৰ্শনিক “নেপোলিয়নে” কৈছিল‘ এটা সুস্থ জাতি পাবলৈ প্ৰয়োজন এজন শিক্ষিত মাতৃ ৷ ডাঃ এ. পি.জে. আব্দুল কালামে” কৈছিল-‘ নাৰী শক্তিশালী হ’লে সুস্থ সমাজ এখন নিশ্চিত হয় ৷ কিন্তু আমাৰ অসমত এতিয়াও প্ৰায় অঞ্চলৰ নাৰীসকল শিক্ষাৰ পৰা বঞ্চিত , ইয়াৰ প্ৰধান কাৰণ হ’ল বাল্যবিবাহ ৷ আমাৰ অহা প্ৰজন্ম সুস্থভাৱে বাঢ়ি অহা আৰু সু-নাগৰিক হিচাপে গঢ়ি উঠাত বাল্যবিবাহ এক প্ৰাচীৰ হৈ আছে ৷ বিবাহ বুলিলে সাধাৰণতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন সমাজত এগৰাকী নাবালিকাক সাধাৰণতে ১৮ বছৰৰ তলৰ এজনী ছোৱালীক এজন প্ৰাপ্তবয়ষ্ক বা অ প্ৰাপ্তবয়ষ্ক পুৰুষলৈ বিয়া দিয়া হয় ৷ বৰ্তমান ভাৰতৰ ভিতৰত আমাৰ অসমত বাল্যবিবাহৰ প্ৰচলন অধিক৷ অসমৰ ভিতৰত চাহ বাগান আৰু চ’ৰ চাপৰিত বাল্য বিবাহ বেছিকৈ হোৱা দেখা যায় ৷ অসমৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় ২০ শতাংশতকৈ বেছি মানুহ চৰ-চাপৰিত বসবাস কৰে । এই মানুহখিনি দৰিদ্ৰতা আৰু উন্নত মানৰ শিক্ষাৰ অভাৱত সমাজত একাষৰীয়াকৈ থকাৰ দৰে থাকিবলৈ বাধ্য ৷ আধুনিক যুগত আজিও তেওঁলোক আদিম মানুহৰ দৰেই বসবাস কৰে ৷ অসমৰ চাহ বাগানত বাস কৰা চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতো ছোৱালীবোৰো শিক্ষাৰ ক্ষেত্ৰত পিছপৰা ৷ এনে শিক্ষাৰ দিশত একেবাৰে পিছপৰি থকা অঞ্চলত সামাজিক পৰম্পৰাবোৰো তেনেকুৱা ৷ আগতকৈ কিছুক্ষেত্ৰত দিনে দিনে পৰম্পৰাবোৰ কমি আহিছে ৷ আগতকৈ বাল্যবিবাহৰ হাৰো কমিছে ! তথাপিও সংগ্ৰহিত তথ্যমতে এতিয়াও ভাৰতৰ ভিতৰত অসমত বাল্য বিবাহৰ হাৰ ৩২ শতাংশতকৈয়ো বেছি । দৈনদিন টেলিভিশ্বন খবৰ , বাতৰি কাকতৰ খবৰ অনুযায়ী অসমৰ ধুবুৰী,বঙাইগাঁও,গোৱালপাৰা,বৰপেটা,চিৰাং, ধেমাজি, লখিমপুৰ, নগাও আৰু প্ৰায় চৰ অঞ্চল থকা আদি জিলাৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বাল্য বিবাহৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।উল্লেখিত জিলাকেইখনত ১৮ বছৰৰ তলৰ কন্যাসন্তান আৰু ২১ বছৰৰ তলৰ কিশোৰৰ বিবাহৰ হাৰ বেছি তেনেতে ৰাজ্যৰ বাবে উদ্বেগজনক হৈ পৰা বাল্য বিবাহৰ ঘটনা বৃদ্ধিৰ ফলত অকালতে মাতৃত্বৰ বোজা লোৱাৰ বাবে অপুষ্টিত ভোগা শিশুৰ হাৰ তথা প্ৰসৱজনিত মৃত্যুৰ হাৰো সমান্তৰালভাৱে বৃদ্ধি পাইছে ৷
বাল্যবিবাহৰ মূল কাৰণসমুহ : (ক) দৰিদ্ৰতা বাল্যবিবাহৰ মুল কাৰক বুলি কলেও ভুল কোৱা নহব৷ দৰিদ্ৰতাৰ বাবে অভিভাৱকে ছোৱালীক অসমৰ্থ উচ্চ শিক্ষা দিয়াত , তাতকৈ বিয়া দিয়াটোকে ঠিক বুলি ভাৱে ৷ আনফালে আৰ্থিক দুৰ্বলতাৰ বাবে কিছু দৰাঘৰে সুযোগ লয় ৷
২. শিক্ষাৰ প্ৰভাৱ নথকা অঞ্চলত বাল্যবিবাহ বেছিকৈ হোৱা দেখা যায় ৷ অভিভাৱকৰ নিৰক্ষৰতাই বাল্যবিবাহক সমৰ্থন কৰে ৷ ৩. চ’ৰ- চাপৰিত তথা ভিতৰুৱা গ্ৰাম্য অঞ্চলত স্কুল কলেজৰ অভাৱৰ বাবে শিক্ষাৰ প্ৰভাৱ পৰা দেখা নাযায় ৷ কিছু কিছু ঠাইত প্ৰায় ১০-২০ কি.মি.দূৰত যাবলগীয়া হয় যদিও আজি কালি স্কুলৰ দূৰত্ব হ্ৰাস পাইছে ৷ ৪. যাতায়ত ব্যৱস্থা দূৰ্বল,অসমৰ বেছিভাগ চ’ৰ চাপৰিত যাতায়ত ব্যৱস্থা সুচল নহয় ৷ কিছু কিছু চৰত খৰালি দিনত কমেও ৫-৭ কি.মি. খোজ কাঢ়ি যাব লগা হয় আৰু বাৰিষা দিনত ঘৰত আৱদ্ধ হৈ থাকিব লাগে বা নাওৰে যাত্ৰা কৰিব লাগে ৷ ৫. ছোৱালী (নাৰী) শিক্ষাৰ গুৰুত্ব কম ৷ ৬. ছোৱালী বিয়া দিবলৈ অভিভাৱকে জন্ম চাৰ্টিফিকেটত ছোৱালীৰ বয়স বঢ়াই লয় ৷ ইয়াৰ ফলত আইনি ব্যৱস্থা লৱলৈ অসুবিধা হয় ৷ ৭.অভিভাৱক বা ল’ৰা-ছোৱালায়ে বিবাহৰ প্ৰকৃত অৰ্থ নুবুজে, প্ৰেমৰ পাছত বয়সৰ ফালে চকু নিদি বিয়াই যে একমাত্ৰ লক্ষ্য হৈ পৰে । ৮. শিশু নিৰ্যাতন , শিশু ধৰ্ষণ,হত্যা আদি এইবোৰৰ পৰা ৰক্ষা পাবলৈ মান সন্মানৰ চিন্তাত বহুতেই ছোৱালীক সৰুতেই বিয়া দিবলৈ বাধ্য হৈ পৰে ৷
বাল্যবিবাহৰ কুফলঃ ১. বাল্যবিবাহে শিশু সকলৰ সকলো ধৰণৰ অধিকাৰ খৰ্ব কৰে ৷ ২.বাল্যবিবাহে লৰা আৰু ছোৱালী দুযোজনৰে মানসিক আৰু শাৰিৰীক দুয়োতে বিকৃত প্ৰভাৱ পেলায় ৷ ৩.বাল্যবিবাহ হোৱাৰ ফলত ছোৱালীবোৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হয় , যি দৰিদ্ৰতা বৃদ্ধিত সহায় কৰে ৷ ৪. বাল্যবিবাহ গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ মৃত্যুৰ প্ৰধান কাৰণ । ৫. বাল্য বিবাহৰ বাবে ছোৱালীজনী শাৰিৰীকভাৱে পৰিপক্ক হোৱাৰ আগতে গৰ্ভধাৰণ কৰাৰ বাবে শিশুটিৰ গঠন ভালকৈ নহয় বা ব্ৰেইনৰ বিকাশ নহয় , যাৰ বাবে বহু ক্ষেত্ৰত শিশু পংগু , মানসিক বিকাৰগ্ৰস্থ হোৱা দেখা যায় ৷ ৬. দৃিতীয় বিবাহ আৰু বিবাহ বিচ্ছদৰ আৰু সংসাৰত অশান্তিৰ মূল কাৰণ বুলিব পাৰো বাল্যবিবাহ ৷ ৯. বাল্যবিবাহে অকল লৰা ছোৱালীকে ক্ষতি নকৰে,ই সামাজ, জাতি তথা ৰাষ্ট্ৰৰ বাবে বহু ক্ষতিকাৰক ৷ সমাজ , জাতি আৰু ৰাষ্ট্ৰই শৈক্ষিক ,আৰ্থিক তথা বিকাশৰ দিশত পিছপৰি ৰয় । ১০. স্বামী, সংসাৰ, সম্পর্কে বুজি উঠাৰ আগতেই সংসাৰ আৰু সংসাৰৰ দায়িত্বভাৰ বোৱাৰীজনীৰ ওপৰত পৰে । শশুৰঘৰৰ চাপত পৰি সৃষ্টি হয় অশান্তি , পাৰিবাৰিক কণ্ডল ৷ ইয়াৰ ফলত আৰম্ভ হয় নির্যাতন । এই নিৰ্যাতনে প্রত্যক্ষ আৰু পৰোক্ষ ভাবে পৰিয়ালৰ সকলোৰে ওপৰত প্ৰভাৱ পেলায় ৷ বিশেষকৈ শিশুসকলোৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলায় ৷ শিশুসকল ভুগিবলগীয়া হয় নানা মানসিক অশান্তিত ৷ যি সিহঁতৰ বাবে অত্যান্ত ক্ষতিকাৰক ৷ ১১.বাল্য বিবাহৰ ফলত ছোৱালী কম বয়সত যৌনকাৰ্য্য আৰু শিশুৰ জন্ম দিয়াৰ ফলত HIV আৰু প্ৰসূতিজনিত বেমাৰৰ কাৰণ হৈ পৰে , যাৰ বাবে স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত হয় । মৰ্য্যদা , ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা , যৌন নিৰ্যাতনৰ বলি হয় ৷ সামাজিক বিচ্ছিন্নতাৰ চিকাৰ হয় । অসমত বহুতো চৰকাৰী- বেচৰকাৰী সংস্থা , সংগঠন বিলাকে বহু ঠাইত বাল্যবিবাহ বিৰোধী কাম কৰি আছে যদিও সেয়া অসমৰ কাৰণে পৰ্য্যপ্ত নহয় ৷ ভিতৰুৱা অঞ্চলবোৰত দেখা যায় অপৰাধ প্রৱনতাৰ ধাৰাবাহিকতা । কিছুমান ক্ষেত্ৰত দেখা যায় বাল্যবিবাহ ৰোধ কৰিবলৈ গলে অভিভাৱকৰ উৎপাতৰ মুখামুখি হ’ব লগা হয় দল সংগঠনবোৰ ৷ ইয়াৰ ওপৰিও জন্ম প্ৰমানপত্ৰত ছোৱালীৰ আচল জন্ম তাৰিখ বদলাই দিয়ে বাবে ছোৱালীজনীৰ বয়স কম হ’লেও আইনগতভাবে একো ব্যৱস্থা ল’ব পৰা নাযায় ৷ অৱশ্যে কিছুমান ক্ষেত্ৰত অভিভাৱকক দোষাৰোপ কৰি লাভ নাই ৷ আজিকালি প্ৰেম ,বিয়া এইবোৰ যেন একেবাৰে সহজলভ্য হৈ পৰিছে ৷ প্ৰেমো যেন বজাৰৰ পণ্য সামগ্ৰী ৷ ভাল লাগিল মানেই প্ৰেম হৈ গ’ল ৷ মনতে ভাবিলে প্ৰেম হ’ল যেতিয়া এতিয়া বিয়া লাগিলে বয়স হওঁক বা নহওঁক , কৰ্ম সংস্থাপন থাকক বা নাথাকক ৷ অভিভাৱকে নামানিলে পলাই যায় , তেতিয়া অভিভাৱক বাধ্য হয় বিয়াত সন্মতি দিবলৈ ৷ ইয়াৰ লগতে দিনে দিনে বাঢ়ি গৈ আছে যৌন নিৰ্যাতনৰ ঘটনা । সেয়েহ নিজৰ ছোৱালীজনীক ভালে ভালে সোনকালে বিয়া দিয়াটোৱে উচিত বুলি ভাবে ৷
বাল্যবিবাহ প্রতিৰোধৰ কিছুমান উপায় : (ক) বাল্য বিবাহ নিষিদ্ধ আইনটো বাস্তৱত ব্যাপক বাবে প্রচাৰ কৰিব লাগিব । ২.টেলিভিশ্বন আৰু সংবাদপত্রত বাল্য বিবাহৰ কুফল সম্পর্কে সমাজত আলোচনা কৰিব লাগে ৷ ৩. চাহ বাগানৰ লগতে ভিতৰুৱা অঞ্চল বা চ’ৰ চাপৰি সমূহত নানা ধৰণৰ সজাগতা সভা দিয়া উচিত , বিষেশকৈ নাৰীমেল আদি পাতিব লাগে ৷ (ঘ) সচেতন মহলে বাল্যবিবাহ প্রতিৰোধ কৰাৰ বাবে প্রশাসনৰ সহযোগিতা লোৱা উচিত ৷ ৪. আচল জন্ম প্ৰমানপত্ৰ নহলে কোনো বিবাহ যেন পঞ্জীয়ন নহয় , তাৰ ব্যৱস্থা কৰিব লাগে ৷ ৪. কম বয়সত বিয়া পঢ়োৱা কাজী আৰু ভুৱা জন্মপ্ৰমান পত্ৰ দিয়া ডক্টৰ বা নাৰ্চৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা উচিত ৷ ৫. প্রতিখন গাও বা পঞ্চায়তত বাল্যবিবাহ প্ৰতিৰোধ দল বা কমিটি গঠন কৰিব লাগে ৷ ৭. জনসচেতনতা বৃদ্ধিত চৰকাৰী তথা বেচৰকাৰী সংগঠন সমূহে উল্লেখযোগ্য অবদান আগবঢ়োৱা উচিত ৷ ৮. প্ৰতিটো অঞ্চলত কি কি কাৰণত বাল্যবিবাহ হৈ আছে , সেই কাৰণ সমূহ প্ৰথমে উলিয়াব লাগিব আৰু তাৰ ওপৰত সজাগতা সভাৰ জৰিয়তে বুজাব লাগিব । ৯. নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ ১০.নাৰীসকলোৰ মাজত স্বাস্থ্য সজাগতা বঢ়াব লাগিব । ১২. শিশুৰ সকলক মৌলিক অধিকাৰ সমূহ দিয়াৰ ব্যৱস্থা কৰিব লাগিব ৷ ১৩. নাৰী পুৰুষৰ মাজত অসমতা দূৰ কৰিব লাগে ৷ ১৪. যৌতুক ব্যৱস্থা নিৰ্মূল কৰিব লাগে ৷ যৌতুক বিৰোধী আইন ১৯৮০ বলবৎ কৰিব লাগিব ৷ প্ৰায়ে দেখা ছোৱালীৰ বয়স হ’লে যৌতুক বেছিকৈ দাবী কৰে ৷ গতিকে , কম বয়সতে বিয়া দিয়ে ৷ ১৯২৯ চনত ভাৰতীয় আইনৰ অধীনত ভাৰতত বাল্য বিবাহ নিষিদ্ধ কৰা হয় । ১৯৭৮ চনৰ পৰা বিবাহৰ ন্যূনতম ভাৰতীয় আইনগত বয়স মহিলাৰ ক্ষেত্ৰত ১৮ আৰু পুৰুষৰ ক্ষেত্ৰত ২১ বছৰ কৰা হয় ৷ তথাপিও এই একবিংশ শতিকাতো বাল্যবিবাহ নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই ৷ একবিংশ শতিকাৰ ভাৰতত তথ্যপ্রযুক্তিৰ প্ৰসাৰণে অনা পৰিৱৰ্তনৰ ফলত নাৰীয়ে পুৰুষৰ লগত সমানে খোজ মিলাই চলিছে বুলি কোৱা হয় , লগতে দেশৰ চুকে-কোণে নাৰী নির্যাতন বা যৌন নিৰ্যাতনৰ বিৰুদ্ধে প্রতিবাদৰ জনমত গঢ়ি উঠিছে যদিও আনহাতে গ্রাম্য সমাজত প্ৰচলন হৈ থকা বাল্য বিবাহৰ দৰে কুপ্ৰথাৰ ইমানো চর্চা নহয় । গতিকে , চৰকাৰ তথা প্ৰশাসনে এইবোৰ দায়িত্ব সহকাৰে ল’ব লাগে লগতে বেচকাৰী সংস্থাসমূহেও একগোট হৈ কাম কৰিব লাগে ৷ সমাজৰ প্ৰতিগৰাকী শিক্ষিত নাগৰিকে নিজৰ ওচৰ-চুবুৰীয়াত থকা অশিক্ষিত মানুহক সজাগ কৰি তুলিব লাগে বাল্য বিবাহৰ বিৰুদ্ধে ৷ উপযুক্ত বয়সত নাৰী পুৰুষৰ যুগ্ম জীৱনৰ পাতনি এটা পবিত্র বৈবাহিক বান্ধোন । ইয়াৰ বিপৰীতে বাল্য বিবাহ মানৱ অধিকাৰ ভংগকাৰী নিয়ম ,-এইবোৰ কথা লৰা ছোৱালীক বুজোৱাৰ যত্ন কৰা উচিত , তেতিয়াহে আমি সুস্থ, সুন্দৰ, শিক্ষিত আৰু বিকশিত ৰাষ্ট্ৰৰ আশা কৰিব পাৰিম ৷